কেবিনেটৰ শ্ৰী গুৰু নানক দেৱজীৰ ৫৫০তম জন্ম জয়ন্তী সমাৰোহ আয়োজনত অনুমোদন

কেবিনেটৰ শ্ৰী গুৰু নানক দেৱজীৰ ৫৫০তম জন্ম জয়ন্তী সমাৰোহ আয়োজনত অনুমোদন

November 22nd, 05:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এক প্ৰস্তাৱনাৰ জৰিয়তে সমগ্ৰ দেশত আৰু বিশ্বৰ শিখ ধৰ্মৰ সংস্থাপক গুৰু নানক দেৱজীৰ ৫৫০তম জয়ন্তী অনাগত বৰ্ষত ধুমধামেৰে পালন কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ ৰাজ্য চৰকাৰ আৰু বিদেশত ভাৰতীয় দূতাবাসৰ সৈতে এই সমাৰোহ পালন কৰা হ’ব৷ গুৰু নানক দেৱজীৰ প্ৰেম, শান্তি, সমতা আৰু ভ্ৰাতৃত্ববোধৰ শিক্ষাসমূহৰ শ্বাস্বত মূল্য আছে৷