
Prime Minister condoles the demise of Thiru Kumari Ananthan
April 09th, 02:05 pm
The Prime Minister, Shri Narendra Modi has expressed deep grief over the demise of veteran leader Thiru Kumari Ananthan.
লেক্স ফ্ৰিডমেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পডকাষ্ট এতিয়া কেইবাটাও ভাষাত উপলব্ধ
March 23rd, 12:21 pm
প্ৰখ্যাত এআই গৱেষক তথা পডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া পডকাষ্ট এতিয়া কেইবাটাও ভাষাত আছে আৰু ই বিশ্বজনীন স্তৰত উপলব্ধ হৈছে।
লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 06:07 am
১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 11th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধনেৰে সমবেতসকলক সম্বোধন কৰে
February 21st, 05:00 pm
আজি দিল্লীত মাৰাঠী ভাষাৰ প্ৰতি উৎসৰ্গিত এই সন্মানীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কেৱল এটা ভাষা বা ৰাজ্যতে সীমাবদ্ধ নহয়। মাৰাঠী সাহিত্যৰ এই সন্মিলনে স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্ম, লগতে মহাৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ সাংস্কৃতিক ঐতিহ্যক বহন কৰে। জ্ঞানেশ্বৰ আৰু টুকাৰামৰ মাৰাঠী ভাষাক আজি ৰাজধানী দিল্লীত সম্পূৰ্ণ অন্তৰেৰে সন্মান জনোৱা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে
February 21st, 04:30 pm
আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ নতুন দিল্লীত আয়োজিত মাৰাঠী ভাষাৰ বৃহৎ অনুষ্ঠানত সকলো মাৰাঠীক আদৰণি জনায়। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কোনো ভাষা বা অঞ্চলত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই সন্মিলনত স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্মৰ লগতে মহাৰাষ্ট্ৰ আৰু দেশৰ সাংস্কৃতিক ঐতিহ্যও সন্নিবিষ্ট কৰা হৈছে। ১৮৭৮ চনৰ পৰা এতিয়ালৈকে অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলনখনে ১৪৭ বছৰীয়া ভাৰতৰ যাত্ৰাৰ সাক্ষী হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে শ্ৰী মহাদেৱ গোবিন্দ ৰানাদে, শ্ৰী হৰি নাৰায়ণ আপ্তে, শ্ৰী মাধৱ শ্ৰীহৰি আনে, শ্ৰী শিৱৰাম পাৰাঞ্জপে, শ্ৰীযুত বীৰ সাৱৰকৰৰ দৰে বহু দীক্ষিত ব্যক্তিয়ে সন্মিলনৰ সভাপতিত্ব কৰিছিল। এই গৌৰৱময় পৰম্পৰাৰ অংশ হ’বলৈ শ্ৰী শৰদ পাৱাৰে আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এই অনুষ্ঠানৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ সকলো মাৰাঠী অনুৰাগীলৈ অভিনন্দন জ্ঞাপন কৰে। আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাৰাঠী ভাষাৰ কথা ভাবিলে সন্ত জ্ঞানেশ্বৰৰ পদ্যৰ কথা মনত পেলোৱাটো একেবাৰে স্বাভাৱিক। সন্ত জ্ঞানেশ্বৰৰ এটা পদ্য আবৃত্তি কৰি শ্ৰী মোদীয়ে বুজাই দিয়ে যে মাৰাঠী ভাষা অমৃততকৈও মধুৰ আৰু সেয়েহে মাৰাঠী ভাষা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ প্ৰেম আৰু স্নেহ অপৰিসীম। মাৰাঠী পণ্ডিতসকলৰ দৰে পাকৈত নহ’লেও প্ৰধানমন্ত্ৰীয়ে বিনম্ৰতাৰে কয় যে তেওঁ সদায় মাৰাঠী শিকিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনখন উল্লেখযোগ্য সময়ত অনুষ্ঠিত হৈছিল যেতিয়া দেশে ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰীয়া জয়ন্তী, পুণ্যশ্ৰক অহিল্যবাই হোলকাৰৰ ৩০০ বছৰীয়া জন্ম জয়ন্তী আৰু বাবাছাহেব আম্বেদকাৰৰ প্ৰচেষ্টাত