নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে আনুষ্ঠানিক আলোচনা প্ৰধানমন্ত্ৰীৰ

November 17th, 06:41 pm

বৰ্তমান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৭-১৮ নৱেম্বৰলৈ নাইজেৰিয়ালৈ ৰাজ্যিক ভ্ৰমণত আছে।আজি তেওঁ আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবু ডাঙৰীয়াৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হয়। ষ্টেট হাউছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীক ২১ বন্দুকৰ চেলুটেৰে আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়।

Prime Minister wishes on occasion of World Lion Day

August 10th, 09:03 am

Prime Minister Shri Narendra Modi, on the occasion of World Lion Day today, complemented all those involved in Lion conservation & protection work.

আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স (IBCA) স্থাপনলৈ কেবিনেটৰ অনুমোদন

February 29th, 04:31 pm

বাঘ, লগতে অন্যান্য উল্লেখযোগ্য মেকুৰী প্ৰজাতিৰ প্ৰাণী আৰু অসংখ্য বিপন্ন প্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাক উল্লেখ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত গ্লোবেল টাইগাৰ ডে’ (বিশ্ব ব্যাঘ্ৰ দিৱস)ত দিয়া ভাষণত উল্লেখ কৰাৰ লেখীয়াকৈ এছিয়াত চোৰাং চিকাৰৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বস্তৰীয় নেতাসকলৰ মিত্ৰজোঁটৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই আহ্বান ২০২৩ চনৰ ৯ এপ্ৰিলত ভাৰতৰ প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ কৰাৰ স্মৃতিচাৰণ অনুষ্ঠানতো পুনৰাবৃত্তি কৰি প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছিল। উল্লেখ্য যে এই মিত্ৰজোঁটৰ লক্ষ্য হৈছে ডাঙৰ মেকুৰী প্ৰজাতিৰ প্ৰাণী আৰু ইহঁতে বাস কৰা পৰিৱেশ তন্ত্ৰৰ ভৱিষ্যত নিশ্চিত কৰা। বাঘ আৰু অন্যান্য ডাঙৰ মেকুৰীৰ বাবে ভাৰতৰ অগ্ৰণী আৰু স্থায়ী সংৰক্ষণ প্ৰচেষ্টাই এক আৰ্হি হিচাপে কাম কৰে, যিটো নিজ নিজ পৰিসৰৰ ভিতৰত আন বহু দেশেও গ্ৰহণ কৰিব পাৰে।

কেনিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ পাঠ

December 05th, 01:33 pm

মই আনন্দিত যে আফ্ৰিকান ইউনিয়নে জি-২০ত যোগদান কৰাৰ পিছতে তেওঁ এই ভ্ৰমণলৈ আহিছে।

তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি

October 09th, 12:00 pm

জি-২০ৰ স্থায়ী সদস্য হিচাপে আফ্ৰিকান ইউনিয়নে যোগদান কৰাৰ পিচত প্ৰথমবাৰৰ বাবে আমি কোনো আফ্ৰিকাৰ ৰাষ্ট্ৰপ্ৰধানক ভাৰতলৈ স্বাগতম জনোৱাৰ সুযোগ পাইছো।

‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ মন্তব্য

August 23rd, 03:30 pm

‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ৰ বিশাল আয়োজন আৰু আতিথ্যৰ বাবে মই মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ৰামাফোচাক আকৌ এবাৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বই জলবায়ু সংকটৰে যুঁজিবলগীয়া হোৱাৰ মুহূৰ্তত আমি পথ দেখুৱাইছো আৰু ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ – ‘মিছন লাইফ’-ৰ উদ্যোগ গ্ৰহণ কৰিছো

August 15th, 05:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা ‘৭৭ সংখ্যক স্বাধীনতা দিৱস’ উপলক্ষে দেশবাসীক সম্বোধন কৰি কয় যে আমি ‘জি-২০’ সন্মিলনৰ বাবে এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ ধাৰণা আগবঢ়াইছো আৰু সেই দিশত কাম কৰি আছো। বিশ্বই জলবায়ু সংকটৰ সৈতে যুঁজি থকাৰ মুহূৰ্তত আমি পথ দেখুৱাইছো আৰু ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ – ‘মিছন লাইফ’-ৰ উদ্যোগ গ্ৰহণ কৰিছোঁ।

বিশ্ব পৰিৱেশ দিৱস, ২০২৩ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

June 05th, 03:00 pm

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে, দেশ তথা বিশ্বৰ জনসাধাৰণক বহুত বহুত শুভকামনা জনাইছো৷ এই বৰ্ষৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে-এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ অভিযান৷ মই সুখী অনুভৱ কৰিছো যে যিটো কথা বিশ্বই আজি কৰিছে, সেই দিশত ভাৰতে বিগচ ৪-৫ বছৰৰ পৰা একেৰাহে কৰি আছে৷ ২০১৮ চনতে ভাৰতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ বাবে দুটা পৰ্যায়ত কাম আৰম্ভ কৰিছিল৷ আমি এফালে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছো আৰু আনফালে প্লাষ্টিক আৱৰ্জনা প্ৰক্ৰিয়াকৰণক বাধ্যাতামুলক কৰিছো৷ সেইবাবে ভাৰতত প্ৰায় ৩০লাখ টন প্লাষ্টিক পেকেজিংৰ ৰিচাক্লিং বাধ্যতামুলক হৈছে৷ এয়া ভাৰতত উৎপাদন হোৱা প্লাষ্টিক আৱৰ্জনাৰ প্ৰায় ৭৫%৷ বৰ্তমান ইয়াৰ আওতাত প্ৰায় ১০হাজাৰ উৎপাদক, আমদানিকাৰক আৰু ব্ৰেণ্ডৰ স্বত্তাধিকাৰী আছিল৷

বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ বৈঠক

June 05th, 02:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভাষণ আগবঢ়ায়৷