প্ৰধানমন্ত্ৰীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব

প্ৰধানমন্ত্ৰীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব

March 07th, 07:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব। তেওঁ ৭ মাৰ্চত চিলভাছা ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত তেওঁ ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ চিলভাছাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৫৮০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত তেওঁ চুৰাট ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান’ আৰম্ভ কৰিব। ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে নৱসাৰী ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপ কৰিব যাৰ পিছত এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰা হ'ব।

ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 06th, 08:05 pm

আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে

March 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এমএছএমই খণ্ডৰ ওপৰত বাজেট পৰৱৰ্তী তিনিখন ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ

March 04th, 01:00 pm

মোৰ কেবিনেটৰ সকলো সহকৰ্মী, বিত্ত আৰু অৰ্থনীতি বিশেষজ্ঞ, অংশীদাৰ, মহিলা আৰু ভদ্র লোকসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে

March 04th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে। ৱে’বিনাৰকেইখন বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য সম্পৰ্কীয় সংস্কাৰ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত কৰা হৈছিল। অনুষ্ঠানত উপস্থিত সকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে নিৰ্মাণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত বাজেটৰ পিছৰ ৱেবিনাৰসমূহ হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ। এই বাজেট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই বাজেটৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে ইয়াৰ বিতৰণ, যি প্ৰত্যাশাকো অতিক্ৰম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেবাটাও ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞসকলে আশা কৰাতকৈ অধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এইটোও উল্লেখ কৰে যে এই বাজেটত উৎপাদন আৰু ৰপ্তানি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত গুৰুত্ব দিয়াটো সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি : প্ৰধানমন্ত্ৰী

November 20th, 05:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰে যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ তথ্য হৈছে সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি।

৩য় কৌটিল্য অৰ্থনীতি সন্মিলন ২০২৪ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 04th, 07:45 pm

মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ'থৰ সভানেত্ৰী এন কে সিং, ভাৰত আৰু বিদেশৰ পৰা সন্মানীয় অতিথিসকল, আৰু অভ্যাগতসকল: কৌটিল্য কনক্লেভৰ তৃতীয় সংস্কৰণলৈ আপোনালোকক আদৰণি জনাই আনন্দিত হৈছো। আপোনালোক সকলোৰে সৈতে জড়িত হ’বলৈ পাই মই ৰোমাঞ্চিত হৈছো। অনাগত তিনিটা দিনত আমাৰ মূল অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে বিভিন্ন ধৰণৰ অধিবেশন অনুষ্ঠিত হ’ব। মই আশাবাদী যে আমাৰ আলোচনাই ভাৰতৰ বিকাশক ত্বৰান্বিত কৰাত যথেষ্ট অৰিহণা যোগাব৷

নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনৰ তৃতীয় সংস্কৰণৰ ভাষণ দিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

October 04th, 07:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনত ভাষণ প্ৰদান কৰে। বিত্ত মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্বৰে দ্য ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ’থে আয়োজন কৰা কৌটিল্য ইকনমিক কনক্লেভে সেউজ পৰিৱৰ্তনৰ বাবে বিত্তীয় সাহায্য প্ৰদান, ভূ-অৰ্থনৈতিক বিভাজন আৰু বৃদ্ধিৰ বাবে ইয়াৰ প্ৰভাৱ, আৰু অন্যান্য দিশসমূহৰ মাজত সুস্থিৰতা ৰক্ষাৰ বাবে নীতিগত ব্যৱস্থাৰ নীতি আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

'Global Development Compact' will Foster Balanced and Sustainable Growth in Global South: PM Modi

August 17th, 12:00 pm

Prime Minister Narendra Modi proposed a comprehensive Global Development Compact during his closing remarks at the Voice of Global South Summit. He emphasized that this human-centric compact would support balanced and sustainable development among partner countries. PM Modi expressed confidence in the continued advocacy for the progress of the Global South.

