অন্ধ্রপ্রদেশৰ পুট্টাপূর্তিত সাই হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ উদ্বোধন উপলক্ষ্যে প্রধানমন্ত্রীৰ ভাষণ
July 04th, 11:00 am
পুট্টাপূর্তিলৈ বহুবাৰ যোৱাৰ সৌভাগ্য মোৰ হৈছে। আজিও মোৰ ইচ্ছা আছিল আপোনালোক সকলোৰে মাজত, তাত উপস্থিত হৈ এই অনুষ্ঠানত যোগ দিয়াৰ। কিন্তু, মোৰ ব্যস্ততাৰ কাৰণে সেয়া সম্ভৱ নহ'ল। মোক আমন্ত্রণ জানোৱাৰ সময়ত ভাই ৰত্নাকৰে কৈছিল, ‘আপুনি এবাৰ আহি আমাক আপোনাৰ আশীর্বাদ দিয়ক’। শ্রী ৰত্নাকৰৰ এই বক্তব্য মই সংশোধন কৰি দিয়া উচিত। মই তালৈ অৱশ্যই যাম, কিন্তু আশীর্বাদ দিবলৈ নহয়, আশীর্বাদ ল'বলৈ। প্রযুক্তিৰ সহায়ত আজি মই আপোনালোকৰ মাজত উপস্থিত হ'ব পাৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ বাবে মই শ্রী সত্য সাই চেণ্ট্ৰেল ট্রাষ্টৰ সৈতে যুক্ত সকলো সদস্য আৰু সত্য সাই বাবাৰ সকলো ভক্তক অভিনন্দন জনাইছোঁ। মোৰ ওপৰত শ্রী সত্য সাইৰ অনুপ্রেৰণা আৰু আর্শীবাদ বর্ষিত হৈছে। এই পৱিত্র অনুষ্ঠানত শ্রী সত্য সাই বাবাৰ কর্মধাৰাৰ প্রসাৰ দেখি মই আনন্দিত। শ্রী হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ মাধ্যমত দেশ চিন্তা-ভাবনাৰ এক সমৃদ্ধ কেন্দ্রৰ অধিকাৰী হ'বলৈ ওলাইছে। মই এই কনভেনশ্যন চেণ্টাৰৰ ছবি দেখিছোঁ। এইমাত্র এই চেণ্টাৰটো সন্দৰ্ভত স্বল্প দৈর্ঘ্যৰ যি ছাঁয়াছবি দেখুওৱা হ'ল, তাৰো দৃশ্য মই দেখিছোঁ। এই চেণ্টাৰে আধ্যাত্মিক অনুভৱৰ সৈতে আধুনিকতাৰ, সাংস্কৃতিক দেৱত্বৰ সৈতে বৌদ্ধিক উৎকর্ষৰ বন্ধন ঘটাইছে। ই আধ্যাত্মিক সন্মিলন আৰু শিক্ষামূলক কর্মসূচীৰ এটি কেন্দ্র হৈ উঠিব। সমগ্ৰ বিশ্বৰ পৰা বিভিন্ন ক্ষেত্রৰ বিদ্বান আৰু বিশেষজ্ঞসকল ইয়ালৈ আহিব। এই কেন্দ্র যুৱ সমাজৰ বিশেষ উপকাৰত লাগিব বুলি মোৰ ধাৰণা।ভিডিঅ’ কনফাৰেন্সিংযোগে অন্ধ্ৰপ্ৰদেশৰ পুট্ৰাপাৰ্থীত সাই হীৰা গ্ল’বেন কনভেনছন চেণ্টাৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 04th, 10:36 am
এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে সকলোকে অভিনন্দন জনায়, য’ত তেওঁ জৰুৰী বৈঠকৰ বাবে সো-শৰীৰে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷ “আজি আমাৰ সৈতে শ্ৰী সত্য সাইৰ আশীৰ্বাদ আৰু প্ৰেৰণা আছে”, বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে লগতে আনন্দ প্ৰকাশ কৰে যে তেওঁ মিচন আজি সম্প্ৰসাৰণ হৈছে আৰু দেশে সাই হীৰা গ্ল’বেল কনভেচন চেণ্টাৰৰ নামেৰে এটা নতুন অত্যাধুনিক কনভেচন চেণ্টাৰ লাভ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে বিশ্বাসেৰে কয় যে এই নতুন কেন্দ্ৰটোৱে আধ্যাত্মিকতা আৰু আধুনিকতাৰ জাকজমকতাৰ এক অভিজ্ঞতা প্ৰদান কৰিব৷ তেওঁ কয় যে এই কেন্দ্ৰটোত সাংস্কৃতিক বৈচিত্ৰ্য আৰু ধাৰণাগত ভব্যতা আছে আৰু ই আধ্যাত্মিকতা আৰু শৈক্ষিক কাৰ্যসূচীৰ ওপৰত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিব য’ত পণ্ডিত আৰু বিশেষজ্ঞসকলে একত্ৰিত হ’ব।১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷গুজৰাটৰ ‘একতা নগৰ’ত প্ৰধানমন্ত্ৰীয়ে উচৰ্গা কৰিলে ‘মে’জ গাৰ্ডেন’ আৰু ‘মিয়াৱাকি বন’
October 30th, 08:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ‘একতা নগৰ’ত নিৰ্মাণ কৰা ‘মে’জ গাৰ্ডেন’ আৰু ‘মিয়াৱাকি বনাঞ্চল’ আনুষ্ঠানিক ভাবে উচৰ্গা কৰে।