আমি ইতিহাসৰ ভুলবোৰ সংশোধন কৰি আছোঁ যিয়ে যোগ্য নেতা আৰু যোদ্ধাসকলক সন্মান কৰা নাছিলঃ প্ৰধানমন্ত্ৰী

February 16th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে দেশলৈ অপৰিসীম অৱদান আগবঢ়োৱা ঐতিহাসিক বীৰ-বীৰাংগনাসকলৰ অৱদান মনত ৰখাটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ । তেওঁ দুখ প্ৰকাশ কৰে যে যিসকলে ভাৰত আৰু ভাৰতীয়ত্বৰ বাবে সকলো ত্যাগ কৰিছিল তেওঁলোকক ইতিহাসৰ পাতত তেওঁলোকৰ প্ৰাপ্য স্থান দিয়া হোৱা নাই। ভাৰতীয় ইতিহাস ৰচয়িতাসকলে ইতিহাস ৰচনা কৰাৰ সময়ত সেইসকল লোকৰ প্ৰতি যি অন্যায়-অবিচাৰ কৰিছিল এতিয়া সেয়া সংশোধন কৰা হৈছে, কিয়নো আমি আমাৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিছোঁ। এই সন্ধিক্ষণত তেওঁলোকৰ অৱদান স্মৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত চিত্তাউৰা হ্ৰদৰ উন্নয়নমূলক কাম আৰু মহাৰাজা সুহেলদেৱ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এইদৰে মন্তব্য কৰে।

উত্তৰপ্ৰদেশৰ বাহৰেইচত মহাৰাজা সুহলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 16th, 11:24 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।

মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ

February 16th, 11:23 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।

মহাৰাজা সুহেলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

February 14th, 11:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২১ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে মহাৰাজা সুহেলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰিব৷ মহাৰাজা সুহেলদেৱৰ জন্ম বাৰ্ষিকী উপলক্ষে উত্তৰপ্ৰদেশৰ বাহৰেইচত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো অনুষ্ঠানত উপস্থিত থাকিব৷