Vision of Jal Jeevan Mission is not just to make water accessible to the people, this is also a big movement of decentralization: PM
October 02nd, 02:57 pm
Prime Minister Shri Narendra Modi interacted with Gram Panchayats and Pani Samitis / Village Water and Sanitation Committees (VWSC) on Jal Jeevan Mission. The Prime Minister said the vision of Jal Jeevan Mission is not just to make water accessible to the people. This is also a big movement of Decentralization. “This is a village-driven- women-driven Movement. Its main base is a mass movement and public participation,” he said.‘জল জীৱন মিছন’ সন্দৰ্ভত গাঁও পঞ্চায়ত আৰু ‘পানী সমিতি’ৰ বিষয়ববীয়াৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
October 02nd, 01:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল জীৱন মিছন’ সন্দৰ্ভত গাঁও পঞ্চায়ত আৰু ‘পানী সমিতি’/‘গাঁও পানী আৰু অনাময় সমিতি’(ভিডব্লিউএছচি)ৰ বিষয়ববীয়াসকলৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। এই অনুষ্ঠানতে তেওঁ ‘জল জীৱন মিছন’ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে আঁচনিখনৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু দায়বদ্ধতা সৃষ্টিৰ লক্ষ্যৰে যুগোতোৱা এটা ‘এপ্’ আনুষ্ঠানিক ভাবে মুকলি কৰে। তেওঁ ‘ৰাষ্ট্ৰীয় জল জীৱন কোষ’ শীৰ্ষক এটি নিধিও আনুষ্ঠানিক ভাবে মুকলি কৰে। দেশৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়াল, প্ৰতিখন বিদ্যালয়, অংগণৱাড়ী কেন্দ্ৰ, আশ্ৰমশালা, আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানলৈ নল-সংযোগী পানীৰ যোগানৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব খোজা দেশ বা বিদেশৰ কোনো ব্যক্তি, প্ৰতিষ্ঠান, নিগম আৰু পৰোপকাৰীয়ে দিব খোজা অৰিহণা এই কোষলৈ প্ৰেৰণ কৰিব পাৰিব। অনুষ্ঠানত গাঁও পঞ্চায়ত আৰু পানী সমিতিসমূহৰ বিষয়ববীয়াসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱট, শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী বিশ্বেশ্বৰ টুডু, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকল উপস্থিত থাকে।২ অক্টোবৰত জল জীৱন অভিযান সন্দৰ্ভত গ্ৰাম পঞ্চায়ত আৰু পানী সমিতিসমূহৰ সৈতে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
October 01st, 12:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰ, ২০২১ ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জল জীৱন অভিযান সন্দৰ্ভত গ্ৰাম পঞ্চায়ত আৰু পানী সমিতি/ গাঁও পানী আৰু অনাময় কমিটি (VWSC) সমূহৰ সৈতে মত-বিনিময় কৰিব।