বিকশিত ভাৰত বিকশিত ৰাজস্থান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 16th, 11:30 am

উন্নত ভাৰত-উন্নত ৰাজস্থান, ৰাজস্থানৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা লাখ লাখ বন্ধু বৰ্তমান এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত জড়িত হৈ আছে। আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু লগতে মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছো যে তেওঁ মোক প্ৰযুক্তিৰ ইমান উৎকৃষ্ট ব্যৱহাৰ কৰি জনসাধাৰণৰ মাজলৈ যোৱাৰ সুযোগ দিছে। কেইদিনমান পূৰ্বে জয়পুৰত আপুনি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক যিদৰে আদৰণি জনাইছিল, সেই আদৰণি কেৱল ভাৰততে নহয়, ফ্ৰান্সতো প্ৰতিধ্বনিত হৈছে। আৰু এইটোৱেই ৰাজস্থানৰ মানুহৰ বিশেষত্ব। আমাৰ ৰাজস্থানৰ ভাই-ভনীসকলে এনেদৰে তেওঁক মৰমেৰে ওপচাই পেলালে যে এই ক্ষেত্ৰত কোনো ৰখা নাই৷ মনত আছে, বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজস্থানলৈ আহিছিলোঁ, কেনেকৈ আপোনালোকে আমাক আশীৰ্বাদ দিবলৈ লৰালৰি কৰিছিল। আপোনালোক সকলোৱে মোদীৰ গেৰাণ্টিত বিশ্বাস কৰিছিল, আপোনালোক সকলোৱে ডাবল ইঞ্জিন চৰকাৰ গঠন কৰিছিল। আৰু বুজি পাইছে, কিদৰে ৰাজস্থানৰ ডাবল ইঞ্জিন চৰকাৰখনে কিমান বেগেৰে কাম আৰম্ভ কৰিছে। আজি ৰাজস্থানৰ উন্নয়নৰ বাবে প্ৰায় ১৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ ৰে’ল, পথ, সৌৰশক্তি, পানী আৰু এলপিজিৰ দৰে উন্নয়নমূলক কাৰ্যসূচীৰ সৈতে জড়িত। এই প্ৰকল্পসমূহে ৰাজস্থানৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ গৈ আছে। এই প্ৰকল্পসমূহৰ বাবে ৰাজস্থানৰ পৰা মোৰ সকলো সহকৰ্মীক অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত ৰাজস্থান’ কাৰ্য্যসূচী সম্বোধন কৰে

February 16th, 11:07 am

প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত, বিকশিত ৰাজস্থান’ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰউদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, ৰেলৱে, সৌৰশক্তি, শক্তি পৰিবহণ, খোৱাপানী তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছকে প্ৰমুখ্য কৰি একাধিক গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লয়।

PM Modi addresses Grand Public Rallies in poll-bound Rajasthan’s Baran, Kota and Karauli

November 21st, 12:00 pm

Ahead of the assembly election in poll-bound Rajasthan, PM Modi addressed grand public rallies in Baran, Kota and Karauli. He said, “The people of Mewar’s intent for change in favour of BJP are clearly visible in the whole of Rajasthan”.

২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 27th, 11:30 am

মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উদ্যোগত গ্ৰহণ কৰা 'সুপোষিত মা' কাৰ্যসূচীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

February 21st, 11:26 am

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উদ্যোগত গ্ৰহণ কৰা 'সুপোষিত মা' কাৰ্যসূচীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। কোটাৰ ৰামগঞ্জমাণ্ডি অঞ্চলত 'সুপোষিত মা' অভিযানৰ উদ্বোধন কৰে শ্ৰী বিৰলাই। এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী মাতৃ আৰু শিশুক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলা।

ৰাজস্থানৰ কোটাত সংঘটিত পথ-দুৰ্ঘটনাত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক

February 21st, 09:52 am

ৰাজস্থানৰ কোটাত সংঘটিত পথ-দুৰ্ঘটনাত নিহতসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাটোত হতাহত হোৱা সকললৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’(পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্যৰো অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

দুৰ্দশাগ্ৰস্ত জন্তুক সহায় কৰাৰ বাবে অৱসৰপ্ৰাপ্ত সেনা বিষয়াক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 18th, 12:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাবাহিনীৰ মেজৰ হিচাপে অৱসৰ গ্ৰহণ কৰা ৰাজস্থানৰ কোটা নিবাসী প্ৰমীলা সিঙলৈ এখন পত্ৰ লিখি তেওঁৰ দয়া আৰু সেৱাৰ বাবে প্ৰশংসা কৰে। ক’ৰোনাসৃষ্ট লকডাউনৰ সময়ত মেজৰ প্ৰমীলা সিঙে (অৱসৰপ্ৰাপ্ত) তেওঁৰ দেউতাক শ্যামবীৰ সিঙৰ সৈতে অসহায় আৰু দুৰ্দশাগ্ৰস্ত জন্তুবোৰৰ চোৱাচিতা কৰিছিল, তেওঁলোকৰ বেদনা বুজি পাইছিল আৰু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। মেজৰ প্ৰমীলা আৰু তেওঁৰ দেউতাকে তেওঁলোকৰ ব্যক্তিগত জমা ধন খৰচ কৰি ৰাস্তাত ঘূৰি ফুৰা দুৰ্দশাগ্ৰস্ত জন্তুবোৰৰ খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰিছিল। মেজৰ প্ৰমীলাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এই প্ৰচেষ্টা সমাজৰ বাবে অনুপ্ৰেৰণাৰ উত্স বুলি অভিহিত কৰিছে।

ৰাজস্থানৰ কোটাত এখন নাও ডুবি প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী

September 16th, 07:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ কোটাত এখন নাও ডুবি প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে।

Prime Minister interacts with BJP Karyakartas from five Lok Sabha seats

November 03rd, 06:53 pm

The Prime Minister Narendra Modi, today interacted with BJP booth workers from Bulandshahr, Kota, Korba, Sikar and Tikamgarh Lok Sabha constituencies, through video conferencing. The interaction was sixth in the series of ‘Mera Booth Sabse Mazboot’ program.