৩০.১০.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯৪ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, আমি এইমাত্ৰ পবিত্ৰ ছট পূজা, ভগৱান সূৰ্যৰ উপাসনাৰ বিষয়ে কথা পাতিলো। গতিকে আজি সূৰ্যৰ উপাসনা কৰাৰ লগতে তেওঁৰ আশীৰ্ব্বাদৰ বিষয়েও কিয়নো আলোচনা নকৰো! সূৰ্য ঈশ্বৰৰ এই আশীৰ্বাদ হৈছে - 'সৌৰ শক্তি'। সৌৰ শক্তি আজি এনে এক বিষয়, য'ত সমগ্ৰ বিশ্বই ইয়াৰ ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু ভাৰতৰ বাবে, সূৰ্য ঈশ্বৰক কেৱল শতিকা ধৰি উপাসনা কৰাই নহয় ই আমাৰ জীৱন শৈলীৰ কেন্দ্ৰবিন্দুও হৈ আহিছে। আজি ভাৰতে নিজৰ পৰম্পৰাগত অভিজ্ঞতাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰি আছে, সেয়েহে আজি আমি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত এখন হৈ পৰিছো। সৌৰ শক্তিয়ে আমাৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন কেনেদৰে সলনি কৰি আছে সেয়াও অধ্যয়নৰ বিষয়।৩৬সংখ্যক ৰাষ্ট্ৰীয় গেমছত ১০ বছৰীয়া মল্লখাম্ব খেলুৱৈ শৌৰ্যজিতৰ প্ৰদৰ্শনৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
October 08th, 10:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৬সংখ্যক ৰাষ্ট্ৰীয় গেমছত ১০ বছৰীয়া মল্লখাম্ব খেলুৱৈ শৌৰ্যজিতৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে৷