২৮ জানুৱাৰীত ওড়িশা আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

২৮ জানুৱাৰীত ওড়িশা আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 27th, 06:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰীত ওড়িশা আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত তেওঁ ভূৱনেশ্বৰৰ জনতা ময়দানত ‘উৎকৰ্ষ ওড়িশা – মে’ক ইন উৰিষ্যা কনক্লেভ ২০২৫’ উদ্বোধন কৰিব। তাৰ পিছত তেওঁ উত্তৰাখণ্ডৰ ডেৰাডুন ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত তেওঁ ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ উদ্বোধন কৰিব।