‘জিপিএআই শীৰ্ষ সন্মিলন, ২০২৩’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

December 12th, 05:20 pm

‘গ্লোবেল পাৰ্টানাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’- ‘কৃত্ৰিম বুদ্ধিমত্তা প্ৰসংগত গোলকীয় অংশীদাৰিত্ব সম্পৰ্কীয় শীৰ্ষ সন্মিলন’লৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো। মই সুখী যে অহা বছৰ ভাৰতে এই সন্মিলনৰ সভাপতিত্ব কৰিবলৈ আগবাঢ়িছে। এই সন্মিলনখন এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া ‘এআই’-ক লৈ সমগ্ৰ বিশ্বতে এক বৃহৎ বিতৰ্ক চলি আছে। এই বিতৰ্কৰ জৰিয়তে ইতিবাচক আৰু নেতিবাচক সকলো ধৰণৰ দিশ উন্মোচিত হৈছে। সেয়েহে, এই সন্মিলনৰ সৈতে জড়িত প্ৰতিখন দেশৰ ওপৰত এক বৃহৎ দায়িত্ব আছে। শেহতীয়াকৈ, মই বহুতো ৰাজনৈতিক আৰু উদ্যোগক্ষেত্ৰৰ নেতাক লগ কৰাৰ সুযোগ পাইছো। মই তেওঁলোকৰ সৈতে হোৱা বৈঠকত এই সন্মিলনৰ বিষয়েও আলোচনা কৰিছো। ‘এআই’-ৰ প্ৰভাৱৰ পৰা বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্ম কোনোৱেই বাদ বাদ পৰি নাথাকিব। আমি অতি সতৰ্কতাৰে, অতি সাৱধানে আগবাঢ়িব লাগিব। আৰু সেয়েহে মই বিশ্বাস কৰোঁ যে এই সন্মিলনৰ পৰা উদ্ভৱ হোৱা ধাৰণা আৰু পৰামৰ্শসমূহে সমগ্ৰ মানৱতাৰ মৌলিক মূল্যবোধক সুৰক্ষা আৰু দিশ প্ৰদানৰ বাবে কাম কৰিব।

প্ৰধানমন্ত্ৰীয়ে গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ছামিট (জিপিএআই) উদ্বোধন কৰে

December 12th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (জিপিএআই)শীৰ্ষ সন্মিনল শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে গ্লবেল এআই এক্সপোতো অংশ লয়। গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হৈছে এক বহু অংশীদাৰী পদক্ষেপ, যাৰ লক্ষ্য ২৯খন সদস্য দেশে এআই সম্পৰ্কিত অগ্ৰাধিকাৰসমূহৰ ওপৰত অত্যাধুনিক গৱেষণা আৰু প্ৰয়োগমূলক কাৰ্যকলাপসমূহক সমৰ্থন কৰি এআই সম্পৰ্কিত তত্ত্ব আৰু অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰা। ভাৰত ২০২৪ বৰ্ষত গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰধান অধ্যক্ষ।

গণতন্ত্ৰৰ বাবে দ্বিতীয় সন্মিলনৰ নেতা-পৰ্য্যায়ৰ পূৰ্ণাংগ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

March 29th, 04:06 pm

সমগ্ৰ বিশ্বৰ বহু পূৰ্বেই প্ৰাচীন ভাৰতত নিৰ্বাচিত নেতাৰ ধাৰণা এটা সাধাৰণ বৈশিষ্ট্য আছিল। আমাৰ প্ৰাচীন মহাকাব্য মহাভাৰতত নাগৰিকৰ প্ৰথম কৰ্তব্যৰ বৰ্ণনাত নিজৰ নেতা বাছনি কৰাৰ কথা উল্লেখ আছে।

Our policy-making is based on the pulse of the people: PM Modi

July 08th, 06:31 pm

PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.

PM Modi addresses the first "Arun Jaitley Memorial Lecture" in New Delhi

July 08th, 06:30 pm

PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.

