এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 10th, 06:25 pm

এয়া এক ভাল লগা কাকতালীয় ঘটনা যে ১৯৫১ চনত এইডোখৰ স্থানত, এইখন ষ্টেডিয়ামতে প্ৰথমবাৰৰ বাবে ‘এছিয়ান গে’মছ’ অনুষ্ঠিত হৈছিল। আজি, আপোনালোকৰ লগতে সকলো খেলুৱৈয়ে যি পৰাক্ৰম দেখুৱালে, আপোনালোকে যি পুৰুষাৰ্থ দেখুৱলে, আপোনালোকে যি সাফল্য সম্ভৱ কৰি দেখুৱালে তাৰ বাবে দেশৰ প্ৰতিটো কোণত এক উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে ১০০ তকৈয়ো অধিক পদক জয় কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি দিছিল। ‘এছিয়ান গে’মছ’ত আপোনালোক সকলো খেলুৱৈৰ প্ৰদৰ্শনক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে।

এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে

October 10th, 06:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চাঁদ ষ্টেডিয়ামত এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলক সম্বোধন কৰে। তেওঁ খেলুৱৈসকলৰ সৈতেও বাৰ্তালাপ কৰে। ভাৰতে এছিয়ান গেমছ ২০২২ত ২৮টা সোণৰ পদকসহ ১০৭টা পদক লাভ কৰে আৰু ই হৈছে মহাদেশীয় মাল্টি স্পৰ্ট ইভেণ্টত লাভ কৰা মুঠ পদকৰ সংখ্যাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

‘জি২০ ইউনিভাৰ্চিটি কানেক্ট ফিনালে’ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 26th, 04:12 pm

দুসপ্তাহৰ আগতে এই একেখন ভাৰত মণ্ডপমতে যথেষ্ট ক্ৰিয়া-কলাপ চলিছিল। এই ভাৰত মণ্ডপমটো একেবাৰে ‘চৰ্চাৰ কেন্দ্ৰবিন্দু’ত পৰিণত হৈছিল। আৰু মই আনন্দিত যে আজি মোৰ ভৱিষ্যতৰ ভাৰতখন একেটা ভাৰত মণ্ডপমত উপস্থিত হৈছে। ভাৰতে জি-২০ অনুষ্ঠানটোক কিমান উচ্চতালৈ লৈ গৈছে সেয়া দেখি বিশ্বই সঁচাকৈয়ে চমকিত হৈছে। কিন্তু সঁচা কথা ক’বলৈ গ’লে, মই একেবাৰে আচৰিত হোৱা নাই। হয়তো আপুনি ভাবিছে যে ইয়াৰ অপ্ৰতীম ভৱিষ্যৎ সত্ত্বেও মই কিয় আচৰিত হোৱা নাই? কাৰণ কি জানেনে? কাৰণ আপোনাৰ দৰে যুৱ ছাত্ৰ-ছাত্ৰীয়ে যদি কাৰ্যসূচীটো সফল কৰাৰ দায়িত্ব লয়, এনে অনুষ্ঠানত যদি যুৱক-যুৱতীসকল জড়িত হয়, তেন্তে ই সফল হোৱাটো তেনেই স্বাভাৱিক কথা।

জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

September 26th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ় দিয়া আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে ৪ পাব্লিকেচনো উন্মোচন কৰে যথাঃ জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ অপাৰ সফলতাঃ দূৰদৰ্শী নেতৃত্ব, অন্তৰ্ভুক্ত পদ্ধতি (The Grand Success of G20 Bharat Presidency: Visionary Leadership, Inclusive Approach); ভাৰতৰ জি-২০ৰ অধ্যক্ষতাঃ বসুধৈৱ কুটুম্বকম (India's G20 Presidency: Vasudhaiva Kutumbakam); জি-২০ ইউনিভাৰ্চিটি কানেক্ট কাৰ্য্যক্ৰমৰ সংক্ষিপ্ত ৰূপ (Compendium of G20 University Connect Programme) আৰু জি-২০ত ভাৰতীয় সংস্কৃতিক থূপাই প্ৰদৰ্শন (Showcasing Indian Culture at G20)।

কাশী সাংসদ সাংস্কৃতিক মহোৎসৱ, ২০২৩ৰ সামৰণি আৰু বাৰাণসীৰ অটল আৱাসিক বিদ্যালয়ৰ উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

September 23rd, 08:22 pm

উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, মঞ্চত উপৱিষ্ট সন্মানীয় অতিথিসকল, কাশী সাংসদ সাংস্কৃতিক মহোৎসৱৰ সতীৰ্থ অংশগ্ৰহণকাৰী আৰু ৰুদ্ৰাক্ষ কেন্দ্ৰত উপস্থিত মোৰ মৰমৰ কাশীৰ সতীৰ্থসকল!

উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে

September 23rd, 04:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ’ত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১১৫ কোটি টকা ব্যয়েৰে সমগ্ৰ উত্তৰ প্ৰদেশত নিৰ্মিত ১৬খন ‘অটল আৱাসিক বিদ্যালয়’ উদ্বোধন কৰে। শ্ৰী মোদীয়ে কাশী সাংসদ খেল প্ৰতিযোগিতাৰ পঞ্জীয়নৰ বাবে যুগুতোৱা ‘পৰ্টেল’টো মুকলি কৰে। তেওঁ ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ’ৰ বিজয়ীসকলক পুৰস্কাৰসমূহো প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ পূৰ্বে ‘অটল আৱাসিক বিদ্যালয়’ৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপো কৰে।

বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

September 23rd, 02:11 pm

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, মঞ্চত উপবিষ্ট ইউপি চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল, এই কাৰ্যসূচীত উপস্থিত দেশৰ ক্ৰীড়া জগতৰ সৈতে জড়িত সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কাশীৰ পৰিয়ালৰ লোকসকল।

উত্তৰ প্ৰদেশৰ বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

September 23rd, 02:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে আৰু ৩০ একৰতকৈও অধিক এলেকাত বাৰাণসীৰ ৰাজাতলাবৰ গঞ্জাৰীত এই অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।

২৩ ছেপ্টেম্বৰত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 21st, 10:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ, ২০২৩-ত বাৰাণসী ভ্ৰমণ কৰিব। সেইদিনা দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। আবেলি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ‘ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ’ত উপস্থিত হ'ব আৰু কাশী সাংসদ সাংস্কৃতিক মহোৎসৱ ২০২৩-ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ এই কাৰ্যসূচীৰ সময়ত সমগ্ৰ উত্তৰ প্ৰদেশত নিৰ্মিত ১৬ খন ‘অটল আৱাসিক বিদ্যালয়ো’ উদ্বোধন কৰিব।