
মুম্বাইত অনুষ্ঠিত ‘ৱেভছ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 01st, 03:35 pm
আজি গুজৰাটৰো প্ৰতিষ্ঠা দিৱস, সমগ্ৰ বিশ্বতে বিয়পি থকা সকলো গুজৰাটী ভাই-ভনীলৈকো ‘গুজৰাট প্ৰতিষ্ঠা দিৱস’ৰ শুভকামনা জনাইছোঁ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ, ২০২৫ উদ্বোধন কৰে
May 01st, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।
ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 06th, 08:05 pm
আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে
March 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:00 am
আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 06th, 04:21 pm
মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ
February 06th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।The teachings of Lord Christ celebrate love, harmony and brotherhood: PM at Christmas programme
December 23rd, 09:24 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.PM Modi participates in Christmas Celebrations hosted by the Catholic Bishops' Conference of India
December 23rd, 09:11 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত ৭১,০০০ ৰো অধিক নিযুক্তি পত্ৰ বিতৰণত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
December 23rd, 11:00 am
মোৰ কেবিনেটৰ সতীৰ্থবৃন্দ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, আৰু মোৰ ডেকা বন্ধু-বান্ধবীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০ তকৈও অধিক লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে
December 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰি আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিয়োগ সৃষ্টিত অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। ই যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু আত্মসৱলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰি শক্তিশালী কৰিব।কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
December 21st, 06:34 pm
মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait
December 21st, 06:30 pm
PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana
November 22nd, 03:02 am
PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
November 22nd, 03:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।নাইজেৰিয়াত ভাৰতীয় সমুদায়ৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 17th, 07:20 pm
আজি আবুজাৰ পৰিৱেশ সঁচাকৈয়ে বৰ মনোৰম অনুভৱ হৈছে। যোৱা সন্ধিয়াৰ পৰা যিমানখিনি প্ৰত্যক্ষ কৰিছো তাৰ পৰা প্ৰায় এনে লাগিছে যেন মই আবুজাত নহয়, ভাৰতৰ এখন চহৰত আছো। আপোনালোকৰ বহুতেই লাগোছ, কানো, কাডুনা, প’ৰ্ট হাৰক’ৰ্টৰ দৰে বিভিন্ন ঠাইৰ পৰা আহি আপোনাৰ বৈচিত্ৰময় মনোশক্তিবোৰ লগত লৈ আহিছে। আপোনালোকৰ চকুত দেখা উল্লাস আৰু মনৰ পৰা ওলোৱা উষ্মাই ইয়াত থকাৰ আপোনাৰ আগ্ৰহৰ বিষয়ে বহু কথাই কৈ গৈছে। ময়ো আপোনালোক সকলোকে লগ পোৱাৰ এই মুহূৰ্তটোলৈ আগ্ৰহেৰে বাট চাই আছিলো। আপোনালোকৰ মৰম আৰু সস্নেহ মোৰ বাবে অমূল্য, আৰু আপোনাৰ লগত ইয়াত থকা, এই বিনিময় কৰা মুহুৰ্তবোৰ মোৰ হৃদয়ত চিৰদিনৰ বাবে থাকিব।PM Modi addresses Indian community in Nigeria
November 17th, 07:15 pm
PM Modi, addressing the Indian diaspora in Abuja, Nigeria, celebrated India's global progress, highlighting achievements in space, manufacturing, and defense. He praised the Indian community's contributions to Nigeria's development and emphasized India's role as a global leader in welfare, innovation, and peace, with a vision for a Viksit Bharat by 2047.‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 16th, 10:15 am
১০০ বছৰ আগতে ‘হিন্দুস্তান টাইমছ’-ৰ উন্মোচন পুজ্য বাপুয়ে কৰিছিল... তেওঁ গুজৰাটী ভাষী আছিল, আৰু ১০০ বছৰৰ পিছত আপোনালোকে আন এজন গুজৰাটীক আমন্ত্ৰণ কৰিছে। মই ‘হিন্দুস্তান টাইমছ’ক এই ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ আৰু যিসকলে ১০০ বছৰীয়া যাত্ৰাত এই কাকতৰ সৈতে জড়িত হৈ আহিছে, যিসকলে প্ৰতিপালনৰ কাম কৰিছে, সংগ্ৰাম কৰিছে, সংকটৰ সন্মুখীন হৈছে, কিন্তু অধ্যৱসায় অব্যাহত ৰাখিছে... তেওঁলোক সকলোৱেই আজি অভিনন্দনৰ পাত্ৰ, তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। আপোনালোক সকলোকে, ১০০ বছৰীয়া যাত্ৰা নিতান্তই এক বৃহত্ সাফল্য হয় জাঙৰীয়া। আপোনালোক সকলোৱেই এই সাফল্যৰ বাবে অভিনন্দনৰ পাত্ৰ, আৰু মই আপোনালোকক আগত