ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত ৭১,০০০ ৰো অধিক নিযুক্তি পত্ৰ বিতৰণত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
December 23rd, 11:00 am
মোৰ কেবিনেটৰ সতীৰ্থবৃন্দ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, আৰু মোৰ ডেকা বন্ধু-বান্ধবীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০ তকৈও অধিক লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে
December 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰি আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিয়োগ সৃষ্টিত অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। ই যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু আত্মসৱলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰি শক্তিশালী কৰিব।সমবায় খণ্ডৰ একাধিক মূল পদক্ষেপৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 24th, 10:36 am
আজি ‘বিকশিত ভাৰত’ৰ ‘অমৃত যাত্ৰা’ত আন এক উল্লেখযোগ্য সাফল্যৰ সাক্ষী হৈ পৰিছে ‘ভাৰত মণ্ডপম’। আজি আমি দেশে গ্ৰহণ কৰা ‘সহকাৰ সে সমৃদ্ধি’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) সংকল্প বাস্তৱায়িতকৰণৰ দিশত আগবাঢ়িছোঁ। কৃষি আৰু খেতিৰ ভেটি সুদৃঢ়কৰণত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই কথা মনত ৰাখি আমি এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰিছোঁ। আৰু, আজি এই কাৰ্য্যসূচী একে মনোভাৱেৰে উদযাপন কৰা হৈছে। আজি আমি আমাৰ কৃষকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আঁচনি-গুদাম আঁচনি আৰম্ভ কৰিছোঁ। এই আঁচনিৰ অধীনত দেশৰ চুকে-কোণে হাজাৰ-হাজাৰ গুদাম স্থাপন কৰা হ’ব। আজি ১৮,০০০ ‘পেকছ’ (PACS-Primary Agricultural Credit Societies)ৰ কম্পিউটাৰাইজেচনৰ এক উল্লেখযোগ্য কামো সম্পূৰ্ণ হৈছে। এই সকলোবোৰ প্ৰকল্পই দেশৰ কৃষি আন্তঃগাঁথনিলৈ নতুন উদ্দীপনা যোগাব, কৃষিক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিব। এই গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 24th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ১১খন ৰাজ্যৰ ১১খন প্ৰাথমিক কৃষি ঋণ সমিতি (পেকছ)ত চলি থকা ‘সহবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ পৰিকল্পনা’ৰ পাইলট প্ৰকল্প উদ্বোধন কৰে। এই পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে গুদাম আৰু অন্যান্য কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত ৫০০ পেকছৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে খাদ্য শস্য যোগান শৃংখলৰ সৈতে পেকছৰ গুদামসমূহক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰা, খাদ্য সুৰক্ষা সুদৃঢ় কৰা আৰু নাবাৰ্ডৰ সমৰ্থিত আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)ৰ নেতৃত্বত সহযোগিতামূলক প্ৰচেষ্টাৰে দেশৰ অৰ্থনৈতিক উন্নয়নক লাভান্বিত কৰা। এই পদক্ষেপ কৃষি আন্তঃগাঁথনি পুঁজি (এআইএফ), কৃষি বিপণন আন্তঃগাঁথনি (এএমআই) আদি বিভিন্ন বৰ্তমানৰ আঁচনিৰ একত্ৰীকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে যাতে প্ৰকল্পটোত অংশগ্ৰহণ কৰা পেকছে আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লোৱাৰ বাবে ৰাজসাহায্য আৰু সুদৰ সাহায্যৰ সুবিধা লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে সমবায় খণ্ডক সজীৱ কৰি তোলা আৰু ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকক সবলীকৰণৰ লক্ষ্যৰে চৰকাৰৰ সহকাৰ ছে সমৃদ্ধিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ ১৮ হাজাৰ পেকছত কম্পিউটাৰাইজেচনৰ বাবে এক প্ৰকল্প উদ্বোধন কৰে।আমূল ফেডাৰেচনৰ জিচিএমএমএফৰ সোণালী জয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 22nd, 11:30 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী; গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল; মোৰ কেবিনেট সহকৰ্মী পৰশোত্তম ৰূপালা জী; সংসদৰ সন্মানীয় সহকৰ্মী চি আৰ পাটিল, আমূলৰ অধ্যক্ষ শ্ৰী শামালভাই, আৰু ইয়াত সমবেত হোৱা মোৰ সকলো ভাই-ভনী!প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে
February 22nd, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি আহমেদাবাদৰ মটেৰাস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ (GCMMF) সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনী প্ৰত্যক্ষকৰণৰ লগতে সোণালী জয়ন্তী কফি টেবুল বুক উন্মোচন কৰে। এই ফেডাৰেচন হৈছে সমবায়সমূহৰ স্থিতিস্থাপকতা, উদ্যোগী মনোভাৱ আৰু কৃষকসকলৰ দৃঢ়তাৰ সাক্ষ্য, যিয়ে আমূলক বিশ্বৰ অন্যতম শক্তিশালী দুগ্ধ ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছে।গুজৰাটৰ দিওদাৰৰ বানাস ডেইৰীত উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 19th, 11:02 am
আপোনালোক সকলো আনন্দত আছে। এতিয়া আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো কিয়নো আৰম্ভণিতে মই অলপ হিন্দীত ক'ব লাগিব। কিয়নো এইটো সংবাদ মাধ্যমৰ বন্ধুবৰ্গৰ পৰা অনুৰোধ আহিছে যে আপুনি হিন্দীত কথা ক'লে ভাল হ'ব, সেয়েহে মই ভাবিলো যে সকলোবোৰ নহ’লেও তেওঁলোকৰ কথাটো মানি লোৱা উচিত।বনাচকান্থাৰ দিয়োদাৰস্থিত বনাচ ডেইৰী সংকুলত একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
April 19th, 11:01 am
PM Modi dedicated to the nation a new dairy complex and potato processing plant at Diyodar, Banaskantha district. These plants will empower the local farmers and give a boost to the rural economy in the region. He also noted how along with Banas Dairy complex, cheese and whey plant, Banas Dairy has proved that other resources like potato can also be used to increase the income of local farmers.১৮-২০এপ্রিলত গুজৰাট ভ্ৰমণ কৰিব প্রধানমন্ত্রীয়ে
April 16th, 02:36 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৮ৰ পৰা ২০এপ্রিললৈকে গুজৰাট ভ্ৰমণ কৰিব। ১৮ এপ্ৰিলৰ সন্ধিয়া ৬বজাত গান্ধীনগৰত বিদ্যালয়সমূহৰ কামাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ পৰিদর্শন কৰিব৷ ১৯ এপ্ৰিলৰ পুৱা ৯.৪০ বজাত তেওঁ বনছকাঁথাৰ দিয়োদাৰত বনছ দুগ্ধ সংকুলত একাধিক উন্নয়নমূলক প্রকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। একেদিনাই বিয়লি ৩.৩০বজাত তেওঁ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত চিকিৎসা কেন্দ্রৰ আধাৰশিলা স্থাপন কৰিব। ২০ এপ্রিলৰ পুৱা ১০ বজাত প্রধানমন্ত্রীয়ে গান্ধীনগৰত বিশ্ব আয়ুষ বিনিয়োগ আৰু সন্মিলনৰ উদ্বোধন কৰিব। ইয়াৰ বিয়লি ৩.৩০ বজাত শ্রী মোদীয়ে দাহোদত আদিজাতি মহাসন্মিলন উদ্বোধন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।