বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী সংস্কৰণ
February 03rd, 07:48 pm
কৃষ্ণগুৰু সেৱাশ্ৰমত সমবেত সকলো সাধু, ঋষি আৰু ভক্তলৈ মোৰ শ্ৰদ্ধাঞ্জলি। যোৱা এমাহ ধৰি চলি আছে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন। কৃষ্ণগুৰু প্ৰভুৱে প্ৰচাৰ কৰা প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰা আজিও বৃদ্ধি পাই থকাত মই সুখী। গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু জীৰ আশীৰ্বাদ আৰু সহযোগিতাৰ লগতে কৃষ্ণগুৰু ভক্তসকলৰ প্ৰচেষ্টাত সেই দেৱত্ব এই অনুষ্ঠানত স্পষ্টকৈ দেখা যায়। অসমলৈ আহি আপোনালোক সকলোৰে সৈতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিলে ভাল আছিল! কৃষ্ণগুৰু প্ৰভুৰ পবিত্ৰ বাসগৃহলৈ আহিবলৈ আগতে কেইবাবাৰো চেষ্টা কৰিছিলো। কিন্তু হয়তো মোৰ প্ৰচেষ্টাত কিছুমান ব্যৰ্থতা আছে যাৰ বাবে মই তালৈ আহিব নোৱাৰিলোঁ। কৃষ্ণগুৰুৰ আশীৰ্বাদে অদূৰ ভৱিষ্যতে তালৈ আহি আপোনালোক সকলোকে প্ৰণাম কৰি আপোনালোকক লগ পোৱাৰ এই সুযোগ দিব বুলি আশা কৰিছো।প্ৰধানমন্ত্ৰীয়ে বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাষণ প্ৰদান কৰে
February 03rd, 04:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চযোগে অসমৰ বৰপেটাস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত বিশ্ব শান্তিৰ উদ্দেশ্য আয়োজন কৰা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাষণ প্ৰদান কৰে। বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমত ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা এক মাহজোৰা কীৰ্তন কাৰ্যসূচী।প্ৰধানমন্ত্ৰীয়ে তিনি ফেব্ৰুৱাৰীত বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাগ ল'ব
February 01st, 10:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ফ্ৰেব্ৰুৱাৰী, ২০২৩ত সন্ধিয়া ৪:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত অসমৰ বৰপেটাত কৃষ্ণগুৰু সেৱাশ্ৰমত বিশ্ব শান্তিৰ বাবে আয়োজন হ'বলগা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাগ ল'ব। প্ৰধানমন্ত্ৰীয়ে কৃষ্ণগুৰু সেৱাশ্ৰমৰ শ্ৰদ্ধালুসকলকো সম্বোধন কৰিব।