
‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।
Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।গুজৰাটৰ নৱছাৰীত লাখপতি দিদিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
March 08th, 11:00 pm
আজি নাৰী দিৱসৰ দিনা আমি যি সন্মান লাভ কৰিছো তাক লৈ আমি অতিশয় সুখী অনুভৱ কৰিছোগুজৰাটৰ নৱছাৰীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাখপতি দিদিসকলৰ সৈতে মত বিনিময় কৰে
March 08th, 10:32 pm
নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নৱছাৰীত লাখপতি দিদীসকলৰ সৈতে আন্তৰিক বাৰ্তালাপত অংশ লয় আৰু নাৰী সৱলীকৰণৰ তাৎপৰ্য আৰু সমাজলৈ তেওঁলোকৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি বিশ্বই নাৰী দিৱস উদযাপন কৰাৰ বিপৰীতে আমাৰ পৰম্পৰা আৰু সংস্কৃতিত ইয়াৰ আৰম্ভণি হয় মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা, ‘মাতৃ দেৱো ভৱ’ৰ পৰা। আমাৰ বাবে বছৰৰ প্ৰতিটো দিনেই ‘মাতৃ দেৱো ভৱ’ বুলিও তেওঁ লগতে কয়।গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কামৰ উদ্বোধনীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 08th, 11:50 am
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল জী, নৱছাৰীৰ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী, কেন্দ্ৰীয় মন্ত্ৰী ভাই চি আৰ পেটেল, মঞ্চত উপস্থিত পঞ্চায়তৰ সদস্যগণ আৰু লাখপতি দিদিসকল, অন্যান্য জনপ্ৰতিনিধিগণ আৰু ইয়ালৈ যিসকল বৃহৎ সংখ্যাত আহিছে, বিশেষকৈ মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকল, আপোনালোক সকলোকে নমস্কাৰ!গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কাম আৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 08th, 11:45 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱছাৰীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠানত ভাষণ দি তেওঁ উপস্থিত বৃহৎ সংখ্যক মাতৃ, ভগ্নী, কন্যাসকলৰ পৰা পোৱা মৰম, মৰম আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ দেশৰ মহিলাসকললৈ উষ্ম অভিনন্দন জনায়। তেওঁ কয় যে মহাকুম্ভৰ সময়ত তেওঁ মা গংগাৰ আশীৰ্বাদ লাভ কৰিছিল যদিও আজি তেওঁ মাতৃশক্তিৰ মহাকুম্ভত উপস্থিত থাকি ধন্য অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত G-SAFAL (Gujarat Scheme for Antyodaya Families for Augmenting Livelihoods) আৰু G-MAITRI (Gujarat Mentorship and Acceleration of Inpiduals for Transforming Rural Income) নামৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিও গুজৰাটত আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও বিভিন্ন আঁচনিৰ ধন পোনপটীয়াকৈ মহিলাসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য কৃতিত্বৰ বাবে সকলোকে অভিনন্দন জনায়।‘বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 23rd, 06:11 pm
ভাইসকল, ভগৱান মাতংগেশ্বৰ ভগৱান কী জয় ব’লো, বাগেশ্বৰ ধাম কী জয়, জটাশংকৰ ধাম কী জয়, আপোনাসৱক মোৰ তৰফৰ পৰা দুই হাতযোৰ কৰি ৰাম-ৰাম জনাইছোঁ। অনুষ্ঠানটোত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, ‘জগত গুৰু’ পূজ্য ৰামভদ্ৰাচাৰ্য জী, ‘বাগেশ্বৰ ধাম’ৰ ‘পীঠাধীশ্বৰ’ শ্ৰীধীৰেন্দ্ৰ শাস্ত্ৰী জী, ‘সাধ্বী’ ৰীতাম্ভৰা জী, স্বামী চিদানন্দ সৰস্বতী, মহন্ত শ্ৰী বালক যোগেশ্বৰদাস জী, এই অঞ্চলৰ সাংসদ বিষ্ণুদেৱ শৰ্মা জী আৰু অন্যান্য বিশিষ্ট ব্যক্তি তথা প্ৰিয় ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে
February 23rd, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ গঢ়া গাঁৱত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। তেওঁ কয় যে ইমান কম সময়ৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বুণ্ডেলখণ্ডলৈ অহাটো তেওঁৰ সৌভাগ্য। তেওঁ কয় যে আধ্যাত্মিক কেন্দ্ৰ বাগেশ্বৰ ধাম অতি সোনকালে আৰোগ্য কেন্দ্ৰও হ’ব। তেওঁ কয় যে বাগেশ্বৰ ধাম মেডিকেল এণ্ড ছায়েন্স ৰিচাৰ্চ ইনষ্টিটিউট ১০ একৰ এলেকাত নিৰ্মাণ কৰা হ’ব আৰু প্ৰথম পৰ্যায়ত ১০০খন বিছনাযুক্ত সুবিধা সাজু হ’ব। তেওঁ এই সৎ কামৰ বাবে শ্ৰী ধীৰেন্দ্ৰ শাস্ত্ৰীক অভিনন্দন জনায় আৰু বুণ্ডেলখণ্ডৰ ৰাইজক শুভেচ্ছা জনায়।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 04th, 07:00 pm
সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 04th, 06:55 pm
লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত ৭১,০০০ ৰো অধিক নিযুক্তি পত্ৰ বিতৰণত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
December 23rd, 11:00 am
মোৰ কেবিনেটৰ সতীৰ্থবৃন্দ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, আৰু মোৰ ডেকা বন্ধু-বান্ধবীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০ তকৈও অধিক লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে
December 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰি আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিয়োগ সৃষ্টিত অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। ই যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু আত্মসৱলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰি শক্তিশালী কৰিব।Double-engine Governments at the Centre and state are becoming a symbol of good governance: PM in Jaipur
December 17th, 12:05 pm
PM Modi participated in the event ‘Ek Varsh-Parinaam Utkarsh’ to mark the completion of one year of the Rajasthan State Government. In his address, he congratulated the state government and the people of Rajasthan for a year marked by significant developmental strides. He emphasized the importance of transparency in governance, citing the Rajasthan government's success in job creation and tackling previous inefficiencies.PM Modi participates in ‘Ek Varsh-Parinaam Utkarsh’ Completion of one year of State Government Programme in Jaipur, Rajasthan
December 17th, 12:00 pm
PM Modi participated in the event ‘Ek Varsh-Parinaam Utkarsh’ to mark the completion of one year of the Rajasthan State Government. In his address, he congratulated the state government and the people of Rajasthan for a year marked by significant developmental strides. He emphasized the importance of transparency in governance, citing the Rajasthan government's success in job creation and tackling previous inefficiencies.হাৰিয়ানাৰ পানীপটত উন্নয়নমূলক কাম মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 09th, 05:54 pm
হাৰিয়ানাৰ ৰাজ্যপাল বান্দৰু দত্তত্ৰেয় জী, এই ৰাজ্যৰ কৰ্মপৰায়ণ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত নয়াব সিং জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সন্মানীয় সহকৰ্মী নিৰ্মলা সীতাৰমণ জী, আৰু ভূমিপুত্ৰ, সংসদৰ সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰত মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী; হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী শ্ৰী কৃষ্ণ পাল জী; শ্ৰুতি জী, আৰতি জী, সাংসদ, বিধায়ক, আৰু সমগ্ৰ দেশৰ বিভিন্ন এল আই চি কেন্দ্ৰৰ সৈতে জড়িত সকলো সহকৰ্মী, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এল আই চিৰ বীমা সখী যোজনাৰ শুভাৰম্ভ কৰে
December 09th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ পানীপটত নাৰী সৱলীকৰণ আৰু আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি জীৱন বীমা নিগমৰ ‘বিমা সখী যোজনা’ মুকলি কৰে।এই উপলক্ষে তেওঁ কৰ্ণালৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি ভাৰতে নাৰী সবলীকৰণৰ দিশত আন এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে আজি মাহৰ ৯ তাৰিখ হোৱাটো বিশেষ কাৰণ আমাৰ শাস্ত্ৰত ৯ নম্বৰটো শুভ বুলি গণ্য কৰা হয় আৰু ই নৱৰাত্ৰিৰ সময়ত পূজা কৰা নৱ দুৰ্গাৰ নটা ৰূপৰ সৈতে জড়িত হৈ আছে। তেওঁ মন্তব্য কৰে যে আজি নাৰী শক্তিৰো পূজাৰ দিৱস।The Mahayuti government is striving for the empowerment of every section of the society: PM to BJP Karyakartas, Maharashtra
November 16th, 11:48 am
As part of the ‘Mera Booth Sabse Mazboot’ program, Prime Minister Narendra Modi has directly interacted with BJP karyakartas in Maharashtra via the NaMo App. He said, “The people of Maharashtra are highly impressed with the two-and-a-half years of the Mahayuti government's tenure. Everywhere I have been, I have witnessed this affection. The people of Maharashtra want this government to continue for the next five years.”