ভৱিষ্যতৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই যেতিয়া ইয়ালৈ আহিছোঁ, মই পৰিয়ালৰ সদস্যসকলৰেতো মিলিত হৈছোৱেই হৈছোঁ, ইয়াৰ লগতে মই ১০০ বছৰীয়া যাত্ৰাৰ এক সুন্দৰ প্ৰদৰ্শনীও চাবলৈ সুযোগ পাইছোঁ। মই আপোনালোক সকলোক ক'ম যে যদি সময় থাকে, তেন্তে তাত কিছু সময় কটাই নিশ্চয় যাব। এয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, মই কওঁ যে এয়া আক্ষৰিক অৰ্থতে এক অনন্য অভিজ্ঞতাও। এনেকুৱা লাগিছিল যেন আমাৰ চকুৰ আগৰে ১০০ বছৰৰ ইতিহাস পাৰ হৈ গৈছিল। মই সেই দিনবোৰৰ বাতৰি কাকত দেখিছিলোঁ যিবোৰ দেশৰ স্বাধীনতা আৰু সংবিধান গ্ৰহণ কৰাৰ দিনবোৰত মুদ্ৰিত হৈছিল। ‘হিন্দুস্তান টাইমছ’-ৰ বাবে একাধিক প্ৰবীণ ব্যক্তিয়ে লিখিছিল। মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ বাবু, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড০ এম এছ স্বামীনাথন। এইসকল পুৰোধাৰ লিখনিসমূহে আপোনালোকৰ বাতৰি কাকতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সঁচাকৈয়ে আমি এক দীঘলীয়া যাত্ৰাৰ পিছত ইয়াত আহি উপস্থিত হৈছোহি। স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ পৰা স্বাধীনতাৰ পিছত আশাৰ অতল সাগৰৰ লহৰত উপৱিষ্ট হৈ আমি আগবাঢ়িছো। এই যাত্ৰা নিতান্তই অভূতপূৰ্ব, ই আশ্চৰ্যজনকো। ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰৰ অধিগ্ৰহণৰ পিছত মই আপোনালোকৰ কাকতৰ বাতৰিত সেই উৎসাহ অনুভৱ কৰিছিলোঁ যি প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উদ্বেলিত হৈছিল। অৱশ্যে, সেইটো মুহূৰ্ততে মই এইটোও উপলব্ধি কৰিছিলোঁ কেনেকৈ সিদ্ধান্তহীনতাৰ পৰিস্থিতিয়ে কাশ্মীৰক সাত দশক ধৰি হিংসাই আৱৰি ধৰিছিল। আজি আপোনালোকৰ কাকতখনে জম্মু আৰু কাশ্মীৰত অভিলেখ হাৰত হোৱা ভোটদানৰ দৰে বাতৰি প্ৰকাশ কৰিছে, এয়া হৈছে এক বৈপৰিত্য। এফালে বাতৰি কাকতৰ ছপা, এক প্ৰকাৰে সকলোৰে চকু তালৈ যাবই, আপোনালোকৰ দৃষ্টি ৰৈ যাব। ইয়াৰ এফালে অসমক অশান্ত অঞ্চল ঘোষণা কৰাৰ খবৰ ওলাইছিল যদি আনফালে অটলজীয়ে বিজেপিৰ ভেটি স্থাপন কৰাৰ খবৰ ওলাইছিল। আৰু কি সুখৰ সংযোগ যে বিজেপিয়ে আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 16th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ত ভাষণ প্ৰদান কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ১০০ বছৰ পূৰ্বে মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা হিন্দুস্তান টাইমছৰ বিষয়ে আলোকপাত কৰি কাকতখনক শতিকাজোৰা অনবদ্য যাত্ৰাৰ বাবে অভিনন্দন জনায়। লগতে প্ৰকাশন প্ৰতিষ্ঠানটোৰ সমগ্ৰ ইতিহাসৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। সভাস্থলীত হিন্দুস্তান টাইমছৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ পিছত শ্ৰী মোদীয়ে ই এক অপ্ৰতীম অভিজ্ঞতা বুলি অভিহিত কৰি সকলো প্ৰতিনিধিকে সময় উলিয়াই ইয়াক অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে প্ৰদৰ্শনীখন ভ্ৰমণৰ সময়ত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ আৰু সংবিধান প্ৰণয়নৰ সময়ৰ পুৰণি বাতৰি কাকত দেখা পাইছিল। তেওঁ স্বীকাৰ কৰে যে মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ চন্দ্ৰ বসু, ড° শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড° এম এছ স্বামীনাথনকে ধৰি বহু প্ৰভাৱশালী নেতাই হিন্দুস্তান টাইমছত প্ৰবন্ধ লিখিছিল। স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতাৰ পিছৰ সময়খিনিক সামৰি লোৱা কাকতখনৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে চিন্তা-চৰ্চা কৰি ইয়াক সঁচাকৈয়ে অসাধাৰণ আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ কথা পঢ়ি এজন যুৱ নাগৰিক হিচাপে অনুভৱ কৰা উত্তেজনাৰ কথাও মনত পেলাইছিল। অৱশ্যে তেওঁ এইটোও লক্ষ্য কৰিছিল যে কেনেকৈ, সেই মুহূৰ্তত, তেওঁ উপলব্ধি কৰিছিল যে কিদৰে সাত দশক ধৰি অতীতৰ অনিশ্চয়তাই কাশ্মীৰক হিংসাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। তেওঁ আশাবাদ প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে আজি জম্মু-কাশ্মীৰৰ নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ খবৰ নিয়মীয়াকৈ প্ৰকাশ পাইছে, যিটো অগ্ৰগতি আৰু পৰিৱৰ্তনৰ লক্ষণ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্মুখীন হোৱা এটা বিশেষ বাতৰি কাকতৰ সংখ্যাৰ কথাও উল্লেখ কৰে, য’ত এফালে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ আছিল, আনফালে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি স্থাপন কৰা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিবেদন আছিল। আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত বিজেপিয়ে মূল ভূমিকা পালন কৰি অহা সুন্দৰ কাকতালীয় দিশৰ ওপৰতো তেওঁ মন্তব্য কৰে।