লক্ষ্ণৌত ইউপি গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটৰ চতুৰ্থ গ্ৰাউণ্ডব্ৰেকিং সমাৰোহত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 19th, 03:00 pm

আজি আমি ইয়াত বিকশিত ভাৰতৰ বাবে বিকশিত উত্তৰ প্ৰদেশ গঢ়ি তোলাৰ সংকল্প লৈ একত্ৰিত হৈছোঁ। আৰু মোক কোৱা হৈছে যে বৰ্তমান প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে ইউপিৰ ৪০০ৰো অধিক বিধানসভা আসনত লাখ লাখ লোক এই কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে। প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত মোৰ পৰিয়ালৰ এই সকলো সদস্যক মই আন্তৰিকতাৰে আদৰণি জনাইছোঁ। ৭-৮ বছৰ আগতে আমি কল্পনাও কৰিব পৰা নাছিলোঁ যে উত্তৰ প্ৰদেশতো বিনিয়োগ আৰু চাকৰিৰ সন্দৰ্ভত এনে পৰিৱেশৰ সৃষ্টি হ’ব। চৌদিশে অপৰাধ, দাঙ্গা, কাঢ়ি নিয়াৰ খবৰ আহিছিল। সেই সময়ছোৱাত যদি কোনোবাই ক’লেহেঁতেন যে ইউপিক বিকশিত কৰিম, হয়তো কোনেও শুনিবলৈ সাজু নহ’লহেঁতেন, বিশ্বাস কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহ’লহেঁতেন। কিন্তু চাওক আজি, লাখ লাখ কোটি টকাৰ বিনিয়োগ উত্তৰ প্ৰদেশৰ মাটিত অৱতৰণ কৰিছে। আৰু মই উত্তৰ প্ৰদেশৰ সাংসদ। আৰু মোৰ উত্তৰ প্ৰদেশত যেতিয়া কিবা এটা ঘটে তেতিয়া মই আটাইতকৈ বেছি সুখী অনুভৱ কৰোঁ। আজি হাজাৰ হাজাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। এইবোৰ কাৰখানা যিবোৰ আহি আছে, এই উদ্যোগবোৰে যিবোৰ আহি আছে, সেইবোৰে ইউপিৰ ছবি সলনি কৰিবলৈ গৈ আছে। মই সকলো বিনিয়োগকাৰীক, আৰু বিশেষকৈ ইউপিৰ সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছোঁ।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচী সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

February 19th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ‘ইউপি গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’ৰ ‘চতুৰ্থ গুৰুত্বপূৰ্ণ অনুষ্ঠান’ত উত্তৰ প্ৰদেশত ১০ লাখ কোটি টকাৰো অধিক মূল্যৰ ১৪০০০ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰকল্পসমূহ উৎপাদন, নৱীকৰণযোগ্য শক্তি, তথ্য প্ৰযুক্তি আৰু আইটিইএছ, খাদ্য সংসাধন, গৃহ নিৰ্মাণ আৰু ‘ৰিয়েল এষ্টেট’, আতিথ্য আৰু মনোৰঞ্জন, আৰু শিক্ষাৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।

ডেৰাডুনত উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ৰ উদ্বোধনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

December 08th, 12:00 pm

উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, ইয়াৰ জনপ্ৰিয় আৰু যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, চৰকাৰৰ মন্ত্ৰীগণ, বিভিন্ন দেশৰ প্ৰতিনিধিগণ, উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰমহিলা আৰু সজ্জনসকল!

