এফআইপিআইচি তৃতীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সামৰণি বিবৃতিৰ অসমীয়া অনুবাদ

May 22nd, 04:33 pm

আপোনাৰ মতামতৰ বাবে আপোনাক বহুত ধন্যবাদ। আমি নিশ্চিতভাৱে আমাৰ আলোচনাৰ পৰা উদ্ভৱ হোৱা ধাৰণাবোৰ বিবেচনা কৰিম। আমাৰ কিছুমান অংশীদাৰী অগ্ৰাধিকাৰ আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ প্ৰয়োজনীয়তা আছে। এই মঞ্চত আমাৰ প্ৰয়াস হৈছে দুয়োটা দিশ মনত ৰাখি আগবাঢ়ি যোৱা। এফআইপিআইচি-ৰ ভিতৰত আমাৰ সহযোগিতা আৰু অধিক বৃদ্ধি কৰিবলৈ মই কিছুমান কথা ঘোষণা কৰিব বিচাৰো:

পাপুৱা নিউ গিনিৰ সৰ্বোচ্ছ অসামৰিক বঁটাৰে সন্মানীত প্ৰধানমন্ত্ৰী

May 22nd, 03:09 pm

পাপুৱা নিউ গিনি(পিএনজি)ৰ গৱৰ্ণৰ-জেনেৰেল ছাৰ বব ডাডাইয়ে চৰকাৰী আৱাসত এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক গ্ৰেণ্ড কম্পেনিয়ন অফ দ্য অৰ্ডাৰ অফ লগহু(জিচিএল)ৰে সন্মানীত কৰে। এয়া পাপুৱা নিউ গিনিৰ সৰ্বোচ্ছ অসামৰিক বঁটা আৰু এই বঁটা লাভ কৰোতাজনক “চীফ” উপাধি প্ৰদান কৰা হয়।

পাপুৱা নিউ গিনিৰ আইটিইচি বিশেষজ্ঞৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়

May 22nd, 02:58 pm

২০২৩ চনৰ ২২ মে’ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ মঞ্চৰ (এফআইপিআইচি) তৃতীয় সন্মিলনৰ বাবে প’ৰ্ট ম’ৰছবি ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আইটিইচি) পাঠ্যক্ৰমৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছিল আইটিইচিৰ অধীনত ভাৰতত প্ৰশিক্ষণ লাভ কৰা চৰকাৰী জ্যেষ্ঠ বিষয়া, আগশাৰীৰ পেছাদাৰী আৰু সম্প্ৰদায়ৰ নেতা। ভাৰতত লাভ কৰা দক্ষতা ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ সমাজলৈ অৰিহণা যোগাইছে।

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 22nd, 02:51 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চৰ (এফআইপিআইচি) তৃতীয় শীৰ্ষ সন্মিলনৰ সময়ত ২০২৩ চনৰ ২২ মে'ত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ক্ৰিছ হিপকিন্সৰ সৈতে পোৰ্ট মৰেছবিত এক বৈঠকত মিলিত হয়। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এইয়া প্ৰথম বাৰ্তালাপ আছিল।

ফিজি গণৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 22nd, 02:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২২ মে'ত ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চ’ (এফআইপিআইচি)ৰ তৃতীয় সন্মিলনৰ সময়ত ‘পোৰ্ট মৰেছবি’ত ফিজি গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ‘মহামহিম’ ছিটিভেনি লিগামামাদা ৰাবুকাক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ মাজত এইখন আছিল প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ নৱেম্বৰত ফিজি ভ্ৰমণৰ কথা স্মৰণ কৰি সেই সময়তে ‘এফআইপিআইচি’-ৰ শুভাৰম্ভ হোৱাৰ লগতে তেতিয়াৰ পৰাই ‘প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহ’ (পিআইচি)ৰ সৈতে ভাৰতৰ সহযোগিতা গভীৰ হোৱাৰ কথা উল্লেখ কৰে।

Prime Minister honoured with the highest civilian awards of Papua New Guinea, Fiji and Palau

May 22nd, 02:18 pm

Prime Minister Narendra Modi, during his historic visit to Papua New Guinea, was conferred with three prestigious civilian awards. He was conferred the ‘Grand Companion of the Order of Logohu’ by Papua New Guinea, ‘Companion of the Order of Fiji’ by Republic of Fiji and ‘Ebakl’ Award by Republic of Palau.

এফআইপিআইচি তৃতীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ প্ৰাৰম্ভিক মন্তব্যৰ পাঠ

May 22nd, 02:15 pm

তৃতীয় এফআইপিআইচি সন্মিলনত আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। মই সুখী যে প্ৰধানমন্ত্ৰী জেমছ মাৰেপে মোৰ সৈতে এই সন্মিলনৰ সহ-আয়োজন কৰিছে। পোৰ্ট মৰেছবিত সন্মিলনৰ সকলো ব্যৱস্থাৰ বাবে মই তেওঁক আৰু তেওঁৰ দলক ধন্যবাদ জনাইছো।

পাপুয়া নিউগিনিৰ গৱৰ্ণৰ-জেনেৰেলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 22nd, 08:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চৰ (FIPIC) ৩য় সন্মিলনত অংশগ্ৰহণৰ মাজতে ২০২৩ৰ ২২ মে’ত প’ৰ্ট ম’ৰেছবিৰ চৰকাৰী বাসগৃহত পাপুয়া নিউগিনিৰ (PNG) গৱৰ্ণৰ-জেনেৰেল ছাৰ বব দাদাই তেখেতৰ সৈতে মিলিত হয়।

পাপুৱা নিউ গিনিৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 22nd, 08:39 am

ভাৰত-প্ৰশান্ত মহাসাগৰীয় সহযোগিতা মঞ্চ(এফআইপিআইচি)ৰ তৃতীয় সন্মিলনৰ সমান্তৰালভাৱে ২২ মে’, ২০২৩ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাপুৱা নিউ গিনিৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত জেমছ মাৰাপেৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

পাপুৱা নিউগিনিৰ প’ৰ্ট ম’ৰছবিত উপস্থিত প্ৰধানমন্ত্ৰী

May 21st, 08:06 pm

২০২৩ চনৰ ২১ মে’ৰ সন্ধিয়া প’ৰ্ট ম’ৰছবিত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।

জাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

May 19th, 08:38 am

জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ফুমিও কিছিদাৰ আমন্ত্ৰণত জাপানৰ অধ্যক্ষতাৰ অধীনত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মই জাপানৰ হিৰোছিমালৈ ৰাওনা হ'ম। শেহতীয়াকৈ ভাৰত-জাপান সন্মিলনৰ বাবে ভাৰত ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী কিছিদাক পুনৰ সাক্ষাৎ কৰাটো আনন্দৰ বিষয় হ'ব। এই জি-৭ সন্মিলনত মোৰ উপস্থিতি বিশেষভাৱে অৰ্থপূৰ্ণ কিয়নো ভাৰতে এই বছৰ জি-২০ অধ্যক্ষতাৰ পদ দখল কৰিছে। মই বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু তেওঁলোকক সামূহিকভাৱে সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জি-৭ দেশ আৰু অন্যান্য আমন্ত্ৰণজনিত অংশীদাৰসকলৰ সৈতে মত বিনিময়ৰ বাবে আশাবাদী। মই হিৰোছিমা জি-৭ সন্মিলনত অংশগ্ৰহণ কৰা কেইজনমান নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত কৰিম।