PM Modi delivers impactful addresses in Chhatrapati Sambhajinagar, Panvel & Mumbai, Maharashtra

November 14th, 02:30 pm

In powerful speeches at public meetings in Chhatrapati Sambhajinagar, Panvel & Mumbai, Prime Minister Narendra Modi highlighted the crucial choice facing Maharashtra in the upcoming elections - between patriotism and pisive forces. PM Modi assured the people of Maharashtra that the BJP-Mahayuti government is dedicated to uplifting farmers, empowering youth, supporting women, and advancing marginalized communities.

মুম্বাইত অভিজাত মাৰাঠী ভাষা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 05th, 07:05 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱীছ জী, অজিত পাৱাৰ জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী, বহু প্ৰজন্মত নিজৰ গায়কীৰে পৰিচয় দাঙি ধৰা আশাতাই জী, সুপৰিচিত অভিনেতা ভাই শচীন জী, নামদেৱ কম্বলে জী, সদানন্দ ম’ৰে জী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী ভাই দীপক জী, মংগলপ্ৰভাত লোধা জী, বিজেপি মুম্বাইৰ সভাপতি ভাই আশীষ জী, অন্যান্য বিশিষ্ট ভাই-ভনীসকল!

মহাৰাষ্ট্ৰৰ মুম্বাইত অভিজাত মাৰাঠী ভাষাৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

October 05th, 07:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিজাত মাৰাঠী ভাষাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই উপলক্ষে ভাষণত তেওঁ কয় যে মাৰাঠী ভাষাক কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে এই মুহূৰ্তৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাৰাঠী ভাষাৰ ইতিহাসৰ এক সোণালী মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ মাৰাঠী ভাষী লোকসকলৰ দীৰ্ঘদিনীয়া আকাংক্ষাক স্বীকাৰ কৰি মহাৰাষ্ট্ৰৰ সপোন পূৰণৰ দিশত অৰিহণা যোগোৱাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰবাসীক অভিনন্দন জনোৱাৰ লগতে এই ঐতিহাসিক সাফল্যৰ অংশ হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে বাংলা, পালি, প্ৰাকৃত, আৰু অসমীয়া ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা বুলি ঘোষণা কৰি এই ভাষাসমূহৰ সৈতে জড়িত লোকসকলক অভিনন্দন জ্ঞাপন কৰে।

ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

September 20th, 11:45 am

মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন

September 20th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।

ওড়িশাৰ ভুৱনেশ্বৰত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন/ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 17th, 12:26 pm

ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন মাঞ্জী জী, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ জুৱাল ওৰাম জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, অন্নপূৰ্ণা দেৱী জী, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কে. ভি সিংদেৱ জী, শ্ৰীমতী প্ৰভাতি পৰিদা জী, সাংসদ, বিধায়ক, দেশৰ প্ৰতিটো কোণৰ পৰা আজি আমাৰ লগত যোগদান কৰা আন সকলো গণ্যমান্য ব্যক্তি আৰু মোৰ ওড়িশাৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ভূৱনেশ্বৰত 'সুভদ্ৰা' নামৰ সৰ্ববৃহৎ মহিলাকেন্দ্ৰিক আঁচনিৰ শুভাৰম্ভ কৰে

September 17th, 12:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ মুখ্য আঁচনি 'সুভদ্ৰা' মুকলি কৰে। ই হৈছে সৰ্ববৃহৎ, একক মহিলা কেন্দ্ৰিক আঁচনি আৰু ই ১ কোটিৰো অধিক মহিলাক সামৰি ল'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ১০ লাখতকৈও অধিক মহিলাৰ বেংক একাউণ্টত পুঁজি স্থানান্তৰৰ কামআৰম্ভ কৰে। শ্ৰী মোদীয়ে ২৮০০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰাৰ লগতে ১০ কোটি টকাৰ অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৪ খন ৰাজ্যৰ পিএমএৱাই-জিৰ অধীনত প্ৰায় ১০ লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য মুকলি কৰে, সমগ্ৰ দেশৰ পৰা পিএমএৱাই (গ্ৰাম্য আৰু নগৰ)ৰ ২৬ লাখ হিতাধিকাৰীৰ বাবে গৃহ প্ৰৱেশ উদযাপনত অংশগ্ৰহণ কৰে আৰু পিএমএৱাই (গ্ৰামীণ আৰু নগৰ) হিতাধিকাৰীসকলক ঘৰৰ চাবি প্ৰদান কৰে।লগতে, তেওঁ পিএমএৱাই-জিৰ বাবে অতিৰিক্ত পৰিয়ালৰ জৰীপৰ বাবে আৱাস+ ২০২৪ এপ মুকলি কৰে, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰ্যকৰী নিৰ্দেশনা – নগৰ (পিএমএৱাই-ইউ)২.০ মুকলি কৰে।

