ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ কিয় উজ্বলি উঠিছে, যিটো পূৰ্বতে কেতিয়াও হোৱা নাছিল-মোদী যুগৰ বেংকিং সফলতাৰ কাহিনী
December 18th, 07:36 pm
মোদী যুগক ইয়াৰ পূৰ্বৰ যুগসমূহৰ পৰা পৃথক কৰা এক প্ৰতিযোগিতামূলক সুবিধা হ’ল এই যে ই কেৱল সফল নীতিসমূহ বৰ্তাই ৰখাই নহয়, সঠিক সময়ত জাতীয় স্বাৰ্থৰ বাবে সেইবোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে।ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 09th, 11:00 am
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 09th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।৯ ডিচেম্বৰত ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
December 08th, 09:46 am
অহা ৯ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব। তেওঁৰ প্ৰথম ভ্ৰমণৰ স্থান জয়পুৰ হ’ব, য’ত প্ৰায় ১০:৩০ বজাত তেওঁ জয়পুৰ প্ৰদৰ্শনী আৰু অধিৱেশন কেন্দ্ৰ (জেইচিচি)ত ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ উদ্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে পানীপটলৈ যাত্ৰা কৰিব, য’ত প্ৰায় ২:০০ বজাত তেওঁ এল আই চিৰ বীমা সখী যোজনা শুভাৰম্ভ কৰিব আৰু মহাৰানা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰিব।‘ৰোজগাৰ মেলা’ৰ মাধ্যমেৰে ৫১,০০০+ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 29th, 11:00 am
আজি হৈছে ‘ধনতেৰছ’ৰ পবিত্ৰ উৎসৱ। ‘ধনতেৰছ’ উপলক্ষে সকলো দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ। দুদিনৰ পিছত আমি সকলোৱে ‘দীপাৱলী’ উৎসৱ উদযাপন কৰিম। আৰু এই বছৰৰ দেৱালী অতিকে বিশেষ হ’ব, বাৰুকৈয়ে বিশেষ হ’ব। আপোনালোকে জানে যে দেৱালী প্ৰতিবাৰেই আহে, তেন্তে এইবাৰনো একেটা উত্সৱেই কিয় বিশেষ হৈ উঠিছে, বিশেষ হোৱাৰ কাৰণ মই আপোনালোকক ক'ম। ৫০০ বছৰৰ পিছত ভগৱান শ্ৰী ৰাম তেওঁৰ অযোধ্যাৰ বিশাল মন্দিৰত উপৱিষ্ট হৈছেহি। আৰু ভব্য মন্দিৰত উপৱিষ্ট হোৱাৰ পিছত এইটো হৈছে প্ৰথমটো দীপাৱলী, আৰু এনে এটা দীপাৱলীৰ বাবে অপেক্ষা কৰি কৰিয়েই বহু প্ৰজন্মই জীৱনপাত কৰিছিল, লাখ লাখ লোকে বলিদান দিছিল আৰু যাতনা ভূগিবলগীয়া হৈছিল। আমি সকলোৱেই বহুত সৌভাগ্যশালী কিয়নো আমি ইমান বিশেষ, অন্যন্য, বিশাল দীপাৱলী প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছোঁ। এই উৎসৱৰ পৰিৱেশত... আজি এই শুভ দিনত... ‘নিযুক্তি মেলা’ত ৫১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ দিয়া হৈছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।PM Narendra Modi addresses Rozgar Mela
October 29th, 10:30 am
PM Modi addressed the Rozgar Mela and distributed more than 51,000 appointment letters to newly appointed youth in Government departments and organizations. Citing the Pradhan Mantri Internship Yojana, PM Modi said provisions are made for paid internships in the top 500 companies of India, where every intern would be given Rs 5,000 per month for one year. He added the Government’s target is to ensure one crore youth get internship opportunities in the next 5 years.চি-২৯৫ এয়াৰক্ৰাফ্ট ফেক্টৰীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 28th, 10:45 am
মহামহিম পেড্ৰ’ ছানচেজ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, স্পেইন আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীগণ, এয়াৰবাছ আৰু টাটা টিমৰ সকলো বন্ধু, দেৱী আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে গুজৰাটৰ বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে যুটীয়াভাৱে টাটা বিমান কমপ্লেক্স উদ্বোধন কৰে
