মহাৰাষ্ট্ৰৰ ৱধাভানত নতুন বতৰ-অনুকূল গ্ৰীণফিল্ড ডীপ-ড্ৰাফ্ট মেজৰ বন্দৰৰ উন্নয়নত অনুমোদন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ
June 19th, 09:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত মহাৰাষ্ট্ৰৰ দাহানুৰ সমীপৰ ৱাধৱনত এক বৃহৎ তথা গুৰুত্বপূৰ্ণ বন্দৰ স্থাপনত অনুমোদন জনোৱা হৈছে। এই বন্দৰ নিৰ্মাণ প্ৰকল্পটো জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষ (জেএনপিএ) আৰু মহাৰাষ্ট্ৰ সামুদ্ৰিক ব’ৰ্ড (এমএমবি)ৰ দ্বাৰা সৃষ্টি কৰা এক এছপিভিৰ দ্বাৰা সম্পন্ন কৰা হ’ব, ইয়াত দুয়োটা কৰ্তৃপক্ষৰ অংশীদাৰীত্ব থাকিব ক্ৰমে ৭৪% আৰু ২৬%। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত বতৰ-অনুকূল গ্ৰীণফিল্ড ডীপ-ড্ৰাফ্ট মেজৰ বন্দৰ হিচাপে নিৰ্মাণ কৰা হ’ব এই বাধৱন বন্দৰ।