প্ৰধানমন্ত্ৰীয়ে ৫ জানুৱাৰীত পঞ্জাৱ ভ্ৰমণ কৰিব আৰু ৪২,৭৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব
January 03rd, 03:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰী, ২০২২ তাৰিখে পঞ্জাৱৰ ফিৰোজপুৰ ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ১ বজাত ৪২,৭৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পবোৰৰ ভিতৰত আছে দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে; অমৃতসৰ-উনা শাখা চাৰি লেনযুক্ত কৰা; মুকেৰিয়ান- তালৱাৰা নিউ ব্ৰডগজ ৰেলপথ; ফিৰোজপুৰৰ পিজিআই উপগ্ৰহ কেন্দ্ৰ আৰু কাপুৰথালা আৰু হোচিয়াৰপুৰত দুখন নতুন চিকিৎসা মহাবিদ্যালয়।