ইগনাইটিং কালেক্টিভ গুডনেছঃ মন কী বাত@১০০- মন কী বাতৰ যাত্ৰা

October 22nd, 11:41 am

২০১৪ চনত বিজয় দশমীৰ দিনা আৰম্ভ হোৱা মন কী বাতৰ যাত্ৰাৰ ইতিহাস নিখুঁতভাৱে ৰচনা কৰি এই জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠানটোৰ ১০০টা খণ্ডৰ উল্লেখযোগ্য মাইলৰ খুঁটি উদযাপন কৰা হৈছে। ‘ইগনাইটিং কালেক্টিভ গুডনেছঃ মন কী বাত@১০০’ নামৰ গ্ৰন্থখনে এই প্ৰেৰণাদায়ক যাত্ৰাক শ্ৰদ্ধা জনাইছে, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ৰচনা কৰা এক বিশেষ আগকথা সন্নিবিষ্ট কৰা হৈছে। এতিয়া অনলাইনত উপলব্ধ এই গ্ৰন্থখনে কেৱল প্ৰতিলিপিৰ সংকলন বা অতীতৰ প্ৰতিফলন ঘটোৱাই নহয়; বৰঞ্চ ই ভাৰতৰ বিৱৰ্তনশীল প্ৰগতিৰ আখ্যানৰ এক ব্যাখ্যামুলক বুৰঞ্জী হিচাপে কাম কৰিছে।