‘আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপো-২০২৩’ উদ্বোধন কৰি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
May 18th, 11:00 am
কেবিনেটত মোৰ সহকৰ্মী জি কিষাণ ৰেড্ডী জী, মীনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, ‘ল্যুভ সংগ্ৰহালয়’ৰ সঞ্চালক মেনুৱেল ৰাবাটে জী, বিশ্বৰ বিভিন্ন দেশৰ অতিথি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল, আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱসত আপোনালোক সকলোলৈকে বহুত বহুত অভিনন্দন জনাইছোঁ। আজি, সংগ্ৰহালয় জগতৰ কিংবদন্তীসকল ইয়াত একত্ৰিত হৈছেহি। আজিৰ অনুষ্ঠানটোৱে বিশেষ তাত্পৰ্য বহণ কৰিছে, কিয়নো এই মুহূৰ্তত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰপূৰ্তি উপলক্ষে ‘অমৃত মহোৎসৱ’ উদযাপন কৰি আছে।প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপো ২০২৩ উদ্বোধন কৰে
May 18th, 10:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপো ২০২৩-ত উদ্বোধন কৰে। তেওঁ উত্তৰ আৰু দক্ষিণ খণ্ডত আগন্তুক ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ এটা ভাৰ্চুৱেল ৱাকথ্ৰুও উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত টেকনো মেলা, সংৰক্ষণ পৰীক্ষাগাৰ আৰু প্ৰদৰ্শনীসমূহৰ পৰিদৰ্শনো কৰে। আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে 'সংগ্ৰহালয়, স্থিৰতা আৰু সুস্থতা' বৰ্ষৰ বিষয়বস্তুৰে ৪৭তম আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰিবলৈ আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপো আয়োজন কৰা হৈছে।