১৪ মাৰ্চত দিল্লীত স্বনিধি হিতাধিকাৰীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
March 13th, 07:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ মাৰ্চৰ সন্ধিয়া ৫ বজাত দিল্লীৰ জে এল এন ষ্টেডিয়ামত পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব। এই উপলক্ষে দিল্লীৰ ৫ হাজাৰ পদপথৰ দোকানীকে ধৰি ১ লাখ পদপথৰ দোকানী(এছভি)ক এই আঁচনিৰ অধীনত ঋণ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ অতিৰিক্ত দুটা কৰিডৰৰ আধাৰশিলাও স্থাপন কৰিব।কেবিনেটে লাজপত নগৰৰ পৰা সাকেত জি-ব্লক লৈ আৰু ইন্দ্ৰলোকৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ দিল্লী মেট্ৰ'ৰ চতুৰ্থ পৰ্যায়ৰ দুটা কৰিডৰত অনুমোদন জনাইছে
March 13th, 03:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে দিল্লী মেট্ৰ'ৰ চতুৰ্থ পৰ্যায়ৰ প্ৰকল্পৰ দুটা নতুন কৰিডৰত অনুমোদন জনোৱাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীত মেট্ৰ' সংযোগ অধিক উন্নত হ'ব বুলি আশা কৰা হৈছে।