সৃষ্টি হোৱা আমাৰ সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তীৰ সাক্ষী হৈছে। এশ বছৰ পূৰ্বে এজন বিশিষ্ট মাৰাঠী ব্যক্তিয়ে মহাৰাষ্ট্ৰৰ মাটিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বীজ ৰোপণ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে আজি ই শতবাৰ্ষিকী উদযাপন কৰি এক বিশাল গছত পৰিণত হৈছে। তেওঁ জোৰ দি কয় যে বিগত ১০০ বছৰে আৰ এছ এছে নিজৰ সাংস্কৃতিক প্ৰচেষ্টাৰ জৰিয়তে বেদৰ পৰা বিবেকানন্দলৈকে ভাৰতৰ মহান পৰম্পৰা আৰু সংস্কৃতিক নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ গৈছে। তেওঁ উল্লেখ কৰে যে আন লাখ লাখ লোকৰ সৈতে তেওঁৰ সৌভাগ্য হৈছে যে আৰ এছ এছৰ দ্বাৰা দেশৰ বাবে জীয়াই থাকিবলৈ অনুপ্ৰাণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে এই কথাও স্বীকাৰ কৰে যে আৰ এছ এছৰ জৰিয়তেহে তেওঁ মাৰাঠী ভাষা আৰু পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাইছিল। তেওঁ আলোকপাত কৰে যে কেইমাহমানৰ আগতে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল, যাৰ বাবে ভাৰত আৰু বিশ্বৰ ১২ কোটিৰো অধিক মাৰাঠী ভাষীয়ে এই স্বীকৃতিৰ বাবে দশক দশক ধৰি অপেক্ষা কৰি আছিল। এই কামটো সম্পন্ন কৰাৰ সুযোগ পোৱাটো তেওঁ জীৱনৰ এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰিছে।“ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয় বৰঞ্চ আমাৰ সংস্কৃতিৰ বাহক”, প্ৰধানমন্ত্ৰীয়ে উচ্চাৰণ কৰে। তেওঁ উল্লেখ কৰে যে ভাষাসমূহ সমাজত জন্ম লোৱাৰ বিপৰীতে ইয়াক গঢ় দিয়াতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ আলোকপাত কৰে যে মাৰাঠীয়ে মহাৰাষ্ট্ৰ আৰু দেশৰ বহু ব্যক্তিৰ চিন্তাধাৰাক প্ৰকাশ কৰিছে, আমাৰ সাংস্কৃতিক বিকাশত অৰিহণা যোগাইছে। মাৰাঠী ভাষাৰ গুৰুত্ব সন্দৰ্ভত সমৰ্থ ৰামদাস জীৰ কথাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “মাৰাঠী হৈছে এক সম্পূৰ্ণ ভাষা, য’ত শৌৰ্য্য, সৌন্দৰ্য্য, সংবেদনশীলতা, সমতা, সমন্বয়, আধ্যাত্মিকতা, আৰু আধুনিকতা সন্নিবিষ্ট কৰা হৈছে”। তেওঁ উল্লেখ কৰে যে মাৰাঠীত ভক্তি, শক্তি, বুদ্ধি আদি অন্তৰ্ভুক্ত। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে যেতিয়া ভাৰতত আধ্যাত্মিক শক্তিৰ প্ৰয়োজন হৈছিল তেতিয়া মহাৰাষ্ট্ৰৰ মহান সন্তসকলে ঋষিসকলৰ জ্ঞানক মাৰাঠী ভাষাত সুলভ কৰি তুলিছিল। তেওঁ মাৰাঠী ভাষাত ভক্তি আন্দোলনৰ জৰিয়তে সমাজক এক নতুন দিশ দেখুৱাই দিয়া সন্ত জ্ঞানেশ্বৰ, সন্ত টুকাৰম, সন্ত ৰামদাস, সন্ত নামদেৱ, সন্ত টুকদোজী মহাৰাজ, গডজে বাবা, গোৰা কুম্ভৰ, আৰু বাহিনাবাইৰ অৱদানক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে আধুনিক যুগত শ্ৰী গজানন দিগম্বৰ মাদগুলকাৰ আৰু শ্ৰী সুধীৰ ফাডকেৰ গীত ৰামায়ণৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। যুগ যুগ ধৰি চলি থকা অত্যাচাৰৰ সময়ত মাৰাঠী ভাষা আগ্ৰাসীৰ পৰা মুক্তিৰ ঘোষণাত পৰিণত হোৱা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ছাত্ৰপতি শিৱাজী মহাৰাজ, সম্ভাজী মহাৰাজ, বাজীৰাও পেশ্বৱাৰ দৰে মাৰাঠা যোদ্ধাসকলৰ শত্ৰুপক্ষৰ তীব্ৰ বিৰোধিতা কৰা বীৰত্বৰ কথা উল্লেখ কৰে। তেওঁ লক্ষ্য কৰে যে স্বাধীনতা সংগ্ৰামত বাসুদেৱ বলৱন্ত ফাডকে, লোকমান্য তিলক, বীৰ সাৱৰকাৰৰ দৰে সংগ্ৰামীয়ে ইংৰাজক বিঘ্নিত কৰিছিল। তেওঁলোকৰ অৱদানত মাৰাঠী ভাষা আৰু সাহিত্যৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰি