গুজৰাটৰ জাম্বুঘোডাত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী সংস্কৰণ
November 01st, 01:12 pm
আজি গুজৰাটৰ জনজাতীয় সমাজ আৰু সমগ্ৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। মাত্ৰ অলপ সময়ৰ আগতে মই মংগড় ধামত আছিলো। আৰু ‘আজাদী কা অমৃত মহোৎসৱ’ত মংগড় ধামত গোবিন্দ গুৰুকে ধৰি সহস্ৰাধিক শ্বহীদ জনজাতীয় ভাই-ভগ্নীক শ্ৰদ্ধাঞ্জলি জনাই আদিবাসীসকলৰ মহান বলিদানক প্ৰণাম কৰাৰ সুযোগ পাইছিলোঁ। এতিয়া মই আপোনালোকৰ সৈতে জাম্বুঘোডাত আছো আৰু জাম্বুঘোডা আমাৰ জনজাতীয় সমাজৰ মহান ত্যাগৰ সাক্ষী হৈ আহিছে। আজি আমি শ্বহীদ জোৰিয়া পৰমেশ্বৰ, ৰূপ সিং নায়ক, গললীয়া নায়ক, ৰাভজিদা নায়ক আৰু বাবৰীয়া গালমা নায়ক আদি অমৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পালো। আজি আমি স্বাস্থ্য, শিক্ষা আৰু দক্ষতা বিকাশৰ সৈতে জড়িত আঁচনিৰে মৌলিক সুবিধাসমূহ সম্প্ৰসাৰণ কৰিছো, যাৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু এই আঁচনিসমূহ জনজাতীয় সমাজৰ গৌৰৱৰ সৈতে জড়িত। অতি সুন্দৰ হৈ পৰিছে গোবিন্দ গুৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক চৌহদ। আৰু এই অঞ্চলত কেন্দ্ৰীয় বিদ্যালয় বা কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ লগে লগে মোৰ ভৱিষ্যত প্ৰজন্মই দেশৰ পতাকাখন অতি গৌৰৱেৰে উচ্চ কৰি তুলিব। এই সকলোবোৰ আঁচনিৰ বাবে ইমান বিপুল সংখ্যাত অহা সকলো ভাই-ভনীলৈ মোৰ আন্তৰিক অভিনন্দন!গুজৰাটৰ জাম্বুঘোডাত প্ৰায় ৮৬০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু দেশবাসীৰ নামত উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 01st, 01:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ পঞ্চমহলৰ জাম্বুঘোডাত প্ৰায় ৮৬০ কোটি টকাৰ প্ৰকল্পৰ দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে।