আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ – বিশ্ব দূৰসংযোগ মানক সমাৱেশ, ২০২৪ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা উদ্যোগ খণ্ডৰ নেতাসকলৰ

আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ – বিশ্ব দূৰসংযোগ মানক সমাৱেশ, ২০২৪ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা উদ্যোগ খণ্ডৰ নেতাসকলৰ

October 15th, 02:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ–বিশ্ব দূৰসংযোগ মানক সমাৱেশ (ITU-WTSA) ২০২৪ৰ সময়ত ভাৰত মোবাইল কংগ্ৰেছৰ অষ্টম সংস্কৰণৰ শুভাৰম্ভ কৰে। ডব্লিউটিএছএ হৈছে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ, ৰাষ্ট্ৰসংঘৰ ডিজিটেল প্ৰযুক্তি সংস্থাৰ প্ৰামাণিককৰণৰ কামৰ বাবে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজন কৰা প্ৰশাসনিক সন্মিলন। ভাৰত আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত প্ৰথমবাৰৰ বাবে আইটিইউ-ডব্লিউটিএছএ আয়োজন কৰা হৈছে। ই এক গুৰুত্বপূৰ্ণ বিশ্ব অনুষ্ঠান যিয়ে দূৰসংযোগ, ডিজিটেল আৰু আইচিটি খণ্ডক প্ৰতিনিধিত্ব কৰা ১৯০খনতকৈও অধিক দেশৰ ৩,০০০ৰো অধিক উদ্যোগ খণ্ডৰ নেতা, নীতি নিৰ্ধাৰক আৰু প্ৰযুক্তি বিশেষজ্ঞক একত্ৰিত কৰিছে।