জম্মু আৰু কাশ্মীৰ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পাঠ

October 30th, 10:01 am

আজি জম্মু-কাশ্মীৰৰ উদ্যমী নজোৱানসকলৰ বাবে, আমাৰ পুত্ৰ কন্যাসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ দিন। আজি জম্মু-কাশ্মীৰত ২০খন বেলেগ বেলেগ ঠাইত ৩ হাজাৰ যুৱক-যুৱতীক চৰকাৰত কাম কৰিবলৈ নিযুক্তি পত্ৰ অৰ্পণ কৰা হৈছে। এই নজোৱানসকলে পিডব্লিউডি, স্বাস্থ্য বিভাগ, খাদ্য আৰু নাগৰিক যোগান বিভাগ, পশুপালন, জলশক্তি, শিক্ষা-সংস্কৃতিৰ দৰে বিভিন্ন বিভাগত সেৱাৰ সুযোগ পাবলৈ গৈ আছে। আজি নিযুক্তি পত্ৰ পোৱা সকলো যুৱক-যুৱতীক মই বহুত বহুত অভিনন্দন জনাইছো। আৰু ৰোজগাৰ মেলাৰ এই আয়োজনৰ বাবে মই শ্ৰীমান মনোজ সিনহা জীক আৰু তেওঁৰ গোটেই টীমকো অভিনন্দন জনাইছো। মোক কোৱা হৈছে যে অনাগত দিনবোৰত অন্য বিভাগসমূহতো ৭০০ৰো অধিক নিযুক্তি পত্ৰ দিয়াৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ দ্বাৰা যিসকল লোক লাভৱান হ'ব আৰু সেয়াও কেইদিনমানতে হ'ব তেওঁলোককো মই শুভকামনা জনাইছো।

জম্মু-কাশ্মীৰত অনুষ্ঠিত ‘ৰোজগাৰ মেলা’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 30th, 10:00 am

সমবেতসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক জম্ম আৰু কাশ্মীৰৰ যুৱ-প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এটি গুৰুত্বপূৰ্ণ দিন হিচাপে অভিহিত কৰে। জম্মু-কাশ্মীৰ চৰকাৰৰ ২০টা স্থানত থকা বিভিন্ন কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰাৰ বাবে নিয়োগ পত্ৰ পোৱা ২০,০০০ প্ৰাৰ্থীক তেওঁ অভিনন্দন জনায়। তেওঁ কয় যে এইসকল যুৱক-যুৱতীয়ে গড়কপ্টানী, স্বাস্থ্য, খাদ্য আৰু অসামৰিক যোগান, পশু পালন, জল শক্তি আৰু শিক্ষা-সংস্কৃতিৰ দৰে বিভাগসমূহত কাম কৰাৰ সুযোগ পাব। আগন্তুক দিন দিয়েকত অন্যান্য বিভাগৰ বাবে আৰু ৭০০ৰো অধিক নিযুক্তি পত্ৰ প্ৰেৰণৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আগবঢ়াই থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে 'স্বাস্থ্যৱান ভাৰতৰ ৮ বছৰ'ৰ বিৱৰণ শ্বেয়াৰ কৰে

June 08th, 01:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৮ বছৰত ভাৰতত স্বাস্থ্যসেৱা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিৱৰণ ব্যক্ত কৰিছে।

Corona period has proved importance of skill, re-skill and up-skill: PM Modi

June 18th, 09:45 am

Prime Minister Narendra Modi today launched the ‘Customized Crash Course programme for Covid 19 Frontline workers’ via video conferencing. On the occasion, PM Modi said, We are working towards preparing 1 lakh frontline workers in the country. With the launch, it will commence the programme in 111 training centres spread over 26 states.

ক’ভিড-১৯ৰ চিকিত্সাসেৱাৰে জড়িত আগশাৰীৰ কৰ্মীসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম

June 18th, 09:43 am

ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলকৰ বাবে আয়োজিত এক হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ২৬খন ৰাজ্যত স্থাপিত ১১১টা প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষিত কৰা হয়। এই কাৰ্যক্ৰমৰ জৰিয়তে আগন্তুক ২-৩মাহত একলাখ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব। শুভাৰম্ভ অনুষ্ঠানত ‘দক্ষতা বিকাশ আৰু উদ্যশীলতা বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ মহেন্দ্ৰনাথ পাণ্ডেকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, বিশেষজ্ঞ, অন্যান্য বিশিষ্ট ব্যক্তি তথা অভিভাৱকসকল উপস্থিত থাকে।

ক’ভিড-১৯ৰ চিকিত্সাসেৱাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলৰ বাবে ১৮জুনত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম

June 16th, 02:33 pm

ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলকৰ বাবে আয়োজিত এক হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম অহা ১৮জুনৰ পুৱা ১১বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে মুকলি কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ২৬খন ৰাজ্যত স্থাপিত ১১১টা প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষিত কৰা হ’ব। শুভাৰম্ভ অনুষ্ঠানৰ পিচতে প্ৰধানমন্ত্ৰীয়ে এক ভাষণো প্ৰদান কৰিব। ‘দক্ষতা বিকাশ আৰু উদ্যশীলতা বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীও এই অনুষ্ঠানত উপস্থিত থাকিব।