কেন্দ্ৰীয় কেবিনেটে দুবছৰৰ ভিতৰত ১০,৯০০ কোটি টকা ব্যয়ৰে পিএম ইলেক্ট্ৰিক ড্ৰাইভ ৰিভল্যুচন ইন ইনোভেটিভ ভেহিকেল এনহান্সমেণ্ট (পিএম ই-ড্ৰাইভ) আঁচনিৰ অনুমোদন দিয়ে
September 11th, 08:59 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে দেশত বৈদ্যুতিক যান-বাহনক উদ্গনি দিয়াৰ উদ্দেশ্যে ‘পিএম ইলেক্ট্ৰিক ড্ৰাইভ ৰিভল্যুচন ইন ইনোভেটিভ ভেহিকেল এনহান্সমেণ্ট (পিএম ই-ড্ৰাইভ) আঁচনি’ ৰূপায়ণৰ বাবে গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ (এমএইচআই)ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।