গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 24th, 10:49 am

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী নীতিন পেটেল জী, গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ শ্ৰী চি. আৰ. পাটিল জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়কসকলৰ লগতে মোৰ কৃষক ভাই-ভনীসকল, গুজৰাটৰ ভাই-ভনীসকল৷

গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 24th, 10:48 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে সম্পন্ন হোৱা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ কৃষকসমাজৰ বাবে দিনৰ ১৬ ঘণ্টা ধৰি পানী যোগান ধৰিব পৰা ‘কিষাণ সূৰ্যোদয় যোজনা’ শীৰ্ষক আঁচনিখনো মুকলি কৰে। একেটা অনুষ্ঠানতে তেওঁ ‘ইউ এন মেহতা ইনষ্টিটিউট অব কাৰ্ডিঅ’লজী এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰা ‘শিশু হৃদৰোগ হাস্পটাল’ এখন মুকলি কৰাৰ লগতে ‘আহমেদাবাদ অসামৰিক চিকিত্সালয়’ত ‘টেলি-কাৰ্ডিঅ’লজী সেৱা’ আগবঢ়াব পৰা এটা ‘মোবাইল এপ্’-ৰো শুভাৰম্ভ ঘোষণা কৰে।