কয় যে কেছাৰী আৰু মাৰাঠাৰ দৰে বাতৰি কাকত, কবি গোবিন্দগ্ৰজৰ শক্তিশালী কবিতা, ৰাম গণেশ গডকাৰীৰ নাটসমূহে জাতীয়তাবাদৰ মনোভাৱক লালন-পালন কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে লোকমান্য তিলক মাৰাঠী ভাষাত গীতা ৰহস্য ৰচনা কৰিছিল, যিয়ে সমগ্ৰ দেশতে নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। “মাৰাঠী ভাষা আৰু সাহিত্যই সমাজৰ নিপীড়িত আৰু বঞ্চিত শ্ৰেণীৰ বাবে সামাজিক মুক্তিৰ দুৱাৰ মুকলি কৰিছে”, শ্ৰী মোদীয়ে আলোকপাত কৰে। তেওঁ জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে, মহৰ্ষি কাৰ্ৱে, বাবাছাহেব আম্বেদকাৰ আদি মহান সমাজ সংস্কাৰকসকলৰ অৱদানৰ কথা উল্লেখ কৰে, যিসকলে মাৰাঠী ভাষাত নতুন যুগৰ চিন্তাধাৰাক লালন-পালন কৰিছিল। তেওঁ উল্লেখ কৰে যে মাৰাঠী ভাষাই দেশখনক চহকী দলিত সাহিত্য প্ৰদান কৰিছে। তেওঁ জোৰ দি কয় যে আধুনিক চিন্তাধাৰাৰ বাবেই মাৰাঠী সাহিত্যই কল্পবিজ্ঞানো উৎপন্ন কৰিছে। আয়ুৰ্বেদ, বিজ্ঞান, আৰু যুক্তিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ ব্যতিক্ৰমী অৱদানক স্বীকাৰ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সংস্কৃতিয়ে সদায় নতুন ধাৰণা আৰু প্ৰতিভাক আমন্ত্ৰণ জনাই আহিছে, যাৰ ফলত মহাৰাষ্ট্ৰৰ অগ্ৰগতি হৈছে। তেওঁ মন্তব্য কৰে যে মুম্বাই কেৱল মহাৰাষ্ট্ৰৰ নহয়, সমগ্ৰ দেশৰ অৰ্থনৈতিক ৰাজধানী হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মুম্বাইৰ কথা কওঁতে ছবিৰ কথা নক’লে সাহিত্যৰ আলোচনা সম্পূৰ্ণ কৰিব নোৱাৰি। তেওঁ আলোকপাত কৰে যে মহাৰাষ্ট্ৰ আৰু মুম্বাইয়েই মাৰাঠী ছবি আৰু হিন্দী চিনেমা দুয়োটাকে উন্নীত কৰিছে। তেওঁ শিৱাজী সাৱন্তৰ মাৰাঠী উপন্যাসৰ জৰিয়তে সম্ভাজী মহাৰাজৰ বীৰত্বৰ পৰিচয় দিয়া ‘ছাৱ’ চিনেমাখনৰ বৰ্তমান জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে।ড. পীয়েৰ-ছিলভিয়ান ফিল্লিঅ’জাটৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
December 31st, 02:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড০ পিয়েৰ-ছিলভিয়ান ফিলিঅ’জাটৰ মৃত্যুত শোক প্ৰকাশ কৰি সংস্কৃত অধ্যয়নৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষকৈ সাহিত্য আৰু ব্যাকৰণৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হ’ব বুলি উল্লেখ কৰে।সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 29th, 11:30 am
‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।We are working fast in every sector for the development of Odisha: PM Modi at Odisha Parba 2024
November 24th, 08:48 pm
PM Modi addressed Odisha Parba 2024, celebrating Odisha's rich cultural heritage. He paid tribute to Swabhaba Kabi Gangadhar Meher on his centenary, along with saints like Dasia Bauri, Salabega, and Jagannath Das. Highlighting Odisha's role in preserving India's cultural persity, he shared the inspiring tale of Lord Jagannath leading a battle and emphasized faith, unity, and pine guidance in every endeavor.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'ওড়িশা পৰ্ব-২০২৪' উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে
