ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে চিকিৎসা সমাজলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

July 01st, 03:01 pm

নমষ্কাৰ! আপোনালোক সকলোলৈ নেচনেল ডাক্তৰ্ছ ডে’ৰ বহুত বহুত শুভকামনা জনালো৷ ডাক্তৰ বি চি ৰায়ৰ জীৰ স্মৃতিত পালন কৰা এই দিনটো আমাৰ চিকিৎসকসকলৰ বাবে, আমাৰ চিকিৎসা সমাজৰ উত্তম আদৰ্শৰ প্ৰতীক৷ বিশেষকৈ, যোৱা ঢেৰ বছৰত আমাৰ চিকিৎসকসকলে যিদৰে দেশৰ সেৱা আগবঢ়াই আহিছে, সেয়া নিজৰ মাজতে এক উদাহৰণ৷ মই ১৩০ কোটি দেশবাসীৰ হৈ দেশৰ সমূহ চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা প্ৰকাশ কৰিছো৷

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলক উদ্দেশ্যি প্রধানমন্ত্রীৰ ভাষণ

July 01st, 03:00 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি চিকিৎসক দিৱস উপলক্ষে সকলো চিকিৎসকসকলক অভিনন্দন জ্ঞাপন কৰে৷ ডাঃ বিধান চন্দ্র ৰায়ৰ স্মৃতিত আজিৰ দিনটো চিকিৎসক দিৱস হিচাপে উদযাপন কৰা হয়। প্রধানমন্ত্রীয়ে ডাঃ ৰায়ক এগৰাকী লেখত ল’বলগীয়া চিকিৎসক বুলি উল্লেখ কৰে৷ বিগত ডেৰ বছৰ ধৰি মহামাৰীৰ সংকটৰ সময়ত চিকিৎসকসকলে যি সেৱা আগবঢ়াইছে তাৰ বাবে ১৩০ কোটি ভাৰতীয়ৰ হৈ প্রধানমন্ত্রীয়ে তেওঁলোকক ধন্যবাদ জনায়। শ্রী মোদীয়ে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশনৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বক্তব্য আগবঢ়ায়৷