বিশ্ব চৰকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 14th, 02:30 pm

বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলনত মূল ভাষণ দিয়াটো মোৰ বাবে এক বৃহৎ সন্মানৰ কথা, আৰু এই সৌভাগ্য মোৰ দ্বিতীয়বাৰৰ বাবে। এই আমন্ত্ৰণ আৰু অদ্ভুত আদৰণিৰ বাবে মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ জীক মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো।লগতে মোৰ ভাই মহামহিম শ্বেখ মহম্মদ বিন জায়েদকো ধন্যবাদ জনাইছো। শেহতীয়াকৈ তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। তেওঁলোক কেৱল দূৰদৰ্শী নেতা নহয় সংকল্প আৰু দায়বদ্ধতাৰ নেতাও।

বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলন ২০২৪ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

February 14th, 02:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইউএইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ শাসক মহামান্য শ্বেখ মহম্মদ বিন ৰছিদ অল মাকতুমৰ আমন্ত্ৰণত তেওঁ সন্মিলনৰ বিষয়বস্তু ভৱিষ্যত চৰকাৰক আকাৰ দিয়াৰ ওপৰত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপেও অংশগ্ৰহণ কৰিছিল। এইবাৰ অনুষ্ঠিত সন্মিলনত ১০ জন ৰাষ্ট্ৰপতি আৰু ১০ জন প্ৰধানমন্ত্ৰীকে ধৰি ২০ জন বিশ্ব নেতাই অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক সন্মিলনখনত ১২০ খনতকৈও অধিক দেশৰ চৰকাৰ আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

ভিডিঅ’ কনফাৰেন্সিংযোগে দ্বিতীয় পৰ্যায়ৰ ইনফিনিটী ফ’ৰামৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ

December 09th, 11:09 am

ইনফিনিটী ফ'ৰামৰ দ্বিতীয় পৰ্যায়ৰ এই সমাৱেশলৈ আজি সকলোকে আদৰণি জনাইছো। ২০২১ চনৰ ডিচেম্বৰ মাহত উদ্বোধনী ইনফিনিটী ফ’ৰামত আমি লগ হৈছিলো। সেই সময়ত মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে অনিশ্চয়তাৰ পৰিবেশ বিৰাজ কৰিছিল। পৃথিৱীৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে সকলোৱে চিন্তিত হৈ পৰিছিল। দুৰ্ভাগ্যজনকভাৱে সেই উদ্বিগ্নতা আজিও শেষ হোৱা নাই। ভূ-ৰাজনৈতিক উত্তেজনা, উচ্চ মুদ্ৰাস্ফীতিৰ হাৰ আৰু ঋণৰ বোজাৰ প্ৰত্যাহ্বান আৰু বিষয়সমূহৰ বিষয়ে আপোনালোকে নিশ্চয় জানে।

PM addresses Infinity Forum 2.0

December 09th, 10:40 am

PM Modi addressed the second edition of Infinity Forum, a global thought leadership platform on FinTech via video conferencing. PM Modi reiterated that India’s growth story is based on the government’s top priority to policy, good governance and the welfare of the citizens. Speaking about expanding the scope of IFSCA, PM Modi reiterated the government’s efforts to take GIFT IFSCA beyond traditional finance and ventures. “We want to make GIFT City the Global Nerve Center of New Age Global Financial and Technology Services”.

ভাৰতে চিঅ’পি-২৮ত ইউএইৰ সৈতে গ্ল’বেল গ্ৰীন ক্ৰেডিট ইনিচিয়েটিভৰ সহ-আয়োজন কৰে

December 01st, 08:28 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে মিলি ২০২৩ৰ ১ ডিচেম্বৰত ডুবাইত চিঅ’পি-২৮ত ‘গ্ৰীন ক্ৰেডিটছ প্ৰগ্ৰেম’ সন্দৰ্ভত উচ্চ-পৰ্য্যায়ৰ অনুষ্ঠানৰ সহ-আয়োজন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ছুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম উলফ ক্ৰীষ্টাৰছন, মোজাম্বিকৰ ৰাষ্ট্ৰপতি মহামহিম ফিলিপে নিউছি আৰু ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ মহামহিম চাৰ্লছ মিচেলে।

চিঅ’পি-২৮ সন্মিলনৰ ‘ট্ৰেন্সফৰ্মিং ক্লাইমেট ফাইনেন্স’ শীৰ্ষক অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 01st, 08:06 pm

ভাৰতে জি-২০ সভাপতিত্বৰ সময়ত বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তন দুয়োটাকে যথেষ্ট অগ্ৰাধিকাৰ দিছে।

চিঅ’পি-২৮ত ‘গ্ৰীন ক্ৰেডিট প্ৰগ্ৰেম’ বিষয়ক উচ্চ স্তৰীয় কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধন

December 01st, 07:22 pm

এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মোৰ ভ্ৰাতৃ তথা ইউএইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।