
উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 28th, 09:36 pm
আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে
January 28th, 09:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।
‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে
January 21st, 08:43 am
ভাৰতৰ উন্নয়নৰ দিশত মণিপুৰৰ জনসাধাৰণে পালন কৰা ভূমিকাক লৈ গৌৰৱ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মণিপুৰবাসীক শুভেচ্ছা জ্ঞাপন কৰে।নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 06th, 02:10 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 06th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে
November 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত অনুষ্ঠিত বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
July 03rd, 12:45 pm
ৰাষ্ট্ৰপতি মহোদয়াই অভিভাষণ প্ৰদান কৰাৰ পাচত তেওঁক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে মই এই আলোচনাত যোগদান কৰিছো। ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণত দেশবাসীৰ বাবে অনুপ্ৰেৰণা আছিল, উৎসাহ আছিল আৰু এক প্ৰকাৰে সত্যৰ পথকো পুৰস্কৃত কৰা হৈছিল।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ
July 03rd, 12:00 pm
আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।প্ৰতিষ্ঠা দিৱসত মণিপুৰবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
January 21st, 09:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 23rd, 02:11 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, মঞ্চত উপবিষ্ট ইউপি চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল, এই কাৰ্যসূচীত উপস্থিত দেশৰ ক্ৰীড়া জগতৰ সৈতে জড়িত সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কাশীৰ পৰিয়ালৰ লোকসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
September 23rd, 02:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে আৰু ৩০ একৰতকৈও অধিক এলেকাত বাৰাণসীৰ ৰাজাতলাবৰ গঞ্জাৰীত এই অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।মনিপুৰবাসীৰ কাষত থিয় দিছে ভাৰতেঃ প্ৰধানমন্ত্ৰী
August 15th, 05:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত কয় যে ভাৰতে মনিপুৰবাসীৰ কাষত থিয় দিছে আৰু আস্থা প্ৰকাশ কৰে যে এই সমস্যাৱলীৰ এক শান্তিপূৰ্ণ সমাধান ওলাব৷Despite hostilities of TMC in Panchayat polls, BJP West Bengal Karyakartas doing exceptional work: PM Modi
August 12th, 11:00 am
Addressing the Kshetriya Panchayati Raj Parishad in West Bengal via video conference, Prime Minister Narendra Modi remarked that the no-confidence motion tabled by the Opposition against the NDA government was defeated in the Lok Sabha. “The situation was such that the people of the opposition left the house in the middle of the discussion and ran away. The truth is that they were scared of voting on the no-confidence motion,” he said.PM Modi addresses at Kshetriya Panchayati Raj Parishad in West Bengal via VC
August 12th, 10:32 am
Addressing the Kshetriya Panchayati Raj Parishad in West Bengal via video conference, Prime Minister Narendra Modi remarked that the no-confidence motion tabled by the Opposition against the NDA government was defeated in the Lok Sabha. “The situation was such that the people of the opposition left the house in the middle of the discussion and ran away. The truth is that they were scared of voting on the no-confidence motion,” he said.21st century is about fulfilling every Indian's aspirations: PM Modi in Lok Sabha
August 10th, 04:30 pm
PM Modi replied to the Motion of No Confidence in Lok Sabha. PM Modi said that it would have been better if the opposition had participated with due seriousness since the beginning of the session. He mentioned that important legislations were passed in the past few days and they should have been discussed by the opposition who gave preference to politics over these key legislations.লোকসভাত অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
August 10th, 04:00 pm
সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ প্ৰতি বাৰে বাৰে আস্থা প্ৰকাশ কৰাৰ বাবে ভাৰতৰ প্ৰতিজন নাগৰিকৰ প্ৰতি তেওঁ অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহিছে। তেওঁ স্মৰণ কৰে যে এয়া চৰকাৰৰ বাবে নহয় বৰঞ্চ ২০১৮ চনত বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ সময়ত সদনত প্ৰৱৰ্তন কৰাসকলৰ বাবেহে ফ্ল’ৰ টেষ্ট। ‘২০১৯ চনত আমি যেতিয়া নিৰ্বাচন খেলিছিলো তেতিয়া ৰাইজে তেওঁলোকৰ ওপৰত সৰ্বতোপ্ৰকাৰে অনাস্থা ঘোষণা কৰিছিল”, এন ডি এ আৰু বিজেপি দুয়োটা দলে অধিক আসন লাভ কৰা বুলি উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে। এক প্ৰকাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ চৰকাৰৰ বাবে ভাগ্যৰ কথা। লগতে এন ডি এ আৰু বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি ৰাইজৰ আশীৰ্বাদত ২০২৪ চনতো বিজয়ী হৈ ওলাই আহিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে।মণিপুৰৰ ইম্ফলত ৰাজ্য/ৰাজ্যিক শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 24th, 10:10 am
কাৰ্যসূচীত অংশগ্ৰহণ কৰা মোৰ কেবিনেট সহকৰ্মী অনুৰাগ ঠাকুৰজী, সকলো ৰাজ্যৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকল, অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,মণিপুৰৰ ইম্ফলত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিৱিৰ’ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
April 24th, 10:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত ভিডিঅ’ কনফাৰেন্সযোগে যুৱ পৰিক্ৰমা আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ সম্বোধন কৰে।এসময়ত অৱৰোধ আৰু হিংসাজৰ্জৰ উত্তৰ-পূৰ্বাঞ্চল এতিয়া ক্ষীপ্ৰ উন্নয়নৰ বাবে পৰিচিতঃ প্ৰধানমন্ত্ৰী
March 26th, 10:47 am
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এটা টুইটলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে এইদৰে কয়। টুইটটোত শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে পুনৰবাৰ আফছপাৰ অধীনত নাগালেণ্ড, অসম আৰু মণিপুৰৰ অশান্ত অঞ্চলসমূহ হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে লগতে কয় যে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা পৰিস্থিতিৰ যথেষ্ট অগ্ৰগতি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।