হাৰিয়ানাৰ ৰেৱাৰীত উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 16th, 01:50 pm
বীৰৰ জন্মভূমি ৰেৱাৰীৰ পৰা সমগ্ৰ হাৰিয়ানালৈ ৰাম-ৰাম! যেতিয়াই মই ৰেৱাৰীলৈ আহো, বহুতো পুৰণি স্মৃতিয়ে মনত ভূমুকি মাৰেহি। ৰেৱাৰীৰ সৈতে মোৰ সম্পৰ্ক নিতান্তই পৃথক। মই জানো ৰেৱাৰীৰ মানুহে মোদীক বাৰুকৈয়ে ভাল পায়। আৰু অলপ আগতে মাত্ৰ মোৰ বন্ধু ৰাও ইন্দ্ৰজিৎ জীয়ে কোৱাৰ দৰে, মুখ্যমন্ত্ৰী মনোহৰ লালজীয়ে কোৱাৰ দৰে ২০১৩ চনত যেতিয়া ‘ভাৰতীয় জনতা পাৰ্টী’য়ে মোক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল, মোৰ প্ৰথম কাৰ্যসূচী ৰেৱাৰীত অনুষ্ঠিত হৈছিল আৰু সেই সময়ত ৰেৱাৰীয়ে ‘২৭২’ অতিক্ৰম কৰাৰ আশীৰ্বাদ দিছিল। আৰু আপোনালোকৰ সেই আশীৰ্বাদ বাস্তৱ হৈছিল। এতিয়াও মানুহে কৈছে যে মই আকৌ এবাৰ ৰেৱাৰীলৈ আহিছোঁ, গতিকে আপোনালোকৰ আশীৰ্বাদ হৈছে, এইবাৰ ৪০০ পাৰ, এন ডি এ চৰকাৰ ৪০০ পাৰ, অৰ্থাত এনডিএই ৪০০ অতিক্ৰম কৰি চৰকাৰ গঠন কৰিব।হাৰিয়ানাৰ ৰেৱাৰীত ৯,৭৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
February 16th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ৰেৱাৰীত ৯৭৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে নগৰপৰিবহন, স্বাস্থ্য, ৰে’ল আৰু পৰ্যটন সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ খণ্ডলৈ সেৱা আগবঢ়াব। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে অনুষ্ঠিত কৰা প্ৰদৰ্শনীসমূহো পদব্ৰজে পৰিদৰ্শন কৰে।১৬ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 03:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১:১৫ বজাত তেওঁ নগৰ পৰিবহন, স্বাস্থ্য, ৰে'ল আৰু পৰ্যটন খণ্ড সম্পৰ্কীয় ৯৭৫০ কোটি অধিক টকা বিনিয়োগসাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন-উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।