November 24th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ‘ওড়িশা পৰ্ব-২০২৪’ উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ওড়িশাৰ সকলো ভাই-ভনীক সম্ভাষণ জনায়। তেখেতে এই বছৰ স্বভাৱ কবি গংগাধৰ মেহেৰৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে তেওঁ ভক্ত দাশীয়া ভৌৰী, ভক্ত চালাবেগা আৰু ওড়িয়া ভাগৱতৰ জনক শ্ৰী জগন্নাথ দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।পৰম পূজ্য বভুলগাওঁকাৰ মহাৰাজক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 14th, 06:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰম পূজ্য বভুলগাওঁকাৰ মহাৰাজক সাক্ষাৎ কৰে, যিগৰাকী তেঁওঁৰ উদাৰ চিন্তা আৰু লেখাৰ বাবে বহুলভাৱে সন্মানিত।মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত কেবিনেটৰ অনুমোদন
October 03rd, 09:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনাইছে। ধ্ৰুপদী ভাষাসমূহে ভাৰতৰ গভীৰ আৰু প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষক হিচাপে কাম কৰে, যি প্ৰতিটো সম্প্ৰদায়ৰ ঐতিহাসিক আৰু সাংস্কৃতিক মাইলৰ খুঁটিসমূহৰ সাৰমৰ্ম উপস্থাপন কৰে।মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামান্য প্ৰবীন্দ জগনাথৰ সৈতে আগালেগা দ্বীপপুঞ্জত এয়াৰষ্ট্ৰিপ আৰু জেটিৰ যুটীয়া উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
February 29th, 01:15 pm
মহামান্য প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনাথজী, মৰিচাছ কেবিনেটৰ উপস্থিত সদস্যগণ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰ, আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আগালেগাৰ জনসাধাৰণ আৰু সকলো সহকৰ্মী,মৰিচাছৰ আগালেগা দ্বীপত মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথভাৱে নতুন এয়াৰষ্ট্ৰিপ আৰু এখন জেটি উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 29th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবিন্দ জুগনৌথে যৌথভাৱে মৰিচাছৰ আগালেগা দ্বীপত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুন এয়াৰষ্ট্ৰিপ আৰু ছেইণ্ট জেমছ জেটীৰ লগতে ছটা সামূহিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহৰ উদ্বোধন ভাৰত আৰু মৰিচাছৰ মাজত দশক দশক পুৰণি উন্নয়নমূলক অংশীদাৰিত্বৰ সাক্ষী আৰু ই মূল ভূখণ্ড মৰিচাছ আৰু আগলেগাৰ মাজত উন্নত সংযোগৰ দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰিব। তদুপৰি, সামুদ্ৰিক সুৰক্ষা শক্তিশালী কৰিব আৰু আৰ্থ-সামাজিক উন্নয়নকো তৰান্বিত কৰিব। শেহতীয়াকৈ ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত দুয়োগৰাকী নেতাই মৰিচাছত ইউপিআই আৰু ৰুপে’ কাৰ্ড সেৱা আৰম্ভ কৰাৰ পিছতে এই প্ৰকল্পসমূহৰ উদ্বোধনে তাৎপৰ্য বহন কৰিছে।মন কী বাত: 'মোৰ প্ৰথম ভোট-দেশৰ বাবে'...নতুন ভোটদাতাসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
February 25th, 11:00 am
মোৰ প্ৰিয় দেশবাসী, আজি আমাৰ জীৱনত প্ৰযুক্তিৰ গুৰুত্ব বাঢ়িছে। মোবাইল ফোন আৰু ডিজিটেল গেজেট আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। কিন্তু আপোনালোকে জানেনে যে ডিজিটেল গেজেটৰ সহায়ত আমি এতিয়া বন্যপ্ৰাণীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছো? কিছুদিন পিছত ৩ মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হ’ব। বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগতা প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবাৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিষয়বস্তুৱে