ছিলভাছাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 07th, 03:00 pm

দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্লভাই পেটেল, সংসদত মোৰ সতীৰ্থ শ্ৰীমতী কলবেন ডেলকাৰ, সকলো গণ্যমান্য ব্যক্তি, ভাই-ভনীসকল, সকলোকে নমস্কাৰ জনালোঁ।

কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 07th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীৰ পূৰ্বে তেওঁ ছিলভাছাত নমো হাস্পতাল উদ্বোধন কৰে। ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ নিষ্ঠাবান কৰ্মীসকলক অঞ্চলটোৰ সৈতে সাক্ষাৎ আৰু সংযোগ স্থাপনৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জনসাধাৰণৰ সৈতে তেওঁৰ উষ্ণ আৰু দীৰ্ঘদিনীয়া সংগক স্বীকাৰ কৰি তেওঁ কয় যে অঞ্চলটোৰ সৈতে তেওঁৰ সম্পৰ্ক কেইবা দশক পুৰণি। ২০১৪ চনত তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন খণ্ডৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ সম্ভাৱনাক আধুনিক আৰু প্ৰগতিশীল পৰিচয়লৈ ৰূপান্তৰিত কৰিছে।

‘বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 23rd, 06:11 pm

ভাইসকল, ভগৱান মাতংগেশ্বৰ ভগৱান কী জয় ব’লো, বাগেশ্বৰ ধাম কী জয়, জটাশংকৰ ধাম কী জয়, আপোনাসৱক মোৰ তৰফৰ পৰা দুই হাতযোৰ কৰি ৰাম-ৰাম জনাইছোঁ। অনুষ্ঠানটোত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, ‘জগত গুৰু’ পূজ্য ৰামভদ্ৰাচাৰ্য জী, ‘বাগেশ্বৰ ধাম’ৰ ‘পীঠাধীশ্বৰ’ শ্ৰীধীৰেন্দ্ৰ শাস্ত্ৰী জী, ‘সাধ্বী’ ৰীতাম্ভৰা জী, স্বামী চিদানন্দ সৰস্বতী, মহন্ত শ্ৰী বালক যোগেশ্বৰদাস জী, এই অঞ্চলৰ সাংসদ বিষ্ণুদেৱ শৰ্মা জী আৰু অন্যান্য বিশিষ্ট ব্যক্তি তথা প্ৰিয় ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে

February 23rd, 04:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ গঢ়া গাঁৱত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। তেওঁ কয় যে ইমান কম সময়ৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বুণ্ডেলখণ্ডলৈ অহাটো তেওঁৰ সৌভাগ্য। তেওঁ কয় যে আধ্যাত্মিক কেন্দ্ৰ বাগেশ্বৰ ধাম অতি সোনকালে আৰোগ্য কেন্দ্ৰও হ’ব। তেওঁ কয় যে বাগেশ্বৰ ধাম মেডিকেল এণ্ড ছায়েন্স ৰিচাৰ্চ ইনষ্টিটিউট ১০ একৰ এলেকাত নিৰ্মাণ কৰা হ’ব আৰু প্ৰথম পৰ্যায়ত ১০০খন বিছনাযুক্ত সুবিধা সাজু হ’ব। তেওঁ এই সৎ কামৰ বাবে শ্ৰী ধীৰেন্দ্ৰ শাস্ত্ৰীক অভিনন্দন জনায় আৰু বুণ্ডেলখণ্ডৰ ৰাইজক শুভেচ্ছা জনায়।

জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 26th, 09:30 am

লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,

প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে

July 26th, 09:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।