
বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 12:00 pm
ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে
April 24th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 14th, 11:00 am
মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore
April 14th, 10:16 am
PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.তামিলনাডুৰ ৰামেশ্বৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 06th, 02:00 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী আৰু ড° এল মুৰুগন জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, অন্যান্য বিশিষ্ট অতিথি আৰু মোৰ মৰমৰ ভাই-ভনীসকল!তামিলনাডুৰ ৰামেশ্বৰমত ৮,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 06th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ ৰামেশ্বৰমত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিলৈ উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সাগৰীয় দলং-নতুন পাম্বন ৰে’ল দলং উদ্বোধন কৰি পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰি দলংখনৰ পৰিচালনাৰ সাক্ষী হয়। তেওঁ লগতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি শ্ৰী ৰাম নৱমীৰ শুভ অনুষ্ঠান। তেওঁ কয় যে আজিৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত সূৰ্যৰ ঐশ্বৰিক ৰশ্মিয়ে ৰাম লাল্লাক এক ভব্য তিলকেৰে শোভা বৰ্ধন কৰে। “ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজত্বকালৰ পৰাই সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে”, তেওঁ কয়। তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো ভগৱান শ্ৰীৰামৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি তেওঁ পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা শ্ৰীৰাম নৱমী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনায়।ছত্তীশগড়ৰ বিলাসপুৰত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 30th, 06:12 pm
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাজী; ৰাজ্যখনৰ জনপ্ৰিয় আৰু সদা সচেষ্ট মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণুদেও সাইজী; কেন্দ্ৰীয় কেবিনেটত মোৰ সন্মানীয় সহকৰ্মী মনোহৰ লালজী; এই অঞ্চলৰ সংসদ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী তোখন সাহুজী; ছত্তীশগড় বিধান সভাৰ অধ্যক্ষ আৰু মোৰ মৰমৰ বন্ধু ৰমন সিংজী; উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাজী; অৰুণ সাহু জী; ছত্তীশগড় চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল; আৰু দূৰদূৰণিৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ ভাই-ভনীসকল!ছট্টিশগড়ৰ বিলাসপুৰত আধাৰশিলা স্থাপন তথা ৩৩,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 30th, 03:30 pm
আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি আৰু বহনক্ষম জীৱিকাৰ প্ৰসাৰৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণেৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰত কেবাটাও আধাৰশিলা স্থাপন কৰাৰ উপৰি বিভিন্ন প্ৰকল্পৰ কাম আৰম্ভ কৰে, আৰু ৩৩,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প দেশৰ প্ৰতি উৎসৰ্গা কৰে। নৱবৰ্ষৰ শুভক্ষণ আৰু নৱৰাত্ৰিৰ প্ৰথম দিনটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ছট্টিশগড়ৰ গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত বাখ্যা কৰি ইয়াক মা মহামায়াৰ ভূমি আৰু মা কৌশলৰ মাতৃগৃহ বুলি অভিহিত কৰে। তেওঁ এই শুভ দিনটোত ছট্টিশগড়ত উপস্থিত থাকিবলৈ পোৱাৰ সৌভাগ্য বুলি প্ৰকাশ কৰি নাৰী দেৱীত্বৰ প্ৰতি উৎসৰ্গিত নৱৰাত্ৰিৰ ন দিনৰ বিশেষ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। শেহতীয়াকৈ তেওঁ ভক্ত শিৰোমণি মাতা কৰ্মৰ সন্মানত শেহতীয়াকৈ ডাক টিকট জাৰি কৰা বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে সমগ্ৰ জীৱন ভগৱান ৰামৰ নাম জপতেই উৎসৰ্গা কৰা ৰামনামী সমাজৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাক আলোকপাত কৰি আড়ম্বৰপূৰ্ণতাৰে ৰাম নৱমী উদযাপনৰ দ্বাৰা ছট্টিশগড়ত নৱৰাত্ৰি উৎসৱৰ সমাপন হ’ব। তেওঁ ছট্টিশগড়বাসীক ভগৱান ৰামৰ মাতৃ পৰিয়াল বুলি অভিহিত কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 28th, 08:00 pm
শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে
March 28th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।গুজৰাটৰ চুৰাটত চুৰাট খাদ্য সুৰক্ষা পৰিপূৰক অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 07th, 05:34 pm
আশাকৰোঁ আপোনালোক সকলোৰে ভালেই আছে। এই দেশৰ জনসাধাৰণৰ লগতে বিশেষকৈ গুজৰাটৰ জনসাধাৰণৰ কৃপাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ কথা। পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই মোৰ প্ৰথমবাৰৰ বাবে চুৰাট ভ্ৰমণ। গুজৰাটৰ পৰা পোৱা মৰম আৰু সমৰ্থনে মোৰ এই যাত্ৰাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু ইয়াৰ বাবে মই চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আজি চুৰাট ভ্ৰমণ কৰি থাকোঁতে এই চহৰখনৰ সজীৱ মনোভাৱৰ কথা মনত নেপেলোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চুৰাট হৈছে এনে এখন ঠাই য’ত কাম আৰু দান-বৰঙণি একেলগে চলে, আৰু য’ত সমাজে ইজনে সিজনক সহায় কৰে, সামূহিক অগ্ৰগতিৰ উদযাপন কৰে। আজিৰ অনুষ্ঠানটো চুৰাটৰ এই আত্মা আৰু আৱেগক প্ৰচাৰৰ ক্ষেত্ৰত এক পদক্ষেপ।‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 07th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰাটৰ লিম্বায়াতত ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত ২.৩ লাখতকৈয়ো অধিক হিতাধিকাৰীক লাভ বিতৰণ কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে চুৰাট চহৰখনৰ অনন্য ভাৱনাত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ কাম আৰু দানৰ শক্তিশালী ভেটি সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ চহৰখনৰ মৰ্ম পাহৰিব নোৱাৰি, কিয়নো ইয়াক সামূহিক সহযোগিতা আৰু সকলোৰে উন্নয়ণ উদযাপনেৰে সংজ্ঞায়িত কৰা হয়।For 10 years, AAP-da leaders sought votes on the same false promises. But now, Delhi will no longer tolerate these lies: PM
February 02nd, 01:10 pm
Prime Minister Modi addressed a massive and spirited rally in Delhi’s RK Puram, energizing the crowd with his vision for a Viksit Delhi and exposing the failures of the AAP-da government. He reaffirmed his commitment to fulfilling every promise and ensuring the city’s holistic development.PM Modi Addresses Enthusiastic Crowd in Delhi’s RK Puram, Calls for Historic BJP Mandate
February 02nd, 01:05 pm
Prime Minister Modi addressed a massive and spirited rally in Delhi’s RK Puram, energizing the crowd with his vision for a Viksit Delhi and exposing the failures of the AAP-da government. He reaffirmed his commitment to fulfilling every promise and ensuring the city’s holistic development.Delhi needs a government that works in coordination, not one that thrives on conflicts: PM Modi
January 31st, 03:35 pm
Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”PM Modi electrifies New Delhi’s Dwarka Rally with a High-Octane speech
January 31st, 03:30 pm
Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”The people of Delhi have suffered greatly because of AAP-da: PM Modi during Mera Booth Sabse Mazboot programme
January 22nd, 01:14 pm
Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.PM Modi Interacts with BJP Karyakartas Across Delhi under Mera Booth Sabse Mazboot via NaMo App
January 22nd, 01:00 pm
Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.