প্ৰধানমন্ত্ৰীয়ে ৮ নৱেম্বৰত শ্ৰী সন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখী মাৰ্গ আৰু শ্ৰী সন্ত তুকাৰাম মহাৰাজ পালখী মাৰ্গৰ প্ৰধান খণ্ডসমূহক চাৰি লেন বনোৱাৰ কামৰ আধাৰশিলা স্থাপন কৰিব

November 07th, 04:24 pm

ভক্তসকলৰ পণ্ঢৰপুৰলৈ যাতায়াত সুগম কৰি তোলাৰ প্ৰয়াসৰ জৰিয়তে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নৱেম্বৰ, ২০২১ত দিনৰ ৩-৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে শ্ৰী সন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখী মাৰ্গ (এনএইচ-৯৬৫)ৰ পাঁচটা খণ্ড আৰু শ্ৰী সন্ত তুকাৰাম মহাৰাজ পালখী মাৰ্গ (এনএইচ-৯৬৫জি)ৰ তিনিটা খণ্ডক চাৰি লেন বনোৱা কামৰ আধাৰশিলা স্থাপন কৰিব। এই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে 'পালখী'ৰ বাবে সমৰ্পিত পদপথ নিৰ্মাণ কৰা হ'ব, যাৰ ফলত ভক্তসকলে সুচল আৰু সুৰক্ষিত পথ লাভ কৰিব।