এছিয়ান গেমছ ২০২২ ত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

November 01st, 07:00 pm

মই আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ বিচাৰি আছিলো আৰু লগতে অপেক্ষা কৰি আছো, কেতিয়া লগ পাম, কেতিয়া মই আপোনালোকৰ অভিজ্ঞতা শুনিবলৈ পাম। আৰু মই দেখিছোঁ যে যেতিয়াই আপোনালোক নতুন উৎসাহেৰে আহে, নিজেই এক বৃহৎ অনুপ্ৰেৰণা হৈ পৰে, দেশৰ বাবে দহৰ বাবে। গতিকে প্ৰথমে, মই আপোনালোক সকলোকে পোনপ্ৰথমেই এষাৰ কথাই ক’বলৈ বিচাৰিছো, সেয়া হৈছে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন। আপোনালোক ভাৰতৰ বাহিৰত আছিল, চীনত খেলি আছিল, কিন্তু হয়তো আপোনালোকে হয়তো নাজানে, মইও আপোনালোকৰ সৈতেই আছিলো, মনে প্ৰাণে। মই আপোনালোকৰ প্ৰতিটো মুহূৰ্ত খবৰ ৰাখিছিলো, আপোনালোকৰ প্ৰচেষ্টা, আপোনালোকৰ আত্মবিশ্বাসৰ গাঁথা শুনি বিভোৰ হৈছিলো। আপোনালোক সকলোৱে দেশখনক যিদৰে গৌৰৱান্বিত কৰিছে, সেয়া সঁচাকৈয়ে অভূতপূৰ্ব। আৰু তাৰ বাবে, আপোনালোকক, আপোনালোকৰ প্ৰশিক্ষকসকলক, আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক যিমানেই অভিনন্দন দিম সিমানে কমেই হ’ব। আৰু এই ঐতিহাসিক সফলতাৰ বাবে দেশবাসীৰ হৈ মই আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো।

এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

November 01st, 04:55 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ নেচনেল ষ্টেডিয়ামত ভাৰতৰ এছিয়ান পেৰা গেমছৰ দলটোৰ সৈতে মত বিনিময় কৰে আৰু সম্বোধন কৰে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ক্ৰীড়াবিদসকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে তেওঁলোকক প্ৰেৰণা যোগোৱাৰ প্ৰয়াস কৰে।

এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 10th, 06:25 pm

এয়া এক ভাল লগা কাকতালীয় ঘটনা যে ১৯৫১ চনত এইডোখৰ স্থানত, এইখন ষ্টেডিয়ামতে প্ৰথমবাৰৰ বাবে ‘এছিয়ান গে’মছ’ অনুষ্ঠিত হৈছিল। আজি, আপোনালোকৰ লগতে সকলো খেলুৱৈয়ে যি পৰাক্ৰম দেখুৱালে, আপোনালোকে যি পুৰুষাৰ্থ দেখুৱলে, আপোনালোকে যি সাফল্য সম্ভৱ কৰি দেখুৱালে তাৰ বাবে দেশৰ প্ৰতিটো কোণত এক উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে ১০০ তকৈয়ো অধিক পদক জয় কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি দিছিল। ‘এছিয়ান গে’মছ’ত আপোনালোক সকলো খেলুৱৈৰ প্ৰদৰ্শনক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে।

এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে

October 10th, 06:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চাঁদ ষ্টেডিয়ামত এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলক সম্বোধন কৰে। তেওঁ খেলুৱৈসকলৰ সৈতেও বাৰ্তালাপ কৰে। ভাৰতে এছিয়ান গেমছ ২০২২ত ২৮টা সোণৰ পদকসহ ১০৭টা পদক লাভ কৰে আৰু ই হৈছে মহাদেশীয় মাল্টি স্পৰ্ট ইভেণ্টত লাভ কৰা মুঠ পদকৰ সংখ্যাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

‘এছিয়ান গে’মছ ২০২২’ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ১০ অক্টোবৰত বাৰ্তালাপ কৰাৰ লগতে অনুষ্ঠানত ভাষণ প্ৰদান কৰিব

October 09th, 01:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ অক্টোবৰ, ২০২৩ তাৰিখে আবেলি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ ‘মেজৰ ধ্যান চান্দ ষ্টেডিয়াম’ত ‘এছিয়ান গে’মছ ২০২২’ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰিব।

নতুন দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত "আদি মহোৎসৱ" উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ

February 16th, 10:31 am

মোৰ কেবিনেট সহকৰ্মী শ্ৰী অৰ্জুন মুণ্ডাজী, শ্ৰী ফাগ্গন সিং কুলাষ্টেজী, শ্ৰীমতী ৰেণুকা সিং জী, ড০ ভাৰতী পাৱাৰজী, শ্ৰী বিশেশ্বৰ টুডুজী, অন্যান্য বিশিষ্ট ব্যক্তি সকল আৰু দেশৰ বিভিন্ন ৰাজ্যৰ মোৰ সকলো জনজাতীয় ভাই-ভনীসকল! আদি মহোৎসৱলৈ আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।

প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদি মহোৎসৱ উদ্বোধন কৰে

February 16th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বৃহৎ ৰাষ্ট্ৰীয় জনজাতীয় মহোৎসৱ আদি মহোৎসৱ উদ্বোধন কৰে। আদি মহোৎসৱ হৈছে ৰাষ্ট্ৰীয় মঞ্চত জনজাতীয় সংস্কৃতি প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস আৰু ই জনজাতীয় সংস্কৃতি, শিল্পকলা, ৰন্ধনপ্ৰণালী, বাণিজ্য আৰু পৰম্পৰাগত কলাৰ সত্বা দাঙি ধৰে। ই জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত জনজাতীয় সমবায় বিপণন বিকাশ ফেডাৰেচন লিমিটেডৰ (ট্ৰাইফেড) বাৰ্ষিক পদক্ষেপ।

১৬ ফেব্ৰুৱাৰীত দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদী মহোৎসৱৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 15th, 08:51 am

প্ৰধানমন্ত্ৰীয়ে দেশৰ জনজাতীয় জনসংখ্যাৰ কল্যাণৰ বাবে অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে দেশৰ বিকাশ আৰু উন্নয়নত তেওঁলোকৰ অৱদানৰ প্ৰতিও উপযুক্ত সন্মান জনাই আহিছে। জনজাতীয় সংস্কৃতিক ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শনৰ প্ৰয়াসেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদি মহোৎসৱ শীৰ্ষক বিশাল ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ উদ্বোধন কৰিব।

প্রধানমন্ত্রীয়ে ২৬ ডিচেম্বৰত মেজৰ ধ্যানচান্দ জাতীয় ষ্টেডিয়ামত ঐতিহাসিক ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰিব

December 24th, 07:29 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ২৬ ডিচেম্বৰত দুপৰীয়া ১২টা ৩০ মিনিটত মেজৰ ধ্যানচান্দ জাতীয় ষ্টেডিয়ামত ঐতিহাসিক ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰিব। তেওঁ প্রায় ৩০০জন শিশু কীর্তনীয়াৰ সৈতে ‘শবদ কীর্তন’ত অংশ ল'ব। এই বিশেষ আয়োজনত শ্রী মোদীয়ে প্রায় ৩ হাজাৰ ছাত্রছাত্রীৰ কুচকাৱাজৰ সূচনা কৰিব।

গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 12th, 06:40 pm

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!

প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে

March 12th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।

উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

January 02nd, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।

উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

January 02nd, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।

PM Modi to lay foundation stone of Major Dhyan Chand Sports University in Meerut, Uttar Pradesh

December 31st, 11:11 am

Prime Minister Shri Narendra Modi will visit Meerut on 2nd January 2022 and lay the foundation stone of Major Dhyan Chand Sports University at around 1 PM. The University will be established at Salawa and Kaili villages of Sardhana town in Meerut at an estimated cost of about Rs 700 Crore.

India is proud of its diversity: PM Narendra Modi

October 31st, 07:30 am

PM Narendra Modi flagged off the 'Run for Unity’ today. The PM remarked, “We are proud of Sardar Patel’s contribution to India before we attained freedom and during the early years after we became independent.”

PM Modi flags off 'Run for Unity’

October 31st, 07:28 am

Paying tributes to Sardar Vallabhbhai Patel on his birth anniversary, PM Narendra Modi flagged off the 'Run for Unity’ today. The PM remarked, “We are proud of Sardar Patel’s contribution to India before we attained freedom and during the early years after we became independent.”