India is focussing on inclusive growth along with higher agriculture growth: PM Modi

February 05th, 02:18 pm

Prime Minister Narendra Modi inaugurated the Golden Jubilee celebrations of ICRISAT in Hyderabad. He lauded ICRISAT for their contribution in helping agriculture in large part of the world including India. He appreciated their contribution in water and soil management, improvement in crop variety, on-farm persity and livestock integration.

PM kickstarts 50th Anniversary Celebrations of ICRISAT and inaugurates two research facilities

February 05th, 02:17 pm

Prime Minister Narendra Modi inaugurated the Golden Jubilee celebrations of ICRISAT in Hyderabad. He lauded ICRISAT for their contribution in helping agriculture in large part of the world including India. He appreciated their contribution in water and soil management, improvement in crop variety, on-farm persity and livestock integration.

বিদেশৰ ভাৰতীয় দূতাবাসৰ মুৰব্বী আৰু ব্যৱসায় তথা বাণিজ্য ক্ষেত্ৰৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ কথা-বাৰ্তাৰ অসমীয়া অনুবাদ

August 06th, 06:31 pm

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সকলো সহকৰ্মীসকল। ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, সমগ্ৰ বিশ্বতে সেৱা আগবঢ়োৱা সকলো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকল। বিভিন্ন ৰপ্তানি পৰিষদ আৰু চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ সকলো নেতাসকল। মহিলা আৰু ভদ্ৰলোকসকল! এয়া স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়। এয়া কেৱল স্বাধীনতাৰ ৭৫ তম বৰ্ষত আমাৰ স্বাধীনতা উদযাপন কৰাৰ সময় নহয়, ভৱিষ্যতৰ ভাৰতৰ বাবে এক স্পষ্ট দৃষ্টিভংগী আৰু ৰোডমেপ গঢ়ি তোলাৰ সময়। ইয়াত আমাৰ ৰপ্তানিৰ উচ্চাকাংক্ষা আৰু ইয়াত আপোনালোক সকলো সহকৰ্মী, পদক্ষেপ, আপোনাৰ ভূমিকা বৃহৎ।

প্ৰধানমন্ত্ৰীয়ে বিদেশত থকা ভাৰতীয় মিছনৰ মুৰব্বী আৰু বাণিজ্য আৰু বাণিজ্য খণ্ডৰ অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰে

August 06th, 06:30 pm

এই আঁচনিৰ প্ৰথম টো প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিদেশত থকা ভাৰতীয় মিছনৰ মুৰব্বী আৰু ব্যৱসায় আৰু বাণিজ্য খণ্ডৰ অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰে। আলোচনাৰ সময়ত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও উপস্থিত আছিল। অনুষ্ঠানটোত ২০ টাতকৈও অধিক বিভাগৰ সচিব, ৰাজ্য চৰকাৰৰ বিষয়া, ৰপ্তানি প্ৰচাৰ পৰিষদ আৰু চেম্বাৰ অফ কমাৰ্চৰ সদস্যসকলও উপস্থিত আছিল।

কেৰালাত শক্তি আৰু নগৰ খণ্ডত একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 19th, 04:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কেৰালাৰ আৰুভিক্কাৰাত পুগালুৰ-ত্ৰিশূৰ পাৱাৰ ট্ৰেন্সমিছন প্ৰজেক্ট, কাছাৰাগড় ছ'লাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে তেওঁ থিৰুৱনন্তপুৰমত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ এণ্ড স্মাৰ্ট ৰোডছ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।

প্রধানমন্ত্রীয়ে কেৰালাত শক্তি আৰু নগৰীয়া খণ্ডৰ প্ৰধান প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে

February 19th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কেৰালাৰ আৰুভিক্কাৰাত পুগালুৰ-ত্ৰিশূৰ পাৱাৰ ট্ৰেন্সমিছন প্ৰজেক্ট, কাছাৰাগড় ছ'লাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে তেওঁ থিৰুৱনন্তপুৰমত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ এণ্ড স্মাৰ্ট ৰোডছ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।