বিশ্ব পৰিৱেশ দিৱস, ২০২৩ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
June 05th, 03:00 pm
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে, দেশ তথা বিশ্বৰ জনসাধাৰণক বহুত বহুত শুভকামনা জনাইছো৷ এই বৰ্ষৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে-এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ অভিযান৷ মই সুখী অনুভৱ কৰিছো যে যিটো কথা বিশ্বই আজি কৰিছে, সেই দিশত ভাৰতে বিগচ ৪-৫ বছৰৰ পৰা একেৰাহে কৰি আছে৷ ২০১৮ চনতে ভাৰতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ বাবে দুটা পৰ্যায়ত কাম আৰম্ভ কৰিছিল৷ আমি এফালে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছো আৰু আনফালে প্লাষ্টিক আৱৰ্জনা প্ৰক্ৰিয়াকৰণক বাধ্যাতামুলক কৰিছো৷ সেইবাবে ভাৰতত প্ৰায় ৩০লাখ টন প্লাষ্টিক পেকেজিংৰ ৰিচাক্লিং বাধ্যতামুলক হৈছে৷ এয়া ভাৰতত উৎপাদন হোৱা প্লাষ্টিক আৱৰ্জনাৰ প্ৰায় ৭৫%৷ বৰ্তমান ইয়াৰ আওতাত প্ৰায় ১০হাজাৰ উৎপাদক, আমদানিকাৰক আৰু ব্ৰেণ্ডৰ স্বত্তাধিকাৰী আছিল৷বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ বৈঠক
June 05th, 02:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভাষণ আগবঢ়ায়৷‘ত্ৰয়োদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলন’ত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 09th, 09:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠিত ‘ত্ৰয়োদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলন’ত সভাপতিত্ব কৰিলে।