ডিজিটেল উদ্ভাৱনক আগস্থানত ৰাখিছে। আপোনালোকে জানি আনন্দিত হ’ব যে আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই যোৱা কেইবছৰমানৰ পৰা দেশত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ বাঘ সংৰক্ষিত বনাঞ্চলত বাঘৰ সংখ্যা দুশ পঞ্চাশটাতকৈও অধিক হৈছে। চন্দ্ৰপুৰ জিলাত মানুহ-বাঘৰ সংঘাত হ্ৰাস কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা গ্ৰহণ কৰা হৈছে। তাতে গাঁও আৰু বনাঞ্চলৰ সীমাত কেমেৰা স্থাপন কৰা হয়। যেতিয়াই গাঁৱৰ ওচৰলৈ বাঘ আহে, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত স্থানীয় ৰাইজৰ মোবাইল ফোনলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হয়। আজি এই বাঘ সংৰক্ষিত বনাঞ্চলৰ চাৰিওফালে থকা তেৰখন গাঁৱত এই ব্যৱস্থাই জনসাধাৰণৰ বাবে বহু উপকাৰ সাধন কৰিছে আৰু বাঘৰ সুৰক্ষা নিশ্চিত কৰিছে।পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা উন্মোচনেৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 25th, 04:31 pm
প্ৰথমেই আপোনালোক সকলোকে বৰদিনৰ শুভেচ্ছা জনালোঁ! আজি ভাৰত আৰু ভাৰতীয়তাৰ প্ৰতি বিশ্বাস ৰখা লক্ষ-লক্ষ লোকৰ বাবে প্ৰেৰণা হিচাপে কাম কৰাৰ দিন। মহামান্য মদন মোহন মালৱীয় জীৰ জন্ম বাৰ্ষিকী। আজি অটল জীৰ জন্ম বাৰ্ষিকীও। এই পবিত্ৰ উপলক্ষত মহামান্য মালৱীয় জীৰ চৰণত প্ৰণাম জনাই অটল জীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অটল জীৰ জন্ম বাৰ্ষিকী উপলক্ষে দেশত উদযাপন কৰা হৈছে সুশাসন দিৱস। সুশাসন দিৱসত সকলো নাগৰিককে অভিনন্দন জ্ঞাপন কৰিলোঁ।১৬২ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে ‘পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা’ উন্মোচন কৰে
December 25th, 04:30 pm
প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে বৰদিনৰ শুভেচ্ছা জনাই সম্বোধনৰ আৰম্ভণি কৰে। আজি অটল জয়ন্তী আৰু মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ জয়ন্তী উপলক্ষে আজিৰ এই অনুষ্ঠান ভাৰত আৰু ভাৰতীয়ত্বত বিশ্বাসী লোকসকলৰ বাবে প্ৰেৰণাৰ উৎসৱ বুলি কয়। প্ৰধানমন্ত্ৰী মোদীয়ে মহামান্য পণ্ডিত মদন মোহন মালৱীয় আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপায়ীক প্ৰণাম কৰে। লগতে তেখেতে অটল জয়ন্তী উপলক্ষে সুশাসন দিৱস উদযাপনৰ কথা উল্লেখেৰে ভাৰতৰ প্ৰতিজন নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।মধ্য প্ৰদেশৰ চিত্ৰকোটত অনুষ্ঠিত তুলসী পীঠ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
October 27th, 03:55 pm
চিত্ৰকূটৰ পবিত্ৰ ভূমিক পুনৰবাৰ প্ৰণাম জনাইছো। মই সৌভাগ্যৱান যে আজি দিনটোৰ ভিতৰত ভগৱান শ্ৰীৰামক বিভিন্ন মন্দিৰত দেখাৰ সুযোগ পালোঁ আৰু লগতে সন্তসকলৰ আশীৰ্বাদো পালোঁ। বিশেষকৈ জগদগুৰু ৰামভদ্ৰাচাৰ্য জীৰ পৰা পোৱা মৰমে মোক অভিভূত কৰিছে। সকলো পূজনীয় সাধু, আজি এই পবিত্ৰ স্থানত জগদগুৰু জীৰ পুথি সমূহ মুকলি কৰাৰ সুযোগ পাই মই অত্যন্ত সুখী। অষ্টাধ্যায়ী ভাষ্য, ৰামানন্দাচাৰ্য চৰিতম, আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰাষ্ট্ৰলীলা, এই সকলোবোৰ গ্ৰন্থই ভাৰতৰ মহান জ্ঞান পৰম্পৰাক আৰু অধিক সমৃদ্ধ কৰিব। এই গ্ৰন্থবোৰক জগদগুৰু জীৰ আশীৰ্বাদৰ আন এক ৰূপ বুলি গণ্য কৰোঁ। এই গ্ৰন্থসমূহ উন্মোচন হোৱাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।