গংগা তালাও ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

গংগা তালাও ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

March 12th, 05:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ পবিত্ৰ গংগা তালাও পৰিদৰ্শন কৰে। তেওঁ সেই পবিত্ৰ স্থানত প্ৰাৰ্থনা কৰাৰ লগতে ত্ৰিবেণী সংগমৰ পবিত্ৰ পানী বিসৰ্জন দিয়ে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে যৌথভাৱে মৰিচাছত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ পাব্লিক চাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে যৌথভাৱে মৰিচাছত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ পাব্লিক চাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে

March 12th, 03:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে আজি যৌথভাৱে মৰিচাছৰ ৰেডুইটত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অব পাব্লিক ছাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে। ভাৰত-মৰিচাছ উন্নয়ন অংশীদাৰিত্বৰ অধীনত ৰূপায়ণ কৰা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৱে মৰিচাছত সামৰ্থ্য বিকাশৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

ৰাষ্ট্ৰীয় দিৱস উদযাপনত মৰিচাছৰ সৰ্বোচ্চ অসামৰিক বঁটা গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাষ্ট্ৰীয় দিৱস উদযাপনত মৰিচাছৰ সৰ্বোচ্চ অসামৰিক বঁটা গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

March 12th, 03:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছ গণৰাজ্যৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

গ্ৰেণ্ড কমাণ্ডাৰ অব দা অৰ্ডাৰ অব দা ষ্টাৰ এণ্ড কী অব দা ইণ্ডিয়ান অ’চেন (জিচিএছকে) বঁটা গ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

March 12th, 03:00 pm

মৰিচাছৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। এয়া কেৱল মোৰ সন্মান নহয়। ই ১.৪ বিলিয়ন ভাৰতীয়ৰ সন্মান। ভাৰত আৰু মৰিচাছৰ মাজত যুগ যুগ ধৰি চলি অহা সাংস্কৃতিক আৰু ঐতিহাসিক আত্মীয়তাৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। আঞ্চলিক শান্তি, প্ৰগতি, নিৰাপত্তা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি আমাৰ ভাগ-বাটোৱাৰা দায়বদ্ধতাৰ স্বীকৃতি আৰু ই গ্ল’বেল চাউথৰ অংশীদাৰী আশা আৰু আকাংক্ষাৰ প্ৰতীক। এই বঁটাটো মই সম্পূৰ্ণ নম্ৰতাৰে আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিলো। শতিকা আগতে ভাৰতৰ পৰা মৰিচাছলৈ অহা আপোনালোকৰ পূৰ্বপুৰুষৰ প্ৰতি আৰু তেওঁলোকৰ সকলো প্ৰজন্মলৈ এই সন্মান উৎসৰ্গা কৰিছো। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে মৰিচাছৰ উন্নয়নৰ এক সোণালী অধ্যায় লিখিছিল আৰু ইয়াৰ সজীৱ বৈচিত্ৰ্যত অৰিহণা যোগাইছিল। মইও এই সন্মানক দায়িত্ব হিচাপে আঁকোৱালি লৈছো। ভাৰত-মৰিচাছ কৌশলগত অংশীদাৰিত্বক অধিক উচ্চতালৈ উন্নীত কৰাৰ বাবে আমি সকলো প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো।

এক সম্প্ৰসাৰিত কৌশলগত অংশীদাৰিত্বৰ বাবে ভাৰত-মৰিচাছৰ যুটীয়া দৃষ্টিভংগী

March 12th, 02:13 pm

২০২৫ চনৰ ১১ ৰ পৰা ১২ মাৰ্চলৈ কৰা মৰিচাছৰ চৰকাৰী ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ মহামান্য প্ৰধানমন্ত্ৰী ড০ নৱীনচন্দ্ৰ ৰামগুলাম, জিচিএছকে, এফআৰচিপি মৰিচাছ আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয় সন্দৰ্ভত ব্যাপক আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়।

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ মৰিচাছ ভ্ৰমণ

March 12th, 01:56 pm

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বেংক অৱ মৰিচাছৰ মাজত সীমান্ত-অতিক্ৰমি লেনদেনৰ বাবে স্থানীয় মুদ্ৰাৰ (INR বা MUR) ব্যৱহাৰক প্ৰসাৰিতকৰণৰ বাবে ব্যৱস্থা স্থাপনৰ অৰ্থে চুক্তি।

ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 12th, 12:30 pm

১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

March 12th, 09:58 am

আজি মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনায়। ‘উদযাপনত অংশগ্ৰহণকে ধৰি আজিৰ কাৰ্যসূচীসমূহৰ বাবে আগ্ৰহী’, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কালিৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু কাৰ্যসূচীৰ উল্লেখযোগ্য দিশসমূহো শ্বেয়াৰ কৰে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ভোজমেলত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:15 am

প্ৰথম আৰু প্ৰধানকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱেগিক আৰু প্ৰেৰণাদায়ক চিন্তাধাৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই বিশাল আদৰণি আৰু আতিথ্যৰ বাবে মই প্ৰধানমন্ত্ৰী, মৰিচাছ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ৷ এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে মৰিচাছ ভ্ৰমণ সদায় অতি বিশেষ। ই কেৱল কূটনৈতিক ভ্ৰমণ নহয়, পৰিয়ালক লগ পোৱাৰ সুযোগ৷ মৰিচাছৰ ভূমিত ভৰি দিয়াৰ পৰাই এই আত্মীয়তা অনুভৱ কৰিলো। সকলোতে নিজৰ বুলি ভবাৰ ভাৱ। প্ৰট’কলৰ কোনো বাধা নাই। মৰিচাছ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথি হিচাপে পুনৰবাৰ আমন্ত্ৰণ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা৷ এই উপলক্ষে ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

March 11th, 04:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ষ্টেট হাউছ’ত মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ধৰমবীৰ গোখুলক সাক্ষাৎ কৰে।

মৰিচাছৰ ৰাষ্ট্ৰপতি মহামহিম ধৰমবীৰ গোকুলে আয়োজন কৰা লাঞ্চৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টোষ্টৰ অসমীয়া অনুবাদ

March 11th, 03:06 pm

মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস সমাৰোহত পুনৰবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা।

প্ৰধানমন্ত্ৰীয়ে ছাৰ চিউছাগুৰ ৰামগুলাম আৰু ছাৰ অনেৰুদ জুগনৌথৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

March 11th, 03:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পামপ্লেমৌচেত অৱস্থিত ছাৰ চিউছাগুৰ ৰামগুলাম বোটানিক গাৰ্ডেনত ছাৰ চিউছাগুৰ ৰামগুলাম আৰু ছাৰ অনেৰুদ জুগনৌথৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই পুষ্পাঞ্জলী তর্পণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে মৰিছাছৰ প্ৰধানমন্ত্ৰী মাননীয় নবীনচন্দ্ৰ ৰামগুলাম উপস্থিত আছিল । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছৰ প্ৰগতি আৰু ভাৰত-মৰিছাছ সম্পৰ্কৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তোলাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাৰ স্থায়ী উত্তৰাধিকাৰক স্মৰণ কৰে।

দুদিনীয়া ভ্ৰমণৰ বাবে মৰিচাছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

March 11th, 08:33 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পূৰ্বে মৰিচাছত উপস্থিত হয়। দুদিনীয়া এই ভ্ৰমণৰ সময়ত তেওঁ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মৰিচাছৰ নেতৃত্ব আৰু বিশিষ্ট ব্যক্তি সকলকো সাক্ষাৎ কৰিব।

মৰিচাছ ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

March 10th, 06:18 pm

মোৰ বন্ধু প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণ ক্ৰমে মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ মই দুদিনীয়া কাৰ্যসূচীৰে মৰিচাছ ভ্ৰমণলৈ যাম।

২০২৫ চনৰ ১১-১২ মাৰ্চলৈ মৰিচাছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

March 07th, 06:17 pm

প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ১১-১২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ একাংশ শীৰ্ষ নেতাক সাক্ষাৎ, ভাৰতীয় বংশোদ্ভৱৰ সৈতে মিলিত হোৱাৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই ভ্ৰমণে ভাৰত-মৰিচাছৰ শক্তিশালী অংশীদাৰিত্বক পুনৰ দৃঢ় কৰে, যিটো মিলিত ইতিহাস আৰু অগ্ৰগতিৰ মাজত শিপাই আছে।