October 28th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে আজি গুজৰাটৰ বদোদৰাস্থিত টাটা এডভান্সড চিষ্টেম লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা বিমান কমপ্লেক্সযুটীয়াভাৱে উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰোঅভিজ্ঞতা লয়।যুটীয়া বিবৃতিঃ সপ্তম ভাৰত-জাৰ্মান আন্তঃচৰকাৰী আলোচনা (আইডিচি)
October 25th, 08:28 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ অ’লাফ শ্বোলজে ২০২৪ চনৰ ২৫ অক্টোবৰত নতুন দিল্লীত ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনা (সপ্তম আইজিচি)ৰ সপ্তম ৰাউণ্ডৰ সহ-অধ্যক্ষতা কৰে। প্ৰতিনিধি দলটোত ভাৰতৰ হৈ প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, বাণিজ্য আৰু উদ্যোগ, শ্ৰম আৰু নিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি (ৰাজ্যিক) আৰু দক্ষতা বিকাশ (ৰাজ্যিক) মন্ত্ৰী আৰু অৰ্থনৈতিক পৰিক্ৰমা আৰু জলবায়ু কাৰ্য্য, বৈদেশিক পৰিক্ৰমা, শ্ৰম আৰু সামাজিক পৰিক্ৰমা মন্ত্ৰীসকল উপস্থিত থাকে আৰু জাৰ্মান পক্ষৰ পৰা শিক্ষা আৰু গৱেষণাৰ লগতে বিত্ত বিভাগৰ সংসদীয় ৰাজ্যিক সচিব; পৰিৱেশ, প্ৰকৃতি সংৰক্ষণ, পাৰমাণৱিক সুৰক্ষা আৰু গ্ৰাহক সুৰক্ষা; আৰু জাৰ্মানীৰ হৈ অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ লগতে দুয়োপক্ষৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 21st, 10:25 am
এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 21st, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ – বিশ্ব দূৰসংযোগ মানক সমাৱেশ, ২০২৪ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা উদ্যোগ খণ্ডৰ নেতাসকলৰ
October 15th, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ–বিশ্ব দূৰসংযোগ মানক সমাৱেশ (ITU-WTSA) ২০২৪ৰ সময়ত ভাৰত মোবাইল কংগ্ৰেছৰ অষ্টম সংস্কৰণৰ শুভাৰম্ভ কৰে। ডব্লিউটিএছএ হৈছে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ, ৰাষ্ট্ৰসংঘৰ ডিজিটেল প্ৰযুক্তি সংস্থাৰ প্ৰামাণিককৰণৰ কামৰ বাবে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজন কৰা প্ৰশাসনিক সন্মিলন। ভাৰত আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত প্ৰথমবাৰৰ বাবে আইটিইউ-ডব্লিউটিএছএ আয়োজন কৰা হৈছে। ই এক গুৰুত্বপূৰ্ণ বিশ্ব অনুষ্ঠান যিয়ে দূৰসংযোগ, ডিজিটেল আৰু আইচিটি খণ্ডক প্ৰতিনিধিত্ব কৰা ১৯০খনতকৈও অধিক দেশৰ ৩,০০০ৰো অধিক উদ্যোগ খণ্ডৰ নেতা, নীতি নিৰ্ধাৰক আৰু প্ৰযুক্তি বিশেষজ্ঞক একত্ৰিত কৰিছে।চৰকাৰৰ মুৰব্বী হিচাপে ২৩ বছৰ সম্পূৰ্ণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ : সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন
October 07th, 09:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকা কাৰ্যকালৰ কথা স্মৰণ কৰি তেওঁ কয় যে কেনেকৈ ৰাজ্যখন ‘সবকা সাথ, সবকা বিকাশ’ৰ আৰ্হি হৈ পৰিল, সমাজৰ সকলো শ্ৰেণীৰ বাবে সমৃদ্ধিৰ প্ৰসাৰ ঘটিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত দশকলৈ উভতি চালে দেখা যায় যে ভাৰতৰ উল্লেখযোগ্য উন্নয়নমূলক অগ্ৰগতিয়ে দেশখনক বিশ্বজুৰি আশাবাদৰ অভিকেন্দ্ৰ হিচাপে স্থান দিছে। তেওঁ নাগৰিকসকলক আশ্বস্ত কৰি কয় যে তেওঁ অক্লান্তভাৱে, জিৰণি নোহোৱাকৈ, এখন ‘বিকশিত ভাৰত’ৰ সামূহিক লক্ষ্য বাস্তৱায়িত নোহোৱালৈকে কাম কৰি যাব।'মন কী বাত' তারিবশিং থৌরম অসিগী অশেংবা এংকরশিংনি: পি.এম. মোদী
September 29th, 11:30 am
