প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে
July 09th, 08:12 pm
ক্ৰেমলিনৰ ছেইণ্ট এণ্ড্ৰিউ হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপষ্টলৰে সন্মানিত কৰে। উল্লেখ্য যে এয়া ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। স্মৰ্তব্য যে এই বঁটা ২০১৯ চনত ঘোষণা কৰা হৈছিল।