জন্ম জয়ন্তীত ‘লোকমান্য’ তিলকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

July 23rd, 09:57 am

জন্মজয়ন্তীত ‘লোকমান্য’ তিলকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে পুনেত যোৱা বছৰ অনুষ্ঠিত কাৰ্যসূচীত প্ৰদান কৰা ভাষণো শ্বেয়াৰ কৰে, যিটো অনুষ্ঠানত তেওঁক ‘লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা’ৰে সন্মানিত কৰা হৈছিল।

মুম্বাইত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 13th, 06:00 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছজী, মুখ্যমন্ত্ৰী একনাথ শিন্দেজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, ৰামদাস আঠৱালেজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছজী, অজিত দাদা পাৱাৰজী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী মংগল প্ৰভাত জী, দীপক কেচৰকাৰজী, আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল।

মহাৰাষ্ট্ৰৰ মুম্বাইত ২৯,৪০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

July 13th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত ২৯,৪০০ কোটি টকাৰো অধিক মূল্যৰ পথ, ৰে’ল আৰু বন্দৰ খণ্ডৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশৰ নামত উৎসৰ্গা কৰে।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ লোকসভাক সম্বোধনৰ পূৰ্ণপাঠ

September 19th, 01:50 pm

নতুন সংসদ ভৱনত এয়া প্ৰথম আৰু ঐতিহাসিক অধিৱেশন। সকলো সন্মানীয় সাংসদ আৰু দেশবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ লোকসভাক সম্বোধন

September 19th, 01:18 pm

সদনক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি নতুন সংসদ ভৱনত ঐতিহাসিক প্ৰথম অধিৱেশন অনুষ্ঠিত হোৱা বুলি উল্লেখেৰে এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। নতুন সংসদ ভৱনত প্ৰথম দিনাই বিশেষ অধিৱেশনত সদনক সম্বোধনৰ সুযোগ প্ৰদানৰ বাবে অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ লগতে সদনৰ সদস্যসকলক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে নতুন সংসদ ভৱনত প্ৰৱেশেৰে ভৱিষ্যতৰ সংকল্প গ্ৰহণেৰে অগ্ৰসৰ হোৱাৰ এই ক্ষণেই হৈছে অমৃত কালৰ আৰম্ভণি। শেহতীয়া সাফল্যৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজ্ঞান খণ্ডত চন্দ্ৰযান ৩ৰ সফলতা আৰু জি-২০ সন্মিলন আৰু বিশ্ব পৰ্য্যায়ত ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰে। তেখেতে কয় যে ভাৰতৰ সন্মুখত এক অনন্য সুযোগ প্ৰতিভাত হৈছে আৰু ইয়াৰ আলোকত ৰাষ্ট্ৰখনৰ নতুন সংসদ ভৱন আজি কাৰ্য্যক্ষম হৈ উঠিছে। গণেশ চতুৰ্থীৰ শুভ লগনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাবা গণেশ হৈছে সমৃদ্ধি, মংগল আৰু জ্ঞানৰ দেৱতা। “এয়া সংকল্পৰাজি পৰিপূৰণ তথা নতুন উদ্যম আৰু শক্তিৰে নতুন যাত্ৰা আৰম্ভৰ সময়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। গণেশ চতুৰ্থী আৰু এই নতুন আৰম্ভণি উপলক্ষে লোকমান্য তিলকক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত লোকমান্য তিলকে গণেশ চতুৰ্থীক সমগ্ৰ দেশতে স্বৰাজৰ শিখা প্ৰজ্জ্বলনৰ মাহেন্দ্ৰ ক্ষণলৈ ৰূপান্তৰিত কৰিছিল। আজি আমিও একে প্ৰেৰণাৰে আগবাঢ়িছো বুলি শ্ৰী মোদীয়ে কয়।

মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 12:15 pm

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

September 14th, 11:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।

মহাৰাষ্ট্ৰৰ পুণেত বিভিন্ন প্ৰকল্প প্ৰতিষ্ঠা আৰু উদ্বোধনৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 01st, 02:00 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছ জী আৰু অজিত পাৱাৰ জী, দিলীপ জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক, ভাতৃ-ভগ্নীসকল!

মহাৰাষ্ট্ৰৰ পুনেত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

August 01st, 01:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে মেট্ৰ’ লাইনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা অংশ উদ্বোধন কৰাৰ লগতে মেট্ৰ’ ৰে’লৰ শুভাৰম্ভ কৰে। লগতে পিমপ্ৰি চিঞ্চৱাড় পৌৰ নিগমে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ১,২৮০টাতকৈও অধিক ঘৰ আৰু পুনে পৌৰ নিগমে নিৰ্মাণ কৰা ২,৬৫০টাতকৈও অধিক পিএমএৱাই আবাস হিতাধিকাৰীক অৰ্পণ কৰে। তেওঁ পিচিএমচিয়ে নিৰ্মাণ কৰিবলগীয়া প্ৰায় ১,১৯০টা পিএমএৱাই ঘৰ আৰু পুনে মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰিবলগীয়া ৬,৪০০ৰো অধিক ঘৰৰ আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রীয়ে প্রায় ৩০০ কোটি টকা ব্যয়েৰে বিকাশ সাধন কৰা পিচিএমচিৰ অধীনত এটা আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্লাণ্টো উদ্বোধন কৰে৷

Lokmanya Tilak was a great institution builder and a nurturer of traditions: PM Modi

August 01st, 12:00 pm

PM Modi was conferred the Lokmanya Tilak National Award in Pune. PM Modi described the honour bestowed on him by the place and institution directly linked with the Lokmanya as ‘unforgettable’. He dedicated the Lokmanya Tilak Award to the 140 crore citizens of India. He assured them that the government will leave no stone unturned to help them achieve their dreams and aspirations. The Prime Minister also donated the cash prize to the Namami Gange Project.

মহাৰাষ্ট্ৰৰ পুনেত প্ৰধানমন্ত্ৰীক প্ৰদান কৰিলে লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা

August 01st, 11:45 am

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক আজি মহাৰাষ্ট্ৰৰ পুনেত লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। লোকমান্য তিলকৰ উত্তৰাধিকাৰক সন্মান জনাই ১৯৮৩ চনত তিলক স্মাৰক মন্দিৰ ট্ৰাষ্টে এই বঁটা প্ৰদান আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে নগদ ধনৰ পুৰস্কাৰ নমামি গংগা প্ৰকল্পৰ নামত উচৰ্গা কৰে৷

‘লোকমান্য তিলক’ক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

August 01st, 08:29 am

শ্ৰী মোদীয়ে আজি পুনেত ‘লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা’ গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে পুনেত এলানি উন্নয়নমূলক প্ৰকল্প আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প উদ্বোধনো কৰিব।

জয়ন্তী উপলক্ষে লোকমান্য তিলকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

July 23rd, 09:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জয়ন্তী উপলক্ষে লোকমান্য তিলকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয় যে স্বাধীনতা আন্দোলনত তেওঁ সাহস, সংগ্ৰাম আৰু সমৰ্পণৰ কাহিনীয়ে দেশবাসীক সদায় অনুপ্ৰাণিত কৰি থাকিব৷