My dear countrymen, Namaskar. Once again we have the opportunity to connect in today's Mann Ki Baat. This episode today is going to make me emotional. It's flooding me with a lot of old memories... The reason is that this journey of ours in Mann Ki Baat is completing 10 years. 10 years ago Mann Ki Baat started on the day of Vijayadashami on the 3rd of October. And what a pine coincidence it is that this year on the 3rd of October when 10 years of Mann Ki Baat are completed, it will be the first day of Navratri. There are many phases in this long journey of Mann Ki Baat that I can never forget. Crores of listeners of Mann Ki Baat have been our companions in this journey, whose continuous support I have kept receiving. They provided information from every corner of the country.তিনিটা PARAM ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু এটা উচ্চ কাৰ্যক্ষম কম্পিউটিং ব্যৱস্থা দেশলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অনুবাদ
September 26th, 05:15 pm
আজি ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতাৰ দিন। আজি ইয়াত বিজ্ঞান, প্ৰযুক্তি, গৱেষণাক অগ্ৰাধিকাৰ দি একবিংশ শতিকাৰ নৱভাৰত কেনেকৈ আগবাঢ়িছে তাক প্ৰদৰ্শন কৰা হৈছে। আমি সম্ভাৱনাৰ এক বিস্তৃত পৰিৱেশত নতুন সুযোগৰ সৃষ্টি কৰিছো। আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু অভিযন্তাসকলে তিনিটা PARAM Rudra ছুপাৰ কম্পিউটাৰ প্ৰস্তুত কৰিছে, যিবোৰ এতিয়া দিল্লী, পুনে, আৰু কলকাতাত স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও আমি দুটা হাই-পাৰফৰ্মেন্স কম্পিউটিং চিষ্টেম অৰ্ক আৰু আৰুণিক উদ্বোধন কৰিছো। এই শুভ মুহুৰ্ত তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ বৈজ্ঞানিক সমাজ, অভিযন্তা, আৰু সমূহ দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তিনি পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
September 26th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰায় ১৩০ কোটি টকা মূল্যৰ তিনি পৰম ৰুদ্ৰ ছুপাৰকম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (NSM)ৰ অধীনত থলুৱাভাৱে বিকশিত কৰা এই ছুপাৰ কম্পিউটাৰ কেইটা পুনে, দিল্লী আৰু কলকাতাস্থিত অগ্ৰণী বৈজ্ঞানিক গৱেষণা সুবিধাত নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে প্ৰস্তুত হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) ব্যৱস্থাও উদ্বোধন কৰে।ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:45 am
মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন
September 20th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।বিশ্ব খাদ্য ভাৰত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তাৰ পাঠ
September 19th, 12:30 pm
কেইবাখনো ৰাষ্ট্ৰৰ অংশগ্ৰহণে বিশ্ব খাদ্য উদ্যোগ ২০২৪ক শিক্ষা আৰু গৱেষণাৰ আটাইতকৈ উজ্জ্বল মনৰ বাবে বৰ্ধিত সুযোগৰ সৰ্বাধিক সদ্ব্যৱহাৰ কৰাৰ লগতে ইজনে সিজনৰ অভিজ্ঞতাৰ পৰা দ্বিমুখী শিক্ষা লাভ কৰিব পৰা এক সক্ৰিয় মঞ্চ হিচাপে প্ৰতিফলিত কৰিছে।ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 31st, 10:39 pm
ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামৰ এই অনুষ্ঠানলৈ আহি বহু পুৰণি মুখ দেখিবলৈ পোৱাটো মোৰ বাবে এক আনন্দৰ কথা। মই নিশ্চিত যে ইয়াত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সন্দৰ্ভত উৎকৃষ্ট আলোচনা হ’ব। আৰু এই আলোচনা এনে সময়ত হৈছে, যিসময়ত সমগ্ৰ বিশ্বই ভাৰতক লৈ আত্মবিশ্বাসেৰে ভৰপূৰ হৈ আছে।