জৰ্ডানৰ মহামহিম বাদশ্বাহ দ্বিতীয় আবদুল্লাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
October 23rd, 07:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্ডানৰ মহামহিম বাদশ্বাহ দ্বিতীয় আবদুল্লাৰ সৈতে বাৰ্তালাপ কৰে। তেওঁলোকে পশ্চিম-এছিয়া অঞ্চলৰ শেহতীয়া ঘটনাৰাজি সন্দৰ্ভত মত-বিনিময় কৰে। শ্ৰী মোদীয়ে সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰৰ প্ৰাণহানিৰ ঘটনা সন্দৰ্ভতো উদ্বেগ প্ৰকাশেৰে নিৰাপত্তা আৰু মানৱীয় পৰিস্থিতিৰ আগতীয়া সমাধানৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।জৰ্ডান ৰাজ্য প্ৰতিষ্ঠাৰ ১০০ সংখ্যক বাৰ্ষিকী উপলক্ষে হাছিমীয় জৰ্ডান ৰাজ্যৰ বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহ আৰু জনসাধাৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
April 14th, 08:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জৰ্ডান ৰাজ্য প্ৰতিষ্ঠাৰ ১০০ সংখ্যক বাৰ্ষিকী উপলক্ষে হাছিমীয় জৰ্ডান ৰাজ্যৰ বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহ আৰু জনসাধাৰণক অভিনন্দন জনাইছে।Telephone Conversation between PM and King of Hashemite Kingdom of Jordan
April 16th, 07:54 pm
Prime Minister Shri Narendra Modi had a telephone conversation today with His Majesty King Abdullah II of the Hashemite Kingdom of Jordan.ৰিয়াধত প্ৰধানমন্ত্রীৰ সৈতে জর্ডানৰ ৰজাৰ বৈঠক
October 29th, 02:18 pm
ছৌদি আৰৱৰ ৰিয়াধত আজি ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰাম(আফআইই)ৰ সমান্তৰালভাৱে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আৰু জর্ডানৰ হেশেমিটে সাম্ৰাজ্যৰ ৰজা দ্বিতীয় আব্দুল্লা বিন আল- হুছেইনৰ মাজত বৈঠক অনুষ্ঠিত হয়৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্কক আৰু অধিক শক্তিশালী কৰাৰ পদ্ধতিসমূহৰ সন্দৰ্ভত আলোচনা কৰে৷ ২০১৮ৰ ২৭ ফেব্ৰূৱাৰীৰ পৰা ১ মার্চলৈকে জর্ডানৰ ৰজাৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত বুজাবুজি চু্ক্তি তথা চুক্তিসমূহ কাৰ্যকৰী কৰাৰ অগ্ৰগতিক লৈও তেওঁলোকেৰ মাজত আলোচনা হয়। মধ্যপ্রাচ্যত শান্তি প্ৰক্রিয়া আৰু অন্যান্য আঞ্চলিক অগ্ৰগতিৰ বিষয়বোৰৰ সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলোচনা কৰে৷ সন্ত্রাস দমনত সহযোগিতাৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰী আৰু জৰ্ডানৰ ৰজাই আলোচনা কৰে৷Every Indian is proud of the rich diversity the country has: PM Modi
March 01st, 11:56 am
Addressing the conference on Islamic Heritage, PM Narendra Modi said that religions across the world flourished in India and every Indian was proud of the rich persity of the country. He said that India believed in the philosophy of ‘Vasudhaiva Kutumbakam’ –the entire world is one family. Also, highlighting the mantra of ‘Sabka Saath, Sabka Vikas’, he added that India believed in taking everyone together in the journey towards development.জৰ্দানৰ ৰজা আব্দুল্লা দ্বিতীয়ক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
February 09th, 08:58 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৰ্দানৰ ৰজা আব্দুল্লা দ্বিতীয়ক সাক্ষাৎ কৰে আৰু তেওঁৰ সৈতে গঠনমূলক আলোচনাত মিলিত হয়৷জৰ্দানৰ আম্মানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
February 09th, 06:50 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জৰ্দানৰ আম্মানত উপস্থিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে জৰ্দানৰ মহামান্য ৰজা আব্দুল্লা দ্বিতীয়ক সাক্ষাৎ কৰে৷