কাশী সাংসদ সাংস্কৃতিক মহোৎসৱ, ২০২৩ৰ সামৰণি আৰু বাৰাণসীৰ অটল আৱাসিক বিদ্যালয়ৰ উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 23rd, 08:22 pm
উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, মঞ্চত উপৱিষ্ট সন্মানীয় অতিথিসকল, কাশী সাংসদ সাংস্কৃতিক মহোৎসৱৰ সতীৰ্থ অংশগ্ৰহণকাৰী আৰু ৰুদ্ৰাক্ষ কেন্দ্ৰত উপস্থিত মোৰ মৰমৰ কাশীৰ সতীৰ্থসকল!উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে
September 23rd, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ’ত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১১৫ কোটি টকা ব্যয়েৰে সমগ্ৰ উত্তৰ প্ৰদেশত নিৰ্মিত ১৬খন ‘অটল আৱাসিক বিদ্যালয়’ উদ্বোধন কৰে। শ্ৰী মোদীয়ে কাশী সাংসদ খেল প্ৰতিযোগিতাৰ পঞ্জীয়নৰ বাবে যুগুতোৱা ‘পৰ্টেল’টো মুকলি কৰে। তেওঁ ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ’ৰ বিজয়ীসকলক পুৰস্কাৰসমূহো প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ পূৰ্বে ‘অটল আৱাসিক বিদ্যালয়’ৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপো কৰে।২৩ ছেপ্টেম্বৰত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 21st, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ, ২০২৩-ত বাৰাণসী ভ্ৰমণ কৰিব। সেইদিনা দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। আবেলি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ‘ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ’ত উপস্থিত হ'ব আৰু কাশী সাংসদ সাংস্কৃতিক মহোৎসৱ ২০২৩-ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ এই কাৰ্যসূচীৰ সময়ত সমগ্ৰ উত্তৰ প্ৰদেশত নিৰ্মিত ১৬ খন ‘অটল আৱাসিক বিদ্যালয়ো’ উদ্বোধন কৰিব।