প্রধানমন্ত্রীয়ে ছিডনীত বিজনেছ ৰাউণ্ডটেবোল সন্মিলন সম্বোধন কৰে
May 24th, 04:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিডনীত অষ্ট্ৰেলিয়াৰ শীৰ্ষ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বিজনেছ ৰাউণ্ডটেবোল সন্মিলন সম্বোধন কৰে। সন্মিলনত ইস্পাত, বেংকিং, ইন্ধন, খনন আৰু তথ্য প্ৰযুক্তি সহ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা অগ্ৰণী কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে ভাগ লয়। অষ্ট্ৰেলিয়াৰ কেইখনমান প্ৰধান বিশ্ববিদ্যালয়ৰ কুলপতিসকলেও বৈঠকত ভাগ লয়। প্ৰধানমন্ত্ৰীয়ে বেপাৰ কৰাত সহজতা আৰু অৰ্থনৈতিক বিকাশত উদগনি যোগাবলৈ চৰকাৰে আৰম্ভ কৰা কেইবাটাও অৰ্থনৈতিক সংস্কাৰ আৰু নতুন সুযোগৰ বিষয়ে অৱগত কৰে। ইয়াত বুনিয়াদী আন্তঃগাথঁনিৰ কানেক্টিভিটি পৰিকল্পনাৰ প্ৰতি একীকৃত দৃষ্টিভংগীৰ প্ৰতি মিছন গতিশক্তি, জন ধন-আধাৰ-মোবাইল ট্ৰিনিটি, ৰাষ্ট্ৰীয় শিক্ষা নীতি, হাইড্ৰোজেন মিছন ২০৫০, ডাক জীৱন বীমা (পিএলআই) যোজনা, অন্তৰিক্ষ আৰু ভূ-স্থানিক ক্ষেত্ৰত বেচৰকাৰী বিনিয়োগ, চিকিৎসা উপকৰণ নিৰ্মাণৰ নতুন নীতি আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা যোজনা আদি অন্তৰ্ভুক্ত আছে।অষ্ট্ৰেলিয়াৰ বিৰোধী দলপতিৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাত্
May 24th, 02:48 pm
অষ্ট্ৰেলিয়াৰ বিৰোধী দলৰ নেতা মহামহিম শ্ৰীযুত পিটাৰ ডাটনে ২০২৩ চনৰ ২৪ মে'ত ছিডনীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 24th, 10:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ ছিডনীৰ এডমাইৰেল্টি হাউচত ২৪ মে’, ২০২৩ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত এন্থনী আলবানিজৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা তৰ্জমা
May 24th, 06:41 am
মোৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মোক আৰু মোৰ প্ৰতিনিধিদলক প্ৰদান কৰা আতিথ্য আৰু সন্মানৰ বাবে মই অষ্ট্ৰেলিয়াৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰী এলবানিজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী এলবানিজৰ ভাৰত ভ্ৰমণৰ দুমাহৰ ভিতৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছোঁ। যোৱা এটা বছৰত এয়া হৈছে আমাৰ ষষ্ঠ বৈঠক।'Sabka Saath-Sabka Vikaas, Sabka Vishwaas-Sabka Prayaas' is the vision for our domestic as well as global governance: PM
May 23rd, 08:54 pm
PM Modi attended mega community programme in Sydney, Australia. Australian PM Albenese also joined in for the event. He said, The basis of historic ties between India and Australia is mutual trust and mutual respect.অষ্ট্ৰেলিয়াৰ ছিডনীত ভাৰতীয় সমাজৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
May 23rd, 01:30 pm
প্ৰধানমন্ত্ৰীৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্টনি আলবেনিজে ২০২৩ৰ ২৩ মে’ত ছিডনীৰ কুড’ছ বেংক এৰিনাত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।অষ্ট্ৰেলিয়াৰ বিশিষ্ট ব্যক্তিত্বৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 23rd, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিডনীত পৃথককৈ অনুষ্ঠিত বৈঠকত অষ্ট্ৰেলিয়াৰ কেবাগৰাকী বিশিষ্ট ব্যক্তিৰে মিলিত হয়। এই ব্যক্তিসকলৰ ভিতৰত আছে:হেনকক প্ৰস্পেক্টিং গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষা শ্ৰীমতী জিনা ৰাইনহাৰ্ট এঅ’-ৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 23rd, 09:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৩ মে'ত অষ্ট্ৰেলিয়াৰ ছিডনীত হেনকক প্ৰস্পেক্টিং গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষা শ্ৰীমতী জিনা ৰাইনহাৰ্ট এঅ'ক সাক্ষাৎ কৰে।অষ্ট্ৰেলিয়ানছুপাৰৰ মুখ্য কাৰ্যবাহী শ্ৰীপল শ্ৰোডাৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 23rd, 09:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে'ত অষ্ট্ৰেলিয়াৰ ছিডনীত অষ্ট্ৰেলিয়ানছুপাৰৰ মুখ্য কাৰ্যবাহী শ্ৰী পল শ্ৰোডাৰক সাক্ষাৎ কৰে।ফৰ্টেছকিউ মেটালছ গ্ৰুপ আৰু ফৰ্টেছকিউ ফিউচাৰ ইণ্ডাষ্ট্ৰীজৰ কাৰ্যবাহী অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ড০ এণ্ড্ৰু ফৰেষ্টৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 23rd, 08:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৩ মে’ত অষ্ট্ৰেলিয়াৰ ছিডনীত অষ্ট্ৰেলিয়াৰ আগশাৰীৰ উদ্যোগপতি ড০ এণ্ড্ৰু ফৰেষ্ট, ফ’ৰ্টেছকিউ মেটালছ গ্ৰুপ আৰু ফ’ৰ্টেছকিউ ফিউচাৰ ইণ্ডাষ্ট্ৰীজৰ কাৰ্যবাহী অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ড০ এণ্ড্ৰু ফৰেষ্টক সাক্ষাৎ কৰে।PM Modi arrives in Sydney, Australia
May 22nd, 05:43 pm
After the historic visit to Papua New Guinea, PM Modi arrived in Sydney, Australia for a bilateral visit. During the two-day visit, PM Modi will hold talks with the Prime Minister of Australia H.E Anthony Albanese, and other leaders. He will also address the community program hosted and attended by the members of the Indian diaspora at the Qudos Bank Arena in Sydney, Australiaজাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
May 19th, 08:38 am
জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ফুমিও কিছিদাৰ আমন্ত্ৰণত জাপানৰ অধ্যক্ষতাৰ অধীনত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মই জাপানৰ হিৰোছিমালৈ ৰাওনা হ'ম। শেহতীয়াকৈ ভাৰত-জাপান সন্মিলনৰ বাবে ভাৰত ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী কিছিদাক পুনৰ সাক্ষাৎ কৰাটো আনন্দৰ বিষয় হ'ব। এই জি-৭ সন্মিলনত মোৰ উপস্থিতি বিশেষভাৱে অৰ্থপূৰ্ণ কিয়নো ভাৰতে এই বছৰ জি-২০ অধ্যক্ষতাৰ পদ দখল কৰিছে। মই বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু তেওঁলোকক সামূহিকভাৱে সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জি-৭ দেশ আৰু অন্যান্য আমন্ত্ৰণজনিত অংশীদাৰসকলৰ সৈতে মত বিনিময়ৰ বাবে আশাবাদী। মই হিৰোছিমা জি-৭ সন্মিলনত অংশগ্ৰহণ কৰা কেইজনমান নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত কৰিম।