বাবলিয়ালী ধামৰ এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ

বাবলিয়ালী ধামৰ এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ

March 20th, 04:35 pm

প্ৰথমে ভৰৱদ সমাজৰ পৰম্পৰাৰ প্ৰতি আৰু সমগ্ৰ পৰম্পৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সকলো শ্ৰদ্ধাৰ সন্ত, মহন্ত আৰু সকলো সমাজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আনন্দ বহুগুণ বৃদ্ধি পাইছে। এইবাৰ যি মহাকুম্ভ অনুষ্ঠিত হৈছিল, সেয়া ঐতিহাসিক আছিল যদিও সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়ো। কাৰণ মহাকুম্ভৰ শুভ উপলক্ষত মহন্ত শ্ৰী ৰাম বাপু জীয়ে মহা মণ্ডলেশ্বৰ উপাধি লাভ কৰিছিল। এয়া যথেষ্ট বৃহৎ অনুষ্ঠান আৰু আমাৰ সকলোৰে বাবে অসীম আনন্দৰ অনুষ্ঠান। মই ৰাম বাপুজীৰ লগতে সমাজৰ সমূহ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বাৱলিয়ালী ধাম কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

বাৱলিয়ালী ধাম কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 20th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভৰৱাদ সম্প্ৰদায়ৰ সৈতে জড়িত বাৱলিয়ালি ধামৰ অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়। সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে সমাজৰ আগশাৰীৰ ব্যক্তি মহন্ত শ্ৰী ৰাম বাপুজী আৰু উপস্থিত সহস্ৰাধিক ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভৰৱাদ জনগোষ্ঠীৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা পূজনীয় সাধু-মহন্তসকলক সশ্ৰদ্ধ প্ৰণাম জনাই তেওঁ ভাষণ আৰম্ভ কৰে। ঐতিহাসিক মহাকুম্ভৰ লগত জড়িত অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে এই পবিত্ৰ অনুষ্ঠানত মহন্ত শ্ৰী ৰাম বাপু জীক মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰাৰ উল্লেখযোগ্য অনুষ্ঠানত নিজৰ চিন্তা ব্যক্ত কৰি সকলোৰে বাবে এক বৃহৎ সাফল্য আৰু অপৰিসীম আনন্দৰ উৎস বুলি অভিহিত কৰে। তেওঁ মহন্ত শ্ৰী ৰাম বাপু জী আৰু সমাজৰ পৰিয়ালবৰ্গলৈ তেওঁলোকৰ অৱদান আৰু কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে মহামণ্ডলেশ্বৰ স্বামী শান্তিগিৰি মহাৰাজক সাক্ষাৎ কৰে

প্ৰধানমন্ত্ৰীয়ে মহামণ্ডলেশ্বৰ স্বামী শান্তিগিৰি মহাৰাজক সাক্ষাৎ কৰে

November 14th, 06:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহামণ্ডলেশ্বৰ স্বামী শান্তিগিৰি মহাৰাজক সাক্ষাৎ কৰে আৰু দৰিদ্ৰ তথা পিছপৰা লোকসকলক সবলীকৰণ কৰিবলৈ তেওঁ চলোৱা প্ৰচেষ্টাৰ শলাগ লয়।