প্ৰধানমন্ত্ৰীয়ে 'নাগপুৰ মেট্ৰোৰ পৰ্যায়-২'ৰ শিলান্যাস কৰে আৰু 'নাগপুৰ মেট্ৰোৰ পৰ্যায়-১' ৰাষ্ট্ৰক সমৰ্পিত কৰে

December 11th, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'নাগপুৰ মেট্ৰো পৰ্যায়-১' ৰাষ্ট্ৰক সমৰ্পিত কৰে আৰু খাপৰী মেট্ৰো ষ্টেচনত 'নাগপুৰ মেট্ৰো পৰ্যায়-২'ৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীয়ে খাপৰীৰ পৰা অটোমটিভ স্কোৱেৰ আৰু প্ৰজাপতি নগৰৰ পৰা লোকমান্য নগৰলৈকে প্ৰথমবাৰ চলা দুখন মেট্ৰো ট্ৰেইনক সেউজীয়া পতাকাও দেখুৱায়। নাগপুৰ মেট্ৰোৰ প্ৰথম পৰ্যায় ৮৬৫০ কোটি টকাৰ অধিক ব্যয়েৰে বিকশিত কৰা হৈছে, ইয়াৰ বিপৰীতে দ্বিতীয় পৰ্যায় ৬৭০০ কোটি টকাৰ অধিক ব্যয়েৰে বিকশিত কৰা হ'ব।