Gita Press is not just a printing press but a living faith: PM Modi
July 07th, 04:00 pm
PM Modi addressed the closing ceremony of the centenary celebrations of the historic Gita Press in Gorakhpur and released the Chitramaya Shiva Purana Granth. He said, Gita Press is not just a printing press but a living faith. PM Modi remarked that Gita Press is no less than a shrine for crores of people.উত্তৰ প্ৰদেশৰ গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 07th, 03:23 pm
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে পূণ্য শাওন মাহত আৰু ইন্দ্ৰদেৱৰ আশীৰ্বাদত তেওঁ শিৱ অৱতাৰ গুৰু গোৰখনাথৰ পূজাস্থলী আৰু বহু সন্তৰ কৰ্মক্ষেত্ৰ গোৰখপুৰৰ গীতা প্ৰেছত উপস্থিত থকাৰ সুযোগ পাইছে। গোৰখপুৰ ভ্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই উন্নয়ন আৰু ঐতিহ্যৰ হাতে হাতে যোৱাৰ এক আচৰিত নিদৰ্শন। গীতা প্ৰেছত কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুখনকৈ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিবলৈ গোৰখপুৰ ৰে’লৱে ষ্টেচনলৈ ৰাওনা হ’ব বুলি জনায়। তেওঁ লগতে উল্লেখ কৰে যে প্ৰস্তাৱিত ৰে’ল ষ্টেচনৰ ছবিয়ে নাগৰিকসকলৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে। বন্দে ভাৰত এক্সপ্ৰেছৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীৰ সুবিধাৰ স্তৰ উন্নীত হৈছে। যি সময়ত মন্ত্ৰীসকলে নিজৰ অঞ্চলত এখন ৰে’লৰ বাবে ষ্টপ যোগ কৰিবলৈ চিঠি লিখিবলগীয়া হৈছিল সেই সময়ৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মন্ত্ৰীসকলে বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিবলৈ চিঠি লিখিছে। “বন্দে ভাৰত ট্ৰেইনসমূহ এক উন্মাদনাত পৰিণত হৈছে”, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে আজিৰ প্ৰকল্পসমূহৰ বাবে গোৰখপুৰ আৰু ভাৰতবাসীক অভিনন্দন জ্ঞাপন কৰে।৭-৮ জুলাইত ৪খন ৰাজ্যক সামৰি ভ্ৰমণ আৰু প্ৰায় ৫০,০০০ কোটি টকা মূল্যৰ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
July 05th, 11:48 am
৭ জুলাইত ৰায়পুৰত পুৱা ১০-৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত দিনৰ ২-৩০ বজাত উত্তৰ প্ৰদেশৰ গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ গোৰখপুৰ ৰে’ল ষ্টেচনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ কৰিব। সন্ধিয়া ৫ বজাত বাৰাণসীত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব শ্ৰী মোদীয়ে। এই উপলক্ষে তেওঁ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।শতবৰ্ষ পূৰ্তিত গীতা প্ৰেছক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
May 03rd, 08:35 pm
গীতা প্ৰেছৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ আধ্যাত্মিক ঐতিহ্যক দেশ-বিদেশলৈ আগুৱাই লৈ যোৱাৰ প্ৰকাশকৰ ১০০ বছৰীয়া যাত্ৰাক অবিশ্বাস্য আৰু অবিস্মৰণীয় বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।