কৰ্ণাটকৰ হুবলি-ধৰৱাড়ত এলানি উন্নয়ণমূলক প্ৰকল্পৰ কাম-কাজৰ শুভাৰম্ভণি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

March 12th, 04:01 pm

এই বছৰৰ আৰম্ভণিতো হুবলিলৈ অহাৰ সৌভাগ্য হৈছিল। হুবলিৰ মৰমৰ ভাই-ভনীসকলে যিদৰে ৰাজপথত থিয় হৈ মোক আশীৰ্বাদ দিছিল মই সেই মুহূৰ্তৰ কথা কেতিয়াও পাহৰিব নোৱাৰো, ইমান মৰম, ইমান আশীৰ্বাদ। অতীতত মই কৰ্ণাটকৰ বহুতো অঞ্চল ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। বাংগালুৰুৰ পৰা বেলাগাভিলৈকে, কালবুৰ্গীৰ পৰা শিমোগালৈ, মহীশূৰৰ পৰা তুমকুৰুলৈ, কান্নদিগাসকলে মোক যি ধৰণৰ মৰম দিছে, সেয়া যেন ইজনতকৈ সিজন চাৰ; আপোনালোকৰ এই মৰম, আপোনালোকৰ এই আশীৰ্বাদে মোক অভিভূত কৰিছে। এই মৰম মোৰ বাবে এক বৃহৎ ঋণ, আৰু মই কৰ্ণাটকৰ জনসাধাৰণলৈ নিৰন্তৰ সেৱা আগবঢ়াই এই ঋণ পৰিশোধ কৰিম। আমি এই দিশত একেলগে কাম কৰি আছো যাতে, কৰ্ণাটকৰ প্ৰতিগৰাকী ব্যক্তিয়ে সুখৰে জীৱন যাপন কৰিব পাৰে, ইয়াৰ যুৱক-যুৱতীসকলে নিযুক্তিৰ বাবে নতুন সুযোগ পাব লাগে, ইয়াৰ ভগ্নী আৰু কন্যাসকল অধিক সবল হ'ব লাগে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে কৰ্ণাটকৰ প্ৰতিখন জিলা, প্ৰতিখন গাঁও, প্ৰতিখন চহৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাই আছে। আজি ধাৰৱাড়ৰ এই ভূমিত উন্নয়নৰ এক নতুন ধাৰাৰ সূচনা হৈছে। উন্নয়নৰ এই ধাৰাটোৱে হুবলি, ধাৰৱাড়ৰ লগতে সমগ্ৰ কৰ্ণাটকৰ ভৱিষ্যতক সঞ্চাৰিত কৰাৰ বাবে কাম কৰিব, ইয়াক প্ৰস্ফূটিত আৰু পল্লৱিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ হুব্বালি-ধাৰৱাড়ত ৰাষ্ট্ৰৰ মুখ্য উন্নয়ন মূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে আৰু উৎসৰ্গা কৰে

March 12th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ হুব্বালি-ধাৰৱাড়ত মুখ্য উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে আইআইটি ধাৰৱাড়ক উৎসৰ্গা কৰা যাৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে ফেব্ৰুৱাৰী ২০১৯ত স্থাপন কৰিছিল, যি হৈছে শ্ৰী সিদ্ধৰুদ্ধ স্বামীজী হুব্বালি ষ্টেচনত ১৫০৭ মিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ আটাইতকৈ দীঘল ৰে'লৱে প্লেটফৰ্ম যাক শেহতীয়াকৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে, হোচাপেটৰ বৈদ্যুতিকীকৰণ – হুব্বালি – টিনাইঘাট শাখা, হোচাপেট ষ্টেচন উন্নীতকৰণ। প্ৰধানমন্ত্ৰীয়ে হুব্বালি-ধাৰৱাড় স্মাৰ্ট চিটীৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰে আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ জয়দেৱ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, ধাৰৱাড় মাল্টি ভিলেজ পানী যোগান আঁচনি আৰু টুপ্পাৰিহাল্লা বানক্ষতি নিয়ন্ত্ৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ১২ মাৰ্চত কৰ্ণাটকৰ মাণ্ডিয়া আৰু হুব্বালি-ধাৰৱাড় ভ্ৰমণ কৰিব

March 10th, 01:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ মাৰ্চত কৰ্ণাটক ভ্ৰমণ কৰিব আৰু তাতে তেওঁ প্ৰায় ১৬,০০০ কোটি টকাৰ প্ৰকল্পৰ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে মাণ্ডিয়াত মুখ্য পথ প্ৰকল্পসমূহৰ আধাৰশিলা উৎসৰ্গা আৰু স্থাপন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩:১৫ বজাত তেওঁ হুব্বালি-ধাৰৱাড়ত বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

কৰ্ণাটকৰ হুব্বালি ২৬ তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 12th, 04:30 pm

কৰ্ণাটকৰ এই অঞ্চলটো ইয়াৰ পৰম্পৰা, সংস্কৃতি আৰু জ্ঞানৰ বাবে বিখ্যাত। ইয়াত বহুতো ব্যক্তিত্বক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে। এই অঞ্চলটোৱে দেশখনক কেইবাজনো মহান সংগীতজ্ঞ দিছে। মই আজি হুব্বালিৰ ভূমিৰ পৰা পণ্ডিত কুমাৰ গন্ধৰ্ব, পণ্ডিত বাসবৰাজ ৰাজগুৰু, পণ্ডিত মল্লিকাৰ্জুন মনচুৰ, ভাৰত ৰত্ন পণ্ডিত ভীমসেন যোশী আৰু পণ্ডিত গংগুবাই হাংগলজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

কৰ্ণাটকৰ হুবলীত ২৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

January 12th, 04:00 pm

কৰ্ণাটকৰ হুবলীত আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ শুভাৰম্ভ কৰে। স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকীত উদযাপন কৰা ৰাষ্ট্ৰীয় যুৱ দিৱসত তেওঁৰ আদৰ্শ, শিক্ষা আৰু অৱদানক সন্মান আৰু লালন-পালন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ বিষয়বস্তু হৈছে ‘বিকশিত যুৱ-বিকশিত ভাৰত’ আৰু ই দেশৰ সকলো প্ৰান্তৰ বিভিন্ন সংস্কৃতিক এক উমৈহতীয়া মঞ্চত আনি অংশগ্ৰহণকাৰীসকলক এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱেৰে একত্ৰিত কৰে।