কেবিনেটে অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে আৰু ‘মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম’ নামেৰে নামকৰণত অনুমোদন জনায়
January 05th, 08:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা আৰু “মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম” নামেৰে নামাকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে।অযোধ্যা ধামত মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
December 30th, 04:50 pm
এই উপলক্ষে আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অযোধ্যা বিমান বন্দৰৰ নাম মহৰ্ষি বাল্মীকিৰ নামেৰে নামাকৰণ ৰখাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে মহৰ্ষি বাল্মীকিৰ ৰামায়ণ হৈছে জ্ঞানৰ পথ যিয়ে আমাক শ্ৰী ৰামৰ সৈতে সংযোগ কৰে। আধুনিক ভাৰতৰ মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে আমাক অযোধ্যা ধাম আৰু ঐশ্বৰিক-নতুন ৰাম মন্দিৰৰ সৈতে সংযোগ কৰিব। প্ৰথম পৰ্যায়ত বিমান বন্দৰটোৱে বছৰি ১০ লাখ যাত্ৰী আৰু দ্বিতীয় পৰ্যায়ৰ পিছত, মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে বছৰি ৬০ লাখ যাত্ৰীক সেৱা আগবঢ়াব।