ইন্দোৰত 'মজদুৰোঁ কা হিট মজদুৰোঁ কো সমৰ্পিত' কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

December 25th, 12:30 pm

মধ্য প্ৰদেশৰ শক্তিশালী মুখ্যমন্ত্ৰী ডাঃ মোহন যাদৱ জী, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা দীৰ্ঘদিন ইন্দোৰত সেৱা আগবঢ়োৱা, আমাৰ সকলোৰে মাতৃ সুমিত্ৰা তাই, সংসদৰ মোৰ সহযোগীসকল, বিধানসভালৈ নৱনিৰ্বাচিত বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ প্ৰিয় শ্ৰমিক ভাই আৰু ভগ্নীসকল,

'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে

December 25th, 12:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে 'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ প্ৰাপ্য পৰিহিত তথ্য সম্পৰ্কীয় প্ৰায় ২২৪ কোটি টকাৰ ‘চেক’ ইন্দোৰৰ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিক সংঘৰ ‘অফিচিয়েল লিকুইডেটৰ’ আৰু মুৰব্বীসকলক প্ৰদান কৰে। এই কাৰ্যসূচীয়ে ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ নিষ্পত্তি চিহ্নিত কৰিছে। শ্ৰী মোদীয়ে খাৰগোন জিলাত এটা ৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।

২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু হুকুমচান্দ মিলৰ কৰ্মীসকলৰ প্ৰাপ্য পৰিশোধ সম্পৰ্কীয় চেক হস্তান্তৰ কৰিব

December 24th, 07:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰ, ২০২৩ তাৰিখে দুপৰীয়া ১২ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে 'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু ইন্দোৰৰ ‘হুকুমচান্দ মিলৰ শ্ৰমিক সংঘ’ৰ ‘অফিচিয়েল লিকুইডেটৰ’ আৰু মুৰব্বীসকলক ‘হুকুমচান্দ মিল’ৰ কৰ্মীসকলৰ প্ৰাপ্য পৰিমাণ সম্পৰ্কীয় প্ৰায় ২২৪ কোটি টকাৰ ‘চেক’ প্ৰদান কৰিব। এই কাৰ্যসূচীয়ে ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ নিষ্পত্তি চিহ্নিত কৰিব। এই উপলক্ষে অনুষ্ঠানটোত সমবেত সকলক প্ৰধানমন্ত্ৰীয়ে সম্বোধনো কৰিব।