Today, India is not just a Nation of Dreams but also a Nation That Delivers: PM Modi in TV9 Summit

Today, India is not just a Nation of Dreams but also a Nation That Delivers: PM Modi in TV9 Summit

March 28th, 08:00 pm

PM Modi participated in the TV9 Summit 2025. He remarked that India now follows the Equi-Closeness policy of being equally close to all. He emphasized that the world is eager to understand What India Thinks Today. PM remarked that India's approach has always prioritized humanity over monopoly. “India is no longer just a ‘Nation of Dreams’ but a ‘Nation That Delivers’”, he added.

Prime Minister Shri Narendra Modi addresses TV9 Summit 2025

Prime Minister Shri Narendra Modi addresses TV9 Summit 2025

March 28th, 06:53 pm

PM Modi participated in the TV9 Summit 2025. He remarked that India now follows the Equi-Closeness policy of being equally close to all. He emphasized that the world is eager to understand What India Thinks Today. PM remarked that India's approach has always prioritized humanity over monopoly. “India is no longer just a ‘Nation of Dreams’ but a ‘Nation That Delivers’”, he added.

Cabinet approves construction of 4-Lane greenfield and brownfield Patna-Arrah-Sasaram corridor in Bihar

Cabinet approves construction of 4-Lane greenfield and brownfield Patna-Arrah-Sasaram corridor in Bihar

March 28th, 04:16 pm

The Cabinet Committee on Economic Affairs chaired by PM Modi, has approved the construction of 4-lane access controlled greenfield and brownfield Patna – Arrah – Sasaram corridor in Bihar. The project will reduce congestion and also provide connectivity facilitating faster movement of goods and passengers.

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ১ বিলিয়ন টন কয়লা উৎপাদনৰ ঐতিহাসিক সাফল্যৰ শলাগ লয়

March 21st, 01:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১ বিলিয়ন টন কয়লা উৎপাদনৰ ঐতিহাসিক সাফল্যৰ শলাগ লৈ শক্তি সুৰক্ষা, অৰ্থনৈতিক বিকাশ আৰু আত্ম-নিৰ্ভৰতাৰ প্ৰতি উল্লেখযোগ্য দায়বদ্ধতাত আলোকপাত কৰে।

Cabinet approves construction of 6-lane access controlled Greenfield Highway starting from JNPA Port to Chowk in Maharashtra

March 19th, 04:12 pm

The Cabinet Committee on Economic Affairs chaired by the Prime Minister, Shri Narendra Modi, has approved the construction of 6- lane access controlled Greenfield High Speed National Highway starting from JNPA Port (Pagote) to Chowk (29.219 km) in Maharashtra. The project will be developed on Build, Operate and Transfer (BOT) mode at a total capital cost of Rs. 4500.62 Crore.

লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ

March 16th, 11:47 pm

প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে

March 16th, 05:30 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ভোজমেলত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:15 am

প্ৰথম আৰু প্ৰধানকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱেগিক আৰু প্ৰেৰণাদায়ক চিন্তাধাৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই বিশাল আদৰণি আৰু আতিথ্যৰ বাবে মই প্ৰধানমন্ত্ৰী, মৰিচাছ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ৷ এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে মৰিচাছ ভ্ৰমণ সদায় অতি বিশেষ। ই কেৱল কূটনৈতিক ভ্ৰমণ নহয়, পৰিয়ালক লগ পোৱাৰ সুযোগ৷ মৰিচাছৰ ভূমিত ভৰি দিয়াৰ পৰাই এই আত্মীয়তা অনুভৱ কৰিলো। সকলোতে নিজৰ বুলি ভবাৰ ভাৱ। প্ৰট’কলৰ কোনো বাধা নাই। মৰিচাছ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথি হিচাপে পুনৰবাৰ আমন্ত্ৰণ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা৷ এই উপলক্ষে ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি

March 11th, 04:47 pm

বাণিজ্য, প্ৰযুক্তি, আন্তঃগাঁথনি আৰু সাংস্কৃতিক সংযোগৰ সৈতে জড়িত মূল উন্নয়নৰ সৈতে এই সপ্তাহত বিশ্ব আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাৰত। ইউৰোপীয় সংঘৰ সৈতে গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ সময়সীমা নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি এআইৰ উচ্চাকাংক্ষা সম্প্ৰসাৰণলৈকে কেইবাটাও ক্ষেত্ৰত ভাৰতৰ অগ্ৰণী গতি পৰিলক্ষিত হৈছে।

‘প্ৰতিষ্ঠা দিৱস’ত ‘চিআইএছএফ কৰ্মী’সকলক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

March 10th, 06:55 pm

‘প্ৰতিষ্ঠা দিৱস’ত আজি ‘চিআইএছএফ’ৰ সকলো কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ‘চিআইএছএফ’ বাহিনী ইয়াৰ পেছাদাৰিত্ব, নিষ্ঠা আৰু সাহসৰ বাবে প্ৰশংসিত হৈ আহিছে। তেওঁলোকে অত্যাৱশ্যকীয় আন্তঃগাঁথনি সুৰক্ষিত কৰি আৰু প্ৰতিদিনে অগণন লোকৰ সুৰক্ষা নিশ্চিত কৰি আমাৰ নিৰাপত্তা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিবদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 05th, 01:35 pm

এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে

March 05th, 01:30 pm

“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”

গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

February 25th, 11:10 am

পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।

এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 25th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে ­অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷

Textile, Tourism & Technology will be key drivers of India's developed future: PM at Global Investors Summit in Madhya Pradesh

February 24th, 10:35 am

At the Global Investors Summit in Bhopal, PM Modi declared a new era of growth, stating, The world’s future lies in India. Emphasizing 'Viksit Madhya Pradesh se Viksit Bharat,' he highlighted MP's vast potential in agriculture, minerals and industry. He further noted that with soaring global confidence and booming investments, India is rapidly advancing towards economic supremacy and clean energy leadership.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰে

February 24th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই কাৰ্য্যসূচীলৈ অহাত পলম হোৱাৰ বাবে ক্ষমা বিচাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব’ৰ্ড পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা ব্যৱস্থাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা নকৰে, সেই কথা অনুধাৱন কৰা হৈছে বুলি তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে ৰজা ভূজৰ ভূমিত বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলক আদৰণি জনাবলৈ পোৱাটো অসীম গৌৰৱৰ কথা। তেখেতে লগতে কয় যে আজিৰ এই অনুষ্ঠান গুৰুত্বপূৰ্ণ, কিয়নো এখনি বিকশিত মধ্যপ্ৰদেশ বা উন্নত মধ্যপ্ৰদেশ এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰাত অতিশয় প্ৰয়োজনীয়। তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।

অসমৰ যোগীঘোপাত আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠানৰ উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

February 18th, 09:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২)নদত আভ্যন্তৰীণ জলপথ পৰিবহণৰ (আই ডব্লিউ টি) টাৰ্মিনেল উদ্বোধনী অনুষ্ঠানৰ শলাগ লোৱাৰ লগতে ইয়াৰ উচ্চ প্ৰশংসা কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণকালত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিবৃতি

February 14th, 09:07 am

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত এক আনুষ্ঠানিক ভ্ৰমণৰ বাবে আদৰণি জনায়।