প্ৰধানমন্ত্ৰীয়ে 'উত্তৰাখণ্ড বিশ্ব বিনিয়োগ সন্মিলন ২০২৩' উদ্বোধন কৰে

December 08th, 11:26 am

উদ্যোগৰ নেতৃবৃন্দইও অনুষ্ঠানটোত তেওঁলোকৰ মতামত ব্যক্ত কৰে। আদানি গ্ৰুপৰ সঞ্চালক আৰু পৰিচালনা সঞ্চালক (কৃষি, তেল আৰু গেছ) শ্ৰী প্ৰণৱ আদানীয়ে কয় যে সাম্প্ৰতিক সময়ত ইয়াৰ বিকাশৰ প্ৰতি ৰাজ্যৰ দৃষ্টিভংগীৰ বাবে উত্তৰাখণ্ড ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ বাবে আটাইতকৈ আকৰ্ষণীয় গন্তব্য স্থান হৈ পৰিছে। যাৰ একক পইণ্ট অনুমোদন, প্ৰতিযোগিতামূলক ভূমিৰ মূল্য, সুলভ শক্তি, উচ্চ দক্ষ জনশক্তি আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ ওচৰত এক অতি স্থিৰ আইন আৰু পৰিৱেশ শৃংখলা আছে। শ্ৰী আদানীয়ে ৰাজ্যখনত সম্প্ৰসাৰণ আৰু অধিক বিনিয়োগ তথা নিয়োগ অনাৰ পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ উত্তৰাখণ্ড ৰাজ্যৰ নিৰন্তৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে ভাৰতৰ জনসাধাৰণৰ তেওঁৰ ওপৰত অভূতপূৰ্ব আস্থা আৰু বিশ্বাস আছে।

৮ ডিচেম্বৰত ডেৰাডুন ভ্ৰমণেৰে ‘উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

December 06th, 02:38 pm

‘উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩’ হৈছে উত্তৰাখণ্ডক এক নতুন বিনিয়োগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ দিশত এটি পদক্ষেপ। ৮ আৰু ৯ ডিচেম্বৰ, ২০২৩ত দুদিনীয়া সন্মিলনখনিৰ বিষয়বস্তু হৈছে - “শান্তিৰপৰা সমৃদ্ধিলৈ” (Peace to Prosperity)।”

উত্তৰপ্ৰদেশৰ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

February 26th, 12:01 pm

এই কেইদিন ৰোজগাৰ মেলা মোৰ বাবে এক বিশেষ কাৰ্যসূচীত পৰিণত হৈছে৷ বিগত কেইমাহমান ধৰি দেখি আহিছো যে প্ৰতি সপ্তাহত বিজেপি শাসিত যিকোনো এখন ৰাজ্যত ৰোজগাৰ মেলা অনুষ্ঠিত হৈ আহিছে আৰু হাজাৰ হাজাৰ যুৱক-যুৱতীক ৰোজগাৰৰ নিযুক্তি পত্ৰ প্ৰদান কৰি থকা হৈছে৷ মোৰ সৌভাগ্য এই যে মই তেওঁলোকৰ সাক্ষী হ’ব পাৰিছো৷ এই প্ৰতিভাশালী যুৱক-যুৱতী, চৰকাৰী ব্যৱস্থাত নতুন চিন্তাধাৰা লৈ আহিছে, সক্ষমতা বৃদ্ধিত সহায় কৰিছে৷

উত্তৰ প্ৰদেশ ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ

February 26th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশ চৰকাৰৰ ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে। এই মেলাত উত্তৰ প্ৰদেশ আৰক্ষীৰ উপ পৰিদৰ্শক আৰু নাগৰিক আৰক্ষী, প্লাটুন কমাণ্ডাৰ তথা অগ্নিনিৰ্বাপক বাহিনীৰ দ্বিতীয় বিষয়াৰ সমতুল্য পদৰ বাবে প্ৰত্যক্ষ নিয়োগৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 10th, 11:01 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী ড. আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী আৰু ব্ৰজেশ পাঠক জী, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী তথা লক্ষ্ণৌৰ প্ৰতিনিধি শ্ৰী ৰাজনাথ সিং জী, বিভিন্ন দেশৰ সন্মানীয় ব্যক্তিসকল, উত্তৰ প্ৰদেশৰ সকলো মন্ত্ৰী আৰু উদ্যোগটোৰ সন্মানীয় সদস্যসকল, গ্ল'বেল ইনভেষ্টাৰ ফ্ৰেটাৰ্নিটি, নীতি নিৰ্ধাৰক, কৰ্প’ৰেট নেতাসকল, লগতে গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটত অংশগ্ৰহণ কৰা সকলো সুধীবৃন্দ!

প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ উদ্বোধন কৰে

February 10th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰছ ছামিট ২০২৩ উদ্বোধন কৰে। তেওঁ গ্লোবেল ট্ৰেড শ্ব'ৰ উদ্বোধন কৰে আৰু কাৰ্যসূচীটোৰ সময়ত ইনভেষ্ট ইউপি ২.০ মুকলি কৰে। উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য বিনিয়োগ সন্মিলন যিয়ে সমগ্ৰ বিশ্বৰ নীতি নিৰ্মাতা, উদ্যোগৰ নেতা, শিক্ষাবিদ, থিংক টেংক আৰু নেতাসকলক একত্ৰিত কৰি সামূহিকভাৱে ব্যৱসায়ৰ সুযোগ অন্বেষণ কৰিব আৰু অংশীদাৰীত্ব গঢ়ি তুলিব। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীখনো পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব

February 08th, 05:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌ ভ্ৰমণ কৰিব য'ত তেওঁ উত্তৰ প্ৰদেশ গোলকীয় বিনিয়োগকাৰী সন্মিলন ২০২৩ উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছত দুখন বন্দে ভাৰত ৰে'লৰ ফ্লেগ অফ কৰিব। তেওঁ দুটা পথ প্ৰকল্পও দেশবাসীলৈ উৎসৰ্গা কৰিব- ছাণ্টাক্ৰুজ চেম্বুৰ লিংক ৰোড আৰু কুৰাৰ আণ্ডাৰপাছ প্ৰকল্প। তাৰ পিছত, আবেলি প্ৰায় ৪:৩০ বজাত, তেওঁ মুম্বাইৰ আলজামিয়া-টাছ-চাইফিয়াৰ নতুন চৌহদ উদ্বোধন কৰিব।

‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ‘ভিডিঅ’ বাৰ্তা’ৰ ইংৰাজী তৰ্জমাৰ অসমীয়া ৰূপান্তৰ

January 11th, 05:00 pm

‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্ট্ৰছ ছামিট’লৈ সকলো বিনিয়োগকাৰী আৰু উদ্যোগীক উষ্ম আদৰণি জনাইছো! উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত মধ্য প্ৰদেশৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। ভক্তি আৰু আধ্যাত্মিকতাৰ পৰা পৰ্যটনলৈ; কৃষিৰ পৰা শিক্ষা আৰু দক্ষতা বিকাশলৈকে, মধ্য প্ৰদেশে এক স্বকীয়তা, মহিমা আৰু সজাগতাৰ স্থান দখল কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত মধ্য প্ৰদেশ বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩-ত ভাষণ প্ৰদান কৰে

January 11th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনত ভাষণ দিয়ে। এই সন্মিলনখনে মধ্য প্ৰদেশত বিবিধ বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিব।

হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত হোৱা বিশ্ব বিনিয়োগকাৰীৰ সন্মিলন ২০১৯ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

November 07th, 04:04 pm

হিমাচল প্ৰদেশ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয় মহোদয়, মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ মহোদয়, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী প্ৰহ্লাদ পেটেল মহোদয়, অনুৰাগ ঠাকুৰ মহোদয়, নিটি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰ মহোদয়, ইউএইৰ ভাৰতৰ ৰাষ্ট্ৰদূত আহমেদ আল্বানা, উদ্যোগজগতৰ মহান সতীৰ্থ, ইয়াত উপস্থিত অন্য মহানুভৱ তথা মোৰ প্ৰিয় বন্ধুসকল!!!

Prime Minister inaugurates the Rising Himachal: Global Investor's Meet 2019 in Dharamshala.

November 07th, 11:22 am

Addressing the gathering, Prime Minister said, he is happy to welcome all the Wealth Creators to this meet.

আমাৰ ‘এক্ট ইষ্ট পলিচি’ৰ বাবে উত্তৰ-পূৰ্বাঞ্চল অভিকেন্দৰস্বৰূপ, প্ৰধানমন্ত্ৰী মোদীয়ে এডভান্টেজ আছাম সন্মিলনত কয়

February 03rd, 02:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অঞ্চলটোত নিৰ্মাণক্ষেত্ৰত থকা সম্ভাৱনীয়তা তথা ভৌগোলিক অৱস্থিতিৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰি দেশৰ লগতে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰিবৰ বাবে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ উদ্বোধন কৰে।

এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 03rd, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিব ভাষণ

February 02nd, 06:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব।

PM extends best wishes to Global Investors' Summit 2017 in Jharkhand

February 16th, 12:24 pm

PM Narendra Modi has extended best wishes to the Global Investors' Summit 2017 in Jharkhand. Investment generated from Invest Jharkhand will create several opportunities for people of the state and give wings to their aspirations. Skills and determination of people of Jharkhand and proactive efforts of Jharkhand Government are bringing